অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হৰিবংশ ৰায় বচ্চন

হৰিবংশ ৰায় শ্ৰীবাস্তব "বচ্চন" (২৭ নৱেম্বৰ, ১৯০৭ - ১৮ জানুৱাৰী, ২০০৩) আছিল হিন্দী ভাষাৰ এগৰাকী কবি আৰু লেখক। 'হালাবাদ'ৰ প্ৰৱৰ্তক বচ্চন হ'ল হিন্দী কবিতাৰ উত্তৰ ছায়াবাদ কালৰ মুখ্য কবিবোৰৰ ভিতৰত অন্যতম। মধুশালা হ'ল তেখেতৰ প্ৰসিদ্ধ কৃতি।

হালনাগাদ: ১৮ ডিচেম্বৰ ২০২৩ ৩৫৮ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

হৰিবংশ ৰায় শ্ৰীবাস্তব "বচ্চন" (২৭ নৱেম্বৰ, ১৯০৭ - ১৮ জানুৱাৰী, ২০০৩) আছিল হিন্দী ভাষাৰ এগৰাকী কবি আৰু লেখক। 'হালাবাদ'ৰ প্ৰৱৰ্তক বচ্চন হ'ল হিন্দী কবিতাৰ উত্তৰ ছায়াবাদ কালৰ মুখ্য কবিবোৰৰ ভিতৰত অন্যতম। মধুশালা হ'ল তেখেতৰ প্ৰসিদ্ধ কৃতি।১ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ প্ৰখ্যাত অভিনেতা অমিতাভ বচ্চন হ'ল তেখেতৰ পুত্ৰ। হৰিবংশ ৰায় বচ্চনে এলাহাবাদ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। পাছলৈ ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ত হিন্দী বিশেষজ্ঞ হিচাপে নিযুক্ত হয়। হৰিবংশ ৰায় বচ্চনে নিজকে এইদৰে পৰিচয় দিছিল {{cquote|মিট্টি কা তন, মস্তী কা মন, ক্ষণভৰ জীৱন, মেৰা পৰিচয়। (मिट्टी का तन, मस्ती का मन, क्षण भर जीवन, मेरा परिचय)'' (মাটিৰ মানুহ, আনন্দময় মন, খন্তেকৰ জীৱন, এয়াই মোৰ পৰিচয়। )১}}

জীৱন

১৯০৭ চনৰ ২৭ নৱেম্বৰত প্ৰয়াগৰাজৰ সংলগ্ন প্ৰতাপগড় জিলাৰ বাবুপট্টী নামে এখন সৰু গাঁৱৰ এটি কায়স্থ পৰিয়ালত তেখেতৰ জন্ম হৈছিল। এখেতৰ পিতৃৰ নাম আছিল প্ৰতাপ নাৰায়ণ শ্ৰীবাস্তব আৰু মাতৃৰ নাম আছিল সৰস্বতী দেৱী। এখেতক বাল্যকালত "বচ্চন" বুলি কৈছিল যাৰ অৰ্থ শিশু বা সন্তান। পাছলৈ এই নামেৰেই তেওঁ বিখ্যাত হৈ পৰে। এখেতে প্ৰথমে কায়স্থ পাঠশালাত উৰ্দু ভাষা শিক্ষা লয় যি সেইসময়ত আইনমতে নিজৰ কৰ্মজীৱনৰ প্ৰথম খোজ। তেখেতে প্ৰয়াগ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী ভাষাত এম.এ. ডিগ্ৰী আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে। ১৯২৬ চনত মাত্ৰ ১৯ বছৰ বয়সতে শ্যামা বচ্চনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। কিন্তু ১৯৩৬ চনত যক্ষ্মাৰোগত আক্ৰান্ত হৈ শ্যামা বচ্চনৰ মৃত্যু হয়। পাঁচবছৰ পিছত ১৯৪১ চনত তেখেতে তেজী সুৰীক বিয়া কৰায়। অমিতাভ আৰু অজিতাভ হ'ল তেজী বচ্চনৰ দুই পুত্ৰ। অমিতাভ বচ্চন বৰ্তমান এগৰাকী প্ৰসিদ্ধ অভিনেতা।

মুখ্য কৃতিত্বসমূহ

কবিতা সংগ্ৰহ

  • তেৰা হাৰ (1929)২,
  • মধুশালা (1935),
  • মধুবালা (1936),
  • মধুকলশ (1937),
  • নিশা নিমন্ত্ৰণ (1938),
  • একান্ত সংগীত (1939),
  • আকুল অন্তৰ (1943),
  • সতৰংগিনী (1945),
  • হলাহল (1946),
  • বংগাল কী কাব্য (1946),
  • খাদী কে ফুল (1948),
  • সুত কী মালা (1948),
  • মিলন য়ামিনী (1950),
  • প্ৰণয় পত্ৰিকা (1955),
  • ধাৰ কে ইধৰ উধৰ (1957),
  • আৰতী ঔৰ অংগাৰে (1958),
  • বুদ্ধ ঔৰ নাচঘৰ (1958),
  • ত্ৰিভংগিমা (1961),
  • চাৰ খেমে চৌষঠ খুংতে (1962),
  • দো চট্টানে (1965),
  • বহুত দিন বীতে (1967),
  • কটতী প্ৰতিমাও কী আৱাজ (1968),
  • উভৰতে প্ৰতিমানো কে ৰূপ (1969),
  • জাল সমেটা(1973)

আত্মকথা

  • ক্যা ভুলু ক্যা য়াদ কৰু (1969),
  • নীড় কা নিৰ্মাণ ফিৰ (1970),
  • বসেৰে সে দুৰ(1977),
  • দশদ্বাৰ সে সোপান তক (1985)

বিবিধ

  • বচপন কে সাথ ক্ষণ ভৰ (1934),
  • খ্যাম কী মধুশালা (1938),
  • সোপান (1953),
  • মৈকবেথ (1957),
  • জনগীতা(1958),
  • ওথেলো (1959),
  • ওমৰ খ্যাম কী ৰুবাইয়া (1959),
  • কবিয়ো কে সৌম্য সন্ত: পন্ত (1960),
  • আজ কে লোকপ্ৰিয় হিন্দী কবি: সুমিত্ৰানন্দন পন্ত(1960),
  • আধুনিক কবি (1961),
  • নেহৰু: ৰাজনৈতিক জীৱনচিত্ৰ (1961),
  • নয়ে পুৰানে ঝৰোখে (1962),
  • অভিনৱ সোপান (1964)
  • চৌসঠ ৰুছী কবিতায়ে (1964)
  • নাগৰ গীত(1966),
  • চতপন কে লোকপ্ৰিয় গীত (1967),
  • W.B. Yeats and Occultism(1968),
  • মৰকট দ্বীপ কা স্বৰ (1968),
  • হেমলেট (1969),
  • ভাষা অপনী ভাৱ পৰায়ে (1970),
  • পন্ত কে চো পত্ৰ (1970),
  • প্ৰৱাল কী ডায়ৰী (1971),
  • কিং লিয়ৰ (1972),
  • টুটী ছুটী কঢ়িয়া (1973),
  • মেৰী কবিতাই কী আধী সদী (1981),
  • সোহং হংস (1981),
  • আঠৱে দশক কী প্ৰতিনিধী শ্ৰেষ্ঠ কবিতায়ে (1982),
  • মেৰী শ্ৰেষ্ঠ কবিতায়ে (1984),
  • আ ৰহী ৰৱী কী সৱাৰী

পুৰস্কাৰ/সন্মান

১৯৬৮ চনত তেখেতে দো চট্টানে নামৰ হিন্দী কবিতাটোৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৭৬ চনত সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত হৰিবংশ ৰায় বচ্চন ভাৰত চৰকাৰৰ দ্বাৰা পদ্মভূষণৰে সন্মানিত হয়। বিৰলা ফাউণ্ডেশ্যনে তেওঁৰ আত্মকথা বাবে তেখেতক সৰস্বতী সন্মান প্ৰদান কৰিছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Harivanshrai Bachchan, 1907–2003 Obituary, Frontline, (দ্য হিন্দু), 1–14 February 2003
  2. ↑ हिन्दी के गौरव:हरिवंश बच्चन, हिन्दी भवन की वेबसाइट पर (टिप्पणी: यहाँ स्पष्ट रूप से नहीं लिखा कि यह 'तेरा हार नामक रचना 1929 में छपी थी किन्तु यह पहली रचना थी और रचना-यात्रा की शुरूआत 1929 में हुई लिखित है अतः यह माना जा सकता है कि इस रचना का प्रकाशन 1929 में हुआ)।

সম্পৰ্কিত শ্ৰেণী

হিন্দী কবিপদ্মভূষণ বঁটা বিজয়ীহিন্দী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীসৰস্বতী সন্মান বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰিবংশ ৰায় বচ্চন” প্ৰবন্ধৰ সংশোধন ৩৯৮০৫৬ (১৮ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।