সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ বিজয়ী
১৬ প্ৰবন্ধ
-
অৰিন্দম বৰকটকী
অৰিন্দম বৰকটকী ( Arindam Borkataki; জন্ম: ১৯৭৬) একাধাৰে লেখক, সমালোচক, সম্পাদক আৰু অধ্যাপক। তেওঁ অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশ পোৱা প্ৰকাশ আলোচনীৰো সম্পাদক আছিল। অনুশীলন গ্ৰন্থৰ বাবে তেওঁ ২০১১ বৰ্ষত সাহিত্য অকাডেমি যুৱ বঁটা আৰু মুনীন বৰকটকী বঁটা লাভ কৰে।
-
বিজয় শংকৰ বৰ্মন
বিজয় শংকৰ বৰ্মন (১৯৮০-) অসমৰ এগৰাকী কবি আৰু অনুবাদক। তেখেতে ২০০৭ চনত 'দেও' গ্ৰন্থৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰে আৰু ২০১৩ চনত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰে। ২০১২ চনত Indian Expressৰ দ্বাৰা স্বীকৃত দেশৰ ১০ গৰাকী শ্ৰেষ্ঠ ভাৰতীয় যুৱ লেখকৰ অন্যতম।
-
জাল কটা জুই
জাল কটা জুই হৈছে গল্পকাৰ নয়নজ্যোতি শৰ্মাৰ এখন গল্প সংকলন। ২০২২ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশিত তেওঁৰ এই গল্প সংকলনখনত চৈধ্যটা গল্প সন্নিৱিষ্ট কৰা হৈছে। এই সংকলনখনে ২০২৩ চনত মুনীন বৰকটকী বঁটাআৰু ২০২৪ চনৰ জুন মাহত সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।
-
নয়নজ্যোতি শৰ্মা
নয়নজ্যোতি শৰ্মা (Nayanjyoti Sarma) একাধাৰে গল্পকাৰ, ৱিকিমিডিয়ান তথা চিকিৎসক। কৰ্মসূত্ৰে বৰ্তমান তেখেত নলবাৰীৰৰ শুশ্ৰূষা চিকিৎসালয়ৰ এজন চিকিৎসক। তেখেতে ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহত 'জাল কটা জুই’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে মুনীন বৰকটকী সাহিত্য বঁটা আৰু ২০২৪ চনৰ জুন মাহত সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ…
-
সঞ্জীৱ পল ডেকা
ড° সঞ্জীৱ পল ডেকা (Sanjib Pol Deka) একাধাৰে গল্পকাৰ, আলোচনী সম্পাদক। বৰ্তমান তেওঁ ‘আলাপ’ আলোচনীৰ অবৈতনিক সম্পাদক। কৰ্মসূত্ৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক। তেখেতে ২০১৯ বৰ্ষৰ জুন মাহত এইপিনে কি আছে শীৰ্ষক গল্পগ্ৰন্থৰ বাবে সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।
-
অকলে আছোঁ কুশলে আছোঁ
অকলে আছোঁ কুশলে আছোঁ (akale aso kushale aso) অসমীয়া ভাষাৰ এখন কাব্যগ্ৰন্থ। এই সংকলনখনৰ কবি মৃদুল হালৈ। এই কবিতা পুথিখনে ২০১৩ চনত মুনীন বৰকটকী বঁটা আৰু ২০১৫ চনৰ সাহিত্য অকাডেমী বঁটা যুৱ পুৰস্কাৰ লাভ কৰে। এই কবিতা পুথিখনত কবিগৰাকীৰ মুঠ ৩০টা কবিতা অন্তৰ্ভুক্ত কৰা হৈছে।
-
অঞ্জলি কিস্কু
অঞ্জলি কিস্কু চাঁওতালি ভাষাত সাহিত্য চৰ্চা কৰা এগৰাকী ভাৰতীয় সাহিত্যিক। ২০২০ চনত তেওঁৰ কবিতা পুথি আঞ্জলেৰ বাবে সাহিত্য অকাডেমিৰ যুৱপুৰস্কাৰ বঁটা লাভ কৰিছিল।
-
কুঁচিয়ানামা
কুঁচিয়ানামা হৈছে ২০২৩ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত অসমীয়া সাহিত্যিক সুপ্ৰকাশ ভূঞাৰ এখন চুটিগল্প সংকলন। গ্ৰন্থখন পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰা এইখন লেখকৰ দ্বিতীয়খন গল্প সংকলন। এই গ্ৰন্থখনৰ বাবে তেওঁ ২০২৫ চনৰ সাহিত্য অকাডেমিৰ যুৱ সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হয়।
-
গায়ত্ৰীবালা পাণ্ডা
গায়ত্ৰীবালা পাণ্ডা (Gayatribala Panda; জন্ম: ১৭ এপ্ৰিল ১৯৭৭) ভাৰতৰ ওড়িশা ৰাজ্যৰ ভুৱনেশ্বৰৰ এগৰাকী ভাৰতীয় কবি, কল্পকাহিনী লেখক আৰু সাংবাদিক।
-
মণিকা দেৱী
মণিকা দেৱী (Manika Devee; জন্ম:১৯৭৯) এগৰাকী অসমীয়া গল্পকাৰ, গীতিকাৰ আৰু শিক্ষক। তেওঁৰ পিতৃ কামিনী কুমাৰ শৰ্মা আৰু মাতৃ তৰুলতা দেৱী। দৰং জিলাৰ মঙলদৈত তেখেতৰ জন্ম হয়। তেওঁলোকৰ মূল বাসস্থান নলবাৰীৰ নামখলাত।
-
মাইনা টুডু
মাইনা টুডু (Maina ) এগৰাকী ভাৰতীয় চাঁওতালি ভাষাৰ লেখিকা আৰু ওড়িশাৰ গৃহিণী।২০১৭ চনত তেওঁ যুৱ পুৰস্কাৰ লাভ কৰিছিল।
-
সুপ্ৰকাশ ভূঞা
সুপ্ৰকাশ ভূঞা (Suprakash Bhuyan, জন্ম: ১৯৯০) হৈছে অসমৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ গল্পকাৰ আৰু সাহিত্যিক। ২০২৩ চনত প্ৰকাশিত তেওঁৰ দ্বিতীয়খন গল্প সংকলন কুঁচিয়ানামাৰ বাবে তেওঁ ২০২৫ বৰ্ষৰ অসমীয়া ভাষাৰ প্ৰতিষ্ঠিত সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰিবলৈ সক্ষম হয়।
-
অভিজিৎ বৰা
অভিজিৎ বৰা (Abhijit Bora) এগৰাকী অসমীয়া লেখক। সাতসৰী আলোচনীৰ পাতত তেওঁ গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। ডেউকা কোবাই যায় গল্প সংকলনৰ বাবে তেওঁ মুনীন বৰকটকী সাহিত্য বঁটা আৰু সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰে।
-
জিন্তু গীতাৰ্থ
জিন্তু ঠাকুৰীয়া (Jintu Thakuria) একাধাৰে গল্পকাৰ, সম্পাদক তথা অধ্যাপক। কৰ্মসূত্ৰে বৰ্তমান তেওঁ গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক। তেখেতে ২০২৩ বৰ্ষৰ জুন মাহত 'মন মৰা তৰা’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।
-
বিপাশা বৰা
বিপাশা বৰা (Bipasha Borah) হৈছে এগৰাকী অসমীয়া গল্পকাৰ।
-
সুতপা চক্ৰৱৰ্তী
সুতপা চক্ৰৱৰ্তী (Sutapa Chakraborty, জন্ম: ১১ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় কবি আৰু সাহিত্যিক। ২০২৪ চনত তেওঁ দেৰাজে হলুদ ফুল, গতজন্ম শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে বাংলা ভাষাৰ সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰে।