অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভি শান্তাৰাম

শান্তাৰাম ৰাজাৰাম ৱনকুদ্ৰে (( Shantaram Rajaram Vankudre; ১৮ নৱেম্বৰ ১৯০১ – ৩০ অক্টোবৰ ১৯৯০) হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰৰ বাবে পৰিচিত এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা। তেওঁক ভি শান্তাৰাম বা শান্তাৰাম বাপু বুলিও কোৱা হয়।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৬ ৫৯৯ শব্দ · ৩ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

শান্তাৰাম ৰাজাৰাম ৱনকুদ্ৰে (( Shantaram Rajaram Vankudre; ১৮ নৱেম্বৰ ১৯০১ – ৩০ অক্টোবৰ ১৯৯০) হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰৰ বাবে পৰিচিত এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা। তেওঁক ভি শান্তাৰাম বা শান্তাৰাম বাপু বুলিও কোৱা হয়।১ ড° কোটনিছ কি অমৰ কহানী (১৯৪৬), অমৰ ভূপালী (১৯৫১), ঝনক ঝনক পায়ল বাজে (১৯৫৫), দো আঁখেঁ বাৰহ হাথ (১৯৫৭), নৱৰং (১৯৫৯), দুনিয়া না মানে (১৯৩৭, পিঞ্জৰা (১৯৭২), চানী, ইয়ে মাৰাঠিচে নাগৰী আৰু জুঞ্জ শান্তাৰাম পৰিচালিত প্ৰখ্যাত ছবি।

কৰ্মজীৱন

শান্তাৰামৰ স্মৃতিত প্ৰকাশিত ডাকটিকট, ২০০১
শান্তাৰামৰ স্মৃতিত প্ৰকাশিত ডাকটিকট, ২০০১ছবি: India Post, Government of India · GODL-India

ভি শান্তাৰামে কোলহাপুৰৰ বাবুৰাও পেইণ্টাৰৰ মালিকানাধীন মহাৰাষ্ট্ৰ ফিল্ম কোম্পানীত সৰু-সুৰা কাম কৰি নিজৰ চলচ্চিত্ৰীয় কৰ্মজীৱন আৰম্ভ কৰিছিল।২ ১৯২১ চনত তেওঁ নিৰ্বাক চলচ্চিত্ৰ সুৰেখা হৰণত অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে।৩

আন্নাচাহেব (अण्णासाहेब) নামেৰে মৰমেৰে অন্যলোকে সম্বোধন কৰা শান্তাৰাম প্ৰায় সাত দশক ধৰি চলচ্চিত্ৰ নিৰ্মানৰ সৈতে জড়িত আছিল। সামাজিক পৰিৱৰ্তনৰ আহিলা হিচাপে চলচ্চিত্ৰ মাধ্যমৰ কাৰ্যকাৰিতা উপলব্ধি কৰা প্ৰাৰম্ভিক চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ভিতৰত তেওঁ অন্যতম। এফালে মানৱতাবাদৰ পোষকতা আৰু আনফালে কুসংস্কাৰ আৰু অন্যায়ক উদঙাই দিয়াৰ বাবে তেওঁ এই মাধ্যমটোক সফলতাৰে ব্যৱহাৰ কৰিছিল। ভি শান্তাৰাম আছিল সংগীতৰ প্ৰতি অতি আগ্ৰহী। কোৱা হয় যে তেওঁ বহু সংগীত পৰিচালকৰ বাবে অন্য প্ৰসিদ্ধ ব্যক্তিৰ নামেৰে(ghost-writer) গীত লিখিছিল, আৰু সংগীত ৰচনাত সক্ৰিয় অংশ লৈছিল। ভি শান্তাৰামৰ ছবিৰ কিছুমান গীত তেওঁৰ অনুমোদন পোৱাৰ আগতে কেইবাবাৰো আখৰা কৰিবলগীয়া হৈছিল।৪ তেওঁৰ মাৰাঠী ছবি মানুসৰ বাবে চাৰ্লি চেপলিনেও তেওঁক প্ৰশংসা কৰিছিল। চেপলিনে ছবিখন বহুত ভাল পাইছিল বুলি কোৱা হয়।৫

নেতাজী পালকাৰ (১৯২৭) তেওঁ পৰিচালনা কৰা প্ৰথম ছবি।৬ ১৯২৯ চনত বিষ্ণুপন্ত দামলে, কে.আৰ. ধাইবাৰ, এছ ফটেলাল আৰু এছ.বি. কুলকাৰ্ণীৰ সৈতে তেওঁ ‘প্ৰভাত ফিল্ম কোম্পানী’ প্ৰতিষ্ঠা কৰে। এই প্ৰতিষ্ঠানৰ পৰা নিৰ্মিত প্ৰথম ছবিখন আছিল ১৯৩২ চনত মুক্তি পোৱা আৰু তেৱেঁ পৰিচালনা কৰা মাৰাঠী ছবি অযোধ্যেছা ৰাজা।৭ মুম্বাইত "ৰাজকমল কালামন্দিৰ" প্ৰতিষ্ঠা কৰিবলৈ ১৯৪২ চনত তেওঁ প্ৰভাত ফিল্ম কোম্পানী এৰে।৮ সময়ত ‘ৰাজকমল’ দেশৰ অন্যতম অত্যাধুনিক ষ্টুডিঅ'ত পৰিণত হয়।৯

শান্তাৰামে ১৯৬৪ চনৰ গীত গায়া পাত্থৰোনে ছবিত কন্যা ৰাজশ্ৰী (দ্বিতীয় পত্নী জয়শ্ৰীৰ ফালৰ) আৰু জীতেন্দ্ৰক পৰিচয় কৰাই দিছিল। ১৯৭৫ চনত পুত্ৰ কিৰণ শান্তাৰামৰ পৰিচালনাত নিৰ্মিত চন্দনাচি চোলি আং আং জালিৰ জৰিয়তে তৃতীয় পত্নী সন্ধ্যাৰ ভতিজী ৰঞ্জনা দেশমুখক মাৰাঠী চলচ্চিত্ৰ জগতত পৰিচয় কৰাই দিয়ে। ৭০ আৰু ৮০ৰ দশকত ৰঞ্জনাই মাৰাঠী ৰূপালী পৰ্দাত আধিপত্য বিস্তাৰ কৰিছিল।

ব্যক্তিগত জীৱন

১৯০১ চনত কোলহাপুৰত এটা মাৰাঠী জৈন পৰিয়ালত শান্তৰামৰ জন্ম হৈছিল।১০ ১৯২১ চনত ২০ বছৰ বয়সত তেওঁ ১২ বছৰীয়া বিমলাবাইক বিয়া কৰায়। বিমলাবাইৰ সৈতে তেওঁ চাৰিটা সন্তান আছিল- প্ৰভাত কুমাৰ (যাৰ নামেৰে শান্তাৰামে নিজৰ চলচ্চিত্ৰ কোম্পানীৰ নাম দিছিল) আৰু কন্যা সৰোজ, মধুৰা আৰু চাৰুশীলা। ডাঙৰ কন্যা সৰোজৰ বিয়া পাৰ্চী ভদ্ৰলোক ছলি ইঞ্জিনিয়াৰৰ সৈতে ডাঙৰ কন্যা সৰোজৰ বিয়া হয়। শান্তাৰামৰ দ্বিতীয় কন্যা মধুৰা পণ্ডিত যশৰাজৰ পত্নী আৰু সংগীত পৰিচালক শাৰংগ দেৱ পণ্ডিত আৰু টিভি ব্যক্তিত্ব দুৰ্গা জশৰাজৰ মাতৃ।১১ শান্তাৰামৰ তৃতীয় কন্যা চাৰুশীলা হিন্দী আৰু মাৰাঠী অভিনেতা সুশান্ত ৰায় অৰ্থাৎ সিদ্ধাৰ্থ সত্যজিতৰ মাতৃ।

১৯৪১ চনত শান্তাৰামে শকুন্তলা (১৯৪২) আদি কেইবাখনো ছবিত একেলগে কাম কৰা অভিনেত্ৰী জয়শ্ৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। জয়শ্ৰীৰ সৈতে তেওঁৰ তিনিটা সন্তান- পুত্ৰ, মাৰাঠী চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক কিৰণ শান্তাৰাম,১২ ১৩ আৰু দুগৰাকী কন্যা অভিনেত্ৰী ৰাজশ্ৰী আৰু তেজশ্ৰী।

বঁটা

  • ১৯৫৫: ৩য় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ অল ইণ্ডিয়া চাৰ্টিফিকেট অফ মেৰিট- ঝনক ঝনক পায়ল বাজে১৪
  • ১৯৫৫: শ্ৰেষ্ঠ হিন্দী পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ চিলভাৰ পদক- ঝনক ঝনক পায়ল বাজে ১৪
  • ১৯৫৭: ৫ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ সোণৰ পদক- দো আঁখেঁ বাৰহ হাথ ১৫
  • ১৯৫৭: শ্ৰেষ্ঠ হিন্দী পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক- দো আঁখেঁ বাৰহ হাথ ১৫
  • ১৯৫৭: শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা – ঝনক ঝনক পায়ল বাজে
  • ১৯৫৮: ৮ম বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱ, OCIC বঁটা- ঝনক ঝনক পায়ল বাজে১৬১৭
  • ১৯৫৮: ৮ম বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱ, চিলভাৰ বিয়েৰ (বিশেষ বঁটা)- ঝনক ঝনক পায়ল বাজে১৬১৭
  • ১৯৫৯: ১৬তম গোল্ডেন গ্লোৱ বঁটা, চেমুৱেল গোল্ডৱিন চলচ্চিত্ৰ বঁটা- দো আঁখেঁ বাৰহ হাথ ১৮১৯২০
  • ১৯৮৫: দাদাচাহেব ফাল্কে বঁটা
  • ১৯৯২: পদ্মবিভূষণ (মৰণোত্তৰভাবে)

জীৱনী

  • Shantaram, Kiran & Narwekar, Sanjit; V Shantaram: The Legacy of the Royal Lotus, 2003, Rupa & Co., .
  • Banerjee, Shampa; Profiles, five film-makers from India: V. Shantaram, Raj Kapoor, Mrinal Sen, Guru Dutt, Ritwik Ghatak Directorate of Film Festivals, National Film Development Corp, 1985.

বঁটা আৰু স্বীকৃতি

স্বীকৃতি

  • ২০১৭ – ১১৬তম জন্মদিন উপলক্ষে ১৮ নৱেম্বৰ ২০১৭-ত গুগল-ডুডলেৰে শান্তাৰামলৈ শ্ৰদ্ধা নিবেদন২১২২
  • ১৯৫২ – কান চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতাত অমৰ ভূপালীৰ অংশগ্ৰহণ২৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Tilak, Shrinivas. (2006). Understanding Karma: In Light of Paul Ricoeur's Philosophical Anthropology and Hemeneutics. International Centre for Cultural Studies. পৃ. 306. ISBN 978-81-87420-20-0
  2. ↑ Biography – The V. Shantaram Centennial Collection
  3. ↑ Remembering the Pioneer screenindia
  4. ↑ Narwekar, Kiran Shantaram with Sanjit. (2003). V. Shantaram, the legacy of the Royal Lotus. Rupa & Co. ISBN 978-81-291-0218-8
  5. ↑ Charlie Chaplin saluted V. Shantaram . In.movies.yahoo.com (18 November 2013). Retrieved on 2018-11-20
  6. ↑ Lal, S. (1 January 2008). 50 Magnificent Indians Of The 20Th Century. Jaico Publishing House. পৃ. 274–. ISBN 978-81-7992-698-7
  7. ↑ A navrang of Shantaram's films – Retrospective দ্য হিন্দু, 2 May 2002
  8. ↑ Founders Prabhat Film Company
  9. ↑ Well ahead of his times দ্য হিন্দু, 30 November 2001
  10. ↑ Lyden, John. (2009). The Routledge Companion to Religion and Film. Taylor & Francis. পৃ. 148–. ISBN 978-0-415-44853-6
  11. ↑ Jai ho! Jasraj. The Hindu. 8 October 2007
  12. ↑ Gavankar, Nilu N. (26 July 2011). The Desai Trio and the Movie Industry of India. AuthorHouse. পৃ. 139. ISBN 978-1-4685-9981-7
  13. ↑ Mishra, Ambarish. (28 September 2006). 50 years of a Shantaram classic. The Times of India
  14. ↑ 3rd National Film Awards. Directorate of Film Festivals
  15. ↑ 5th National Film Awards. Directorate of Film Festivals
  16. ↑ Awards for Do Aankhen Barah Haath ইণ্টাৰনেট মুভি ডাটাবেছ
  17. ↑ Berlin Film Festival: Prize Winners. berlinale.de
  18. ↑ [https://www.imdb.com/title/tt0050322/awards
  19. ↑ আৰ্কাইভ কপি
  20. ↑ www.goldenglobes.com/film/do-ankhen-barah-haath-
  21. ↑ V. Shantaram's 116th Birthday. www.google.com
  22. ↑ V. Shantaram Google Doodle | Biography of V. Shantaram. YouTube (17 November 2017). Retrieved on 2018-11-20
  23. ↑ Awards for Amar Bhoopali (1951). ইণ্টাৰনেট মুভি ডাটাবেছ

সম্পৰ্কিত শ্ৰেণী

হিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালকচলচ্চিত্ৰ প্ৰযোজকচিত্ৰনাট্য লেখকনিৰ্বাক চলচ্চিত্ৰৰ অভিনেতাহিন্দী চলচ্চিত্ৰৰ অভিনেতাপদ্মবিভূষণ বঁটা বিজয়ীদাদাচাহেব ফাল্কে বঁটা বিজয়ীমাৰাঠী ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভি শান্তাৰাম” প্ৰবন্ধৰ সংশোধন ৫৭৪৫৬৮ (৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।