হৰিশংকৰ ব্ৰহ্ম (Harishankar Brahma; জন্ম: ১৯ এপ্ৰিল ১৯৫০) ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত পদত অধিষ্ঠিত প্ৰথমজন অসমীয়া। তেওঁ এগৰাকী অন্ধ্ৰপ্ৰদেশ কেডাৰৰ পৰা অৱসৰপ্ৰাপ্ত ১৯৭৫ বেটছৰ আই এ এছ বিষয়া।১ হৰিশংকৰ ব্ৰহ্মই ২০১১ চনৰ এপ্ৰিল মাহত কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ সচিব হিচাপে অৱসৰ গ্ৰহণ কৰে।২ ব্ৰহ্ম নিৰ্বাচন আয়োগত ২০১৫ চনৰ ১৬ জানুৱাৰীৰ পৰা ২০১৫ চনৰ ১৬ জানুৱাৰীত তেখেতে মুখ্য নিৰ্বাচন আয়ুক্ত ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে৩ আৰু ২০১৫ চনৰ ১৮ এপ্ৰিল পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰে। জে এম লিংডোৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ পৰা নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত হোৱা হৰিশংকৰ ব্ৰহ্ম দ্বিতীয় গৰাকী ব্যক্তি।১
প্ৰাথমিক জীৱন আৰু শিক্ষা
১৯৫০ চনৰ ১৯ এপ্ৰিলত অসমৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ বড়ো পৰিয়ালত জন্মগ্ৰহণ কৰা তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰি শ্বিলঙৰ ছেইণ্ট এডমাণ্ড কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। গুৱাহাটীৰ ডন বস্কো স্কুলৰ পৰাই স্কুলীয়া শিক্ষা কৰিছিল। ১৯৭৫ চনত তেওঁ অন্ধ্ৰ প্ৰদেশ কেডাৰৰ পৰা অহা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।৪৫৬
কৰ্মজীৱন
নিৰ্বাচন আয়ুক্তৰ পদৰ পূৰ্বে হৰিশংকৰ ব্ৰহ্মই ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উচ্চ পৰ্যায়ৰ পদত অধিষ্ঠিত হৈ আহিছে। শক্তি মন্ত্ৰালয়ৰ সচিব হিচাপে অৱসৰ লোৱাৰ পূৰ্বে শ্ৰী ব্ৰহ্মই চাৰি বছৰতকৈ অধিক সময় যুটীয়া সম্পাদক(সীমা ব্যৱস্থাপনা)ৰ দৰে পদত অধিষ্ঠিত হৈ ভাৰত-পাক – ভাৰত-বাংলাদেশ সীমান্তৰ প্ৰায় সকলো সীমান্ত বেৰিং আৰু অন্যান্য সীমান্ত আন্তঃগাঁথনিৰ কাম সম্পূৰ্ণ কৰিছিল। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (গৃহ পৰিক্ৰমা মন্ত্ৰালয়)ত বিশেষ সচিব আৰু অতিৰিক্ত সচিব হিচাপেও কাম কৰিছিল। তেওঁ অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক বিদ্যুৎ ব’ৰ্ডৰ সদস্য-সচিব হিচাপে কাম কৰিছিল আৰু লগতে তেওঁ কাম কৰিছিল:-
- ৪ বছৰৰ বাবে জিলা উপায়ুক্ত আৰু দণ্ডাধীশ;
- চাৰে তিনি বছৰ হায়দৰাবাদ পৌৰ নিগমৰ আয়ুক্ত;
- অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ আয়ুক্ত (পৰিবহণ) আৰু কাৰ্যনিৰ্বাহক সচিব (পৰিবহণ, পথ আৰু বিল্ডিং), অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ অধীনত আঢ়ৈ বছৰৰ বাবে;
- ৫ বছৰৰ বাবে আয়ুক্ত আৰু কাৰ্যনিৰ্বাহক সচিব (খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা); আৰু
- প্ৰধান সচিব (পৰিৱেশ, বন, বিজ্ঞান আৰু প্ৰযুক্তি), অন্ধ্ৰ প্ৰদেশ চৰকাৰ।৪
২০১০ চনৰ আগষ্ট মাহত তেওঁ নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰে। তেওঁ প্ৰতিখন ৰাজ্যতে দুটা লোকসভা নিৰ্বাচন (২০১৪) আৰু অন্ততঃ এটা ৰাউণ্ডৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ তদাৰক কৰিছে।৭
২০১২ চনৰ অসমৰ হিংসাত্মক ঘটনা সম্পৰ্কে অভিমত
২০১২ চনৰ ২৮ জুলাই তাৰিখে দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত প্ৰকাশিত এটা নিৱন্ধত ব্ৰহ্মই অসমত সংঘটিত সংঘৰ্ষৰ বাবে বাংলাদেশৰ পৰা হৈ থকা অনুপ্ৰৱেশক দোষাৰোপ কৰে।৮ ব্ৰহ্মই এইবুলিও উল্লেখ কৰিছিল যে, নিৰ্বাচন আয়োগৰ সম্মুখতো এই অনুপ্ৰৱেশ এক সমস্যা হিচাপে দেখা দিছে।
তেওঁ এইদৰে লিখিছিল-
আনকি ভাৰতৰ নিৰ্বাচন আয়োগও এই সমস্যাৰ পৰা মুক্ত নহয়। ই অসমৰ নিৰ্বাচনী তালিকা প্ৰস্তুত কৰাৰ সমান্তৰালকৈ প্ৰায় ১.৫ লাখ সংখ্যাৰ ডি-ভোটাৰ (সন্দেহজনক ভোটাৰ)ৰ সমস্যাটো মোকাবিলা কৰিব লাগিব। বিষয়টো হৈছে উপ-বিচাৰ। ইয়াৰ ফলত দেশৰ বাবেও অতি ভয়াৱহ নিৰাপত্তাজনিত ভাবুকিৰ সৃষ্টি হৈছে। বিভিন্ন আদালত আৰু ন্যায়াধিকৰণত পৰি থকা এই বিচাৰধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিষ্পত্তি কৰাটো বাঞ্ছনীয়। যিসকল লোকক এই ন্যায়াধিকৰণসমূহে অবৈধ প্ৰব্ৰজনকাৰী বুলি ধৰা পেলায় তেওঁলোকক বিতাড়িত কৰিব লাগে। দেশলৈ অবৈধ প্ৰব্ৰজনৰ এই মৌলিক সমস্যাটো সমাধান নোহোৱালৈকে সমস্যাটো সময়ে সময়ে আৰু ঠাইতে পুনৰাবৃত্তি হোৱাটো নিশ্চিত।"৯
তথ্যসূত্ৰ
- ↑ (15 January 2015). Hari Shankar Brahma is new Chief Election Commissioner. The Economic Times
- ↑ (1 May 2010). REC chief to be power secretary. The Times of India
- ↑ New Chief Election Commissioner of India
- ↑ Election Commission of India. eci.nic.in
- ↑ Jyoti Mukul. (21 January 2013). BS People: Hari Shankar Brahma, election commissioner. Business Standard
- ↑ (19 January 2015). The Assam Tribune Online. www.assamtribune.com
- ↑ Sriram, Jayant. (15 January 2015). Brahma to be new CEC. The Hindu
- ↑ Dasgupta, Swapan. (2012-08-03). Twist in the tale. Telegraphindia.com
- ↑ (2012-07-28). How to share Assam. Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰিশংকৰ ব্ৰহ্ম” প্ৰবন্ধৰ সংশোধন ৪৪৩১৬৯ (৭ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।