বঙালী ভাষাৰ চলচ্চিত্ৰ পৰিচালক
১৮ প্ৰবন্ধ
-
প্ৰমথেশ চন্দ্ৰ বৰুৱা
প্ৰমথেশ চন্দ্ৰ বৰুৱা আছিল অসমৰ গৌৰীপুৰত জন্মলাভ কৰা প্ৰাক্-স্বাধীনতা যুগৰ এজন উল্লেখযোগ্য অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্য-লেখক। বাংলা আৰু হিন্দী চলচ্চিত্ৰত তেখেতে শিল্প-কাৰিকৰি উদ্ভাৱন, বিশেষকৈ ‘‘দেৱদাস’’ৰ চলচ্চিত্ৰায়ন আৰু নতুন কেমেৰা-কৌশল প্ৰয়োগৰ জৰিয়তে ভাৰতীয় চলচ্চিত্ৰ ইতিহাসত…
-
সত্যজিৎ ৰায়
সত্যজিৎ ৰায় (২ মে’ ১৯২১-২৩ এপ্ৰিল ১৯৯২) এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। তেখেতক বিংশ শতিকাৰ এজন উল্লেখযোগ্য চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়। কলিকতাৰ (এতিয়াৰ কলকাতা) কলা আৰু সাহিত্যৰ ক্ষেত্ৰত সুনাম থকা এক পৰিয়ালত সত্যজিৎ ৰায়ৰ জন্ম হৈছিল। ৰায়ে বাণিজ্যিক শিল্পীৰূপে জীৱিকা আৰম্ভ কৰিছিল।
-
মৃণাল সেন
মৃণাল সেন (Mrinal Sen) আছিল এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। তেওঁ ৰাজ্যসভাৰ মনোনীত সদস্য আছিল। সত্যজিত ৰায়ৰ লগতে মৃণাল সেনকো সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়।
-
অপৰ্ণা সেন
অপৰ্ণা সেন (Aparna Sen; বিবাহৰ পূৰ্বে অপৰ্ণা দাসগুপ্ত; জন্ম:২৫ অক্টোবৰ, ১৯৪৫) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালিকা আৰু অভিনেত্ৰী, যি বঙালী চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত। তেওঁ নটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পোৱাৰ উপৰিও ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান লাভ কৰিছে।
-
ঋতুপৰ্ণ ঘোষ
ঋতুপৰ্ণ ঘোষ (Rituparno Ghosh; ৩১ আগষ্ট ১৯৬৩ – ৩০ মে' ২০১৩) আছিল ভাৰতৰ এক চলচ্চিত্ৰ পৰিচালক, অভিনেতা, লেখক আৰু গীতিকাৰ। ঋতুপূৰ্ণ ঘোষৰ জন্ম হয় ৩১ আগষ্ট ১৯৬৩ চনত কলকাতাত। ১২খন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগতে বহুত আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ অৰ্জন কৰা ঋতুপৰ্ণ ঘোষৰ জীৱন ইমান সহজ নাছিল।
-
তপন সিনহা
তপন সিনহা (Tapan Sinha; ২ অক্টোবৰ ১৯২৪ – ১৫ জানুৱাৰী ২০০৯) তেওঁৰ সময়ৰ অন্যতম বিশিষ্ট ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আছিল আৰু সত্যজিৎ ৰায়, ঋত্বিক ঘটক আৰু মৃণাল সেনৰ সৈতে এটা কিংবদন্তি চতুৰ্ভূজ গঠন কৰিছিল। তেওঁ মূলতঃ বঙালী চলচ্চিত্ৰৰ পৰিচালক আছিল যদিও তেওঁ হিন্দী ভাষাতো ছবি নিৰ্মাণ কৰিছিল।
-
হৃষিকেশ মুখাৰ্জী
হৃষিকেশ মুখাৰ্জী (( Hrishikesh Mukherjee; ৩০ ছেপ্টেম্বৰ ১৯২২ – ২৭ আগষ্ট ২০০৬) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, সম্পাদক আৰু লেখক। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়।
-
বাসু চেটাৰ্জী
বাসু চেটাৰ্জী (১০ জানুৱাৰী, ১৯৩০ - ৪ জুন, ২০২০) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ। চিত্ৰনিৰ্মাতা হৃষিকেশ মুখাৰ্জী আৰু বাসু ভট্টাচাৰ্যৰ দৰে বাসু চেটাৰ্জীও আছিল ১৯৭০ৰ পৰা ১৯৮০ৰ দশকৰ মধ্যম চিনেমা বা মধ্যম ৰাস্তাৰ চিনেমাৰ অগ্ৰদূত।
-
অৰুন্ধতী দেৱী
অৰুন্ধতী দেৱী (Arundhati Devi; ২৯ এপ্ৰিল ১৯২৪-১ জানুৱাৰী ১৯৯০; জন্ম: গুহা ঠাকুৰতা) এগৰাকী ভাৰতীয় অভিনেত্ৰী, পৰিচালক, লেখিকা আৰু কণ্ঠশিল্পী আছিল, যি অৰুন্ধতী মুখোপধ্যায় নামেৰেও জনাজাত। তেওঁ মূলতঃ বঙালী চলচ্চিত্ৰলৈ অৱদান আগবঢ়াইছে। অৰুন্ধতী মুখাৰ্জী বা মুখোপাধ্যায় নামেৰেও জনাজাত।
-
গৌতম ঘোষ
গৌতম ঘোষ (Goutam Ghose); জন্ম ২৪ জুলাই ১৯৫০) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেতা, সংগীত পৰিচালক আৰু চিনেমাটোগ্ৰাফাৰ যিজনে মূলতঃ বাংলা ভাষাৰ চিনেমাত কাম কৰে। ১৯৯৭ চনত ইটালীৰ "ভিটৰিঅ' ডি চিকা" বঁটা লাভ কৰা তেওঁ একমাত্ৰ ভাৰতীয়।
-
প্ৰভাত মুখাৰ্জী
প্ৰভাত মুখাৰ্জী (Prabhat Mukherjee, ১৯১৭-১৯৯৭) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেতা আৰু গ্ৰন্থ ৰচয়িতা আছিল। তেওঁ বঙালী, অসমীয়া, উৰিয়া আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত কাম কৰিছে। মুখাৰ্জীৰ কৰ্মজীৱনৰ আৰম্ভণি আকাশবাণী যোগে। ১৯৫০ত বঙালী চলচ্চিত্ৰত অভিনয় আৰম্ভ কৰে। ১৯৫৬ত প্ৰথম ছবি মা পৰিচালনা কৰিছিল।
-
অসিত সেন (পৰিচালক)
অসিত সেন (Asit Sen; ২৪ চেপ্তেম্বৰ ১৯২২-২৫ আগষ্ট ২০০১) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু চিত্ৰনাট্য লেখক। তেওঁৰ বৰ্তমানৰ বাংলাদেশৰ আৰু তাহানিৰ ব্ৰিটিছ ভাৰতৰ পূৰ্ব বংগৰ ঢাকাত জন্ম হৈছিল। তেওঁ অসমীয়া, বঙালী আৰু হিন্দী ভাষাৰ মুঠ ১৭খন ছবি পৰিচালনা কৰিছে।
-
ধীৰেন্দ্ৰ নাথ গাংগুলী
ধীৰেন্দ্ৰ নাথ গাংগুলী ( Dhirendra Nath Ganguly; ২৬ মাৰ্চ ১৮৯৩ – ১৮ নৱেম্বৰ ১৯৭৮) এজন দাদাচাহেব ফাল্কে বঁটা বিজয়ী আৰু পদ্মভূষণ লাভ কৰা চলচ্চিত্ৰ উদ্যোগী আৰু বঙালী চলচ্চিত্ৰৰ অভিনেতা, পৰিচালক। ধীৰেণ গাংগুলী বা ডি.জি. নামেৰে তেওঁ অধিক পৰিচিত আছিল।
-
দেৱ কুমাৰ বসু
দেৱ কুমাৰ বসু (Deb Kumar Bose) এগৰাকী বঙালীভাষী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। তেওঁ অসমীয়া ছবিৰ উপৰিও মণিপুৰী ছবি মাতামগি মণিপুৰ পৰিচালনা কৰিছিল। তেওঁৰ পিতৃ আছিল বিখ্যাত চলচ্চিত্ৰ পৰিচালক দেৱকী বসু। অমৰ পাঠকে পৰিচালনা কৰা সংগ্ৰাম (১৯৬৮) ছবিৰ যোগেদি অসমীয়া ছবিৰ সৈতে বসুৰ সম্পৰ্ক ঘটে।
-
নিতিন বসু
নিতিন বসু (: Nitin Bose; ২৬ এপ্ৰিল ১৮৯৭-১৪ এপ্ৰিল ১৯৮৬) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু চিত্ৰনাট্যকাৰ। তেওঁৰ জন্ম কলিকতাত আৰু মৃত্যুও একেখন চহৰতে হয়। ১৯৩০ৰ দশক আৰু ১৯৪০ দশকৰ প্ৰথমৰ ফালে বঙালী আৰু হিন্দী দুয়োটা ভাষাতে ছবি নিৰ্মাণ কৰা নিউ থিয়েটাৰৰ সৈতে কাম কৰিছিল।
-
পূৰ্ণেন্দু পত্ৰী
পূৰ্ণেন্দুশেখৰ পত্ৰী (২ ফেব্ৰুৱাৰী ১৯৩১ – ১৯ মাৰ্চ ১৯৯৭) বেছি পৰিচিত পূৰ্নেন্দু পত্ৰী নামেৰে; তেওঁৰ ছদ্মনাম সমুদ্ৰগুপ্ত। এজন বিশিষ্ট ভাৰতীয় বাঙালী কবি, ঔপন্যাসিক, প্ৰাবন্ধিক, শিশু সাহিত্যিক, সাহিত্য গৱেষক, কলিকতাৰ গৱেষক, বোলছবি পৰিচালক আৰু প্ৰচ্ছদশিল্পী।
-
ব্ৰাত্য বসু
ব্ৰাত্যব্ৰত বসু ৰায়চৌধুৰী (Bratya Basu; জন্ম: ২৫ ছেপ্টেম্বৰ ১৯৬৯) এজন ভাৰতীয় বাঙালী নাট্যকাৰ, নাট পৰিচালক, কবি, প্ৰাবন্ধিক, ঔপন্যাসিক, অনুবাদক, সম্পাদক, অভিনেতা আৰু ৰাজনীতিবিদ। বৰ্তমান তেওঁ পশ্চিম বংগৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ মন্ত্ৰী।
-
হীৰালাল সেন
হীৰালাল সেনক (Hiralal Sen; ২ আগষ্ট ১৮৬৮-২৬ অক্টোবৰ ১৯১৭) সাধাৰণতে ভাৰতীয় চলচ্চিত্ৰৰ প্ৰাৰম্ভিক কালৰ অন্যতম চলচ্চিত্ৰ নিৰ্মাতা বুলি গণ্য কৰা হয়। ১৯০৩ চনত তেওঁ প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ, জনপ্ৰিয় আলিবাবা আৰু চল্লিশ চোৰৰ চিত্ৰায়ণ কৰিছিল। তেওঁ আছিল এজন উল্লেখনীয় ফটোগ্ৰাফাৰ।