অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ষ্ট্ৰবেৰী

ষ্ট্ৰবেৰি Strawberry সৰু গুল্মজাতীয় উদ্ভিদ। ইয়াৰ উচ্চতা এফুটমান হ’ব। ফুলবোৰ সৰু,বগা ৰঙৰ। ই উভয়লিংগী(Hermaphrodite) অৰ্থাৎ একেজোপা গছতে মতা আৰু মাইকী ফুল পৃথকে পৃথকে থাকে। ফলবোৰ কেঁচা অৱস্থাত ঈষৎ সেউজীয়া আৰু পকিলে উজ্জ্বল ৰঙা বৰণ ধৰে। কেঁচা ফলৰ সোৱাদ টেঙা,কিন্তু পকিলে মিঠা হয়।

হালনাগাদ: ১১ জুন ২০২০ ৬১৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ষ্ট্ৰবেৰি Strawberry সৰু গুল্মজাতীয় উদ্ভিদ।১ ইয়াৰ উচ্চতা এফুটমান হ’ব। ফুলবোৰ সৰু,বগা ৰঙৰ। ই উভয়লিংগী(Hermaphrodite) অৰ্থাৎ একেজোপা গছতে মতা আৰু মাইকী ফুল পৃথকে পৃথকে থাকে। ফলবোৰ কেঁচা অৱস্থাত ঈষৎ সেউজীয়া আৰু পকিলে উজ্জ্বল ৰঙা বৰণ ধৰে। কেঁচা ফলৰ সোৱাদ টেঙা,কিন্তু পকিলে মিঠা হয়। টেঙা-মিঠা সোৱাদৰ সৰু চানেকীয়া,দেখিলেই খাবলৈ মন যোৱা ষ্ট্ৰবেৰিৰ জনপ্ৰিয়তাৰ মূল কাৰণ হ’ল ইয়াৰ উজ্জ্বল ৰঙা ৰং,ৰসাল আৰু মঙহাল শাহ,লগতে সুগন্ধি,মধুৰ সোৱাদ। ষ্ট্ৰবেৰিক স্কোৱাছ,মিল্ক শ্বেক,আইছক্ৰিম আৰু চকলেটতো উপকৰণ হিচাপে ব্যৱহাৰ কৰা হয়।১

ষ্ট্ৰবেৰিৰ প্ৰকাৰ

ষ্ট্ৰবেৰি দুই প্ৰকাৰৰ – এবিধ বনৰীয়া আৰু আনবিধ বৰ্ণসংকৰ উন্নত জাত। এইবোৰ জাতক গাৰ্ডেন ষ্ট্ৰবেৰি বোলা হয়। আমি সাধাৰণতে দেখা পোৱা এই গাৰ্ডেন ষ্ট্ৰবেৰিৰ খেতি ১৮ শতিকাত ফ্ৰান্সত পোন প্ৰাথমবাৰৰ বাবে কৰা হৈছিল। ইয়াৰ পূৰ্বে মানুহে বনৰীয়া জাতৰ ষ্ট্ৰবেৰিক কেৱল বনৌষধ হিচাপে ব্যৱহাৰ কৰিছিল। লাহে লাহে ষ্ট্ৰবেৰিৰ বিষয়ে গৱেষণা আৰম্ভ হয় আৰু ১৭৫০ চনত পোন প্ৰথমবাৰৰ বাবে ষ্ট্ৰবেৰিৰ উন্নত বৰ্ণসংকৰ জাত উদ্ভাৱন হয়। উত্তৰ আমেৰিকাৰপৰা সংগৃহীত Fragaria virginiana আৰু ছিলিৰ Fragaria chiloensis নামৰ দুবিধ জাতৰ মাজত সংযোজন ঘটাই ফ্ৰান্সৰ ব্ৰিটানিত গাৰ্ডেন ষ্ট্ৰবেৰিৰ বৰ্ণসংকৰ জাত উদ্ভাৱন কৰা হয়,আৰু তেতিয়াৰ পৰাই ষ্ট্ৰবেৰিৰ নতুন অধ্যায় আৰম্ভ হয়।১

Harvest
Harvestছবি: ANKAWÜ · CC BY-SA 3.0

ষ্ট্ৰবেৰিৰ উৎপাদন স্থলী

বৰ্তমান ষ্ট্ৰবেৰি উৎপাদন কৰা বিশ্বৰ মুখ্য দেশ হল – আমেৰিকা যুক্তৰাষ্ট্ৰ,ইয়াৰ পাছতে তুৰ্কী,স্পেইন,ইজিপ্ট,দক্ষিণ কোৰিয়া,মেক্সিকো,জাপান,পোলেণ্ড,জাৰ্মেনি,ৰাছিয়া,ইটালি আৰু মৰক্কোৰ স্থান। ভাৰতবৰ্ষতো ষ্ট্ৰবেৰি কিছু পৰিমাণে কৰা হয়। বিশেষকৈ পাহাৰীয়া আৰু ঠাণ্ডা অঞ্চল বিশেষত ইয়াৰ খেতি ব্যৱসায়িক ভিত্তিত কৰা হয়। নাইনিতাল,ডেৰাডুন(উত্তৰ প্ৰদেশ),মহাবালেশ্বৰ(মহাৰাষ্ট্ৰ),কাস্মীৰ উপত্যকা,বেংগালুৰু আৰু কালিম্পঙত(পশ্চিমবংগ) ত এই খেতি বিস্তৃতভাৱে কৰা হয়। অৱশ্যে বৰ্তমান পুনে,নাচিক আৰু চাংগলীৰ সমতল ভূমিতো ষ্ট্ৰবেৰিৰ খেতি কৰা হয়। আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত কিছু ষ্ট্ৰবেৰিৰ বাগান দেখা যায়। তথ্যমতে মেঘালয়ে ভাৰতবৰ্ষৰ ষ্ট্ৰবেৰি উৎপাদন কৰা ৰাজ্যৰ ভিতৰত ষষ্ঠ স্থান দখল কৰিছে।১

Strawberry charlotte (Charlotte aux fraises)
Strawberry charlotte (Charlotte aux fraises)ছবি: Antoinel · CC BY-SA 3.0

ষ্ট্ৰবেৰিৰ কৃষি পদ্ধতি

ষ্ট্ৰবেৰিৰ বাবে মাটিৰ অম্লতা ৫.৭ – ৬.৫ হোৱা উচিত। এনে জোখৰ অম্লতাত ইয়াৰ শিপাৰ গঠন ভাল হয়। মাটিডৰা ভালদৰে চহাই যথেষ্ট পৰিমাণে গোবৰ বা পচনসাৰ দিব লাগে। অৱশ্যে অনুমোদিত হাৰত ৰাসায়নিক সাৰো প্ৰয়োগ কৰিব লাগে। ষ্ট্ৰবেৰি খেতিৰ বাবে ঘাঁহ-বনহীন সেমেকা মাটি উপযুক্ত। অধিক কেলচিয়ামযুক্ত মাটিত পাতবোৰ হালধীয়া হয়। ষ্ট্ৰবেৰিৰ বংশবৃদ্ধি সাধাৰণতে ফুল ধৰা সময়ত গছৰ গুৰিৰপৰা ওলোৱা লতাকৃতিৰ ৰানাৰ(Runner)পৰা কৰা হয়। বংশবৃদ্ধিৰ বাবে ৰখা ষ্ট্ৰবেৰিৰ মাতৃগছত ফল ধৰিবলৈ দিয়া নহয়। এজোপা গছৰ গুৰিৰপৰা ওলোৱা সকলো ৰানাৰ পুলি হিচাপে ব্যৱহাৰ কৰিব পাৰি। সাধাৰণতে এজোপা গছৰপৰা ১২ – ১৮টা পৰ্যন্ত ৰানাৰ পোৱা যায়। ষ্ট্ৰবেৰিৰ টিছু কালচাৰৰদ্বাৰা উৎপাদিত পুলিও ৰুব পাৰি। ষ্ট্ৰবেৰি সমান মাটিত অথবা মাটিৰ দীঘলীয়া ঢিপ তৈয়াৰ কৰিও ৰুব পাৰি। গছৰ মাজৰ দূৰত্ব ৪৫ ছেণ্টিমিটাৰ আৰু শাৰীৰ মাজৰ দূৰত্ব ৬০ – ৭৫ ছেণ্টিমিটাৰ হ’ব লাগে। পাহাৰীয়া অঞ্চলত ষ্ট্ৰবেৰি ৰোৱাৰ সময় হ’ল মাৰ্চ-এপ্ৰিল আৰু ছেপ্টম্বৰ-অক্টোবৰ। সমতলৰ বাবে উত্তম সময় হ’ল অক্টোবৰ – নৱেম্বৰ। ৱোৱাৰ কিছুদিনৰ পাছতে ই ঠন ধৰি উঠে আৰু পোখা মেলিবলৈ আৰম্ভ কৰে। অলাগতিয়াল পোখাবোৰ আঁতৰাই পেলাব লাগে। এনে কৰিলে গছজোপা সবল হয় আৰু অধিক ফল ধৰে। সময়ে সময়ে জলসিঞ্চন কৰিব লাগে। গছৰ গুৰি খুঁচৰি দিব লাগে আৰু মাটিৰ উপৰিভাগ খেৰেৰে ঢাকি দিব লাগে যাতে ই মাটিৰ জীপটো ধৰি ৰাখে। প্ৰকৃতাৰ্থত খেৰৰ (Straw) ওপৰত কৰা খেতি বাবেই এই ফলৰ নাম Straw berry ৰখা হ’ল। ৰোৱাৰ প্ৰায় ৪৫ দিন পাছৰপৰা ফুল ফুলিবলৈ আৰম্ভ কৰে আৰু ৭০ দিনৰ পাছত ফল পূৰঠ হৈ ছিঙিবৰ হয়। অৱশ্যে সম্পূৰ্ণ গছপকা ফলহে ছিঙিব লাগে। সাধাৰণতে কেঁচা ফল ছিঙাৰ পাছত ই নপকে। ফল ছিঙোতে ফলৰ মূৰৰ চুপহিসহ ছিঙা হয়। ফল ছিঙাৰ সময় হ’ল ৰাতিপুৱা। ছিঙাৰ পাছত ফলবোৰ পানীৰে ধোৱা নহয়,কেৱল খোৱাৰ সময়তহে ধুই খাব লাগে। যিহেতু সামান্য উষ্ণতাতে ফলবোৰ নষ্ট হয় আৰু ইয়াৰ উজ্জ্বল ৰং স্তিমিত হৈ পৰে,সেয়ে ছিঙাৰ পাছত ইয়াক ঠাণ্ডা স্থানত বা ৰেফ্ৰিজাৰেটৰত থোৱা হয়। ভাৰতত বিভিন্ন উন্নত জাতৰ ষ্ট্ৰবেৰিৰ খেতি কৰা হয়। পাহাৰীয়া স্থানৰ বাবে অনুমোদিত জাতবোৰ হ’ল – Royal sovereign,Bangalore,Srinagar আৰু Dilpasand। অৱশ্যে বহি:ৰাজ্যৰ Torrey,Toiga আৰু Salana ও জনপ্ৰিয় জাত। উত্তৰ ভাৰতৰ সমতল ভূমিৰ বাবে অনুমোদিত এবিধ চাপৰ জাত হ’ল Pusa early dwarf।১

Garden strawberry flower
Garden strawberry flowerছবি: CC BY-SA 3.0

ষ্ট্ৰবেৰিৰ অনিষ্টকাৰী পতংগ

ষ্ট্ৰবেৰিৰ বহু ধৰণৰ পোক-পতংগৰ আক্ৰমণ হয় যদিও মূলত: হোৱাইট গ্ৰাব,বিছা,গুৰি কটা পোক আৰু মোৱা পোকৰ আক্ৰমণেই অধিক। একেদৰে ভেঁকুৰ আৰু বেক্টেৰিয়াৰদ্বাৰাও ষ্ট্ৰবেৰি আক্ৰান্ত হয়।

লগতে পঢ়ক

  • Hancock, J.F. (1999). Strawberries (Crop Production Science in Horticulture). CABI. ISBN 978-0-85199-339-3

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ পংকজ শইকীয়া. (২০১৩). প্ৰেমৰ ফল-ষ্ট্ৰবেৰি. প্ৰান্তিক. পৃ. ২২ - ২৩

সম্পৰ্কিত শ্ৰেণী

গুল্মফল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ্ট্ৰবেৰী” প্ৰবন্ধৰ সংশোধন ২৩৭৪৭৭ (১১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।