অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ভেকুলী

ভেকুলী হৈছে উভচৰ মেৰুদণ্ডী প্ৰাণীৰ এটা প্ৰজাতি। বৰ্তমানে প্ৰায় ৪,৮০০ টা প্ৰজাতিৰ ভেকুলী নথিভুক্ত কৰা হৈছে, যিটো জীৱিত উভচৰ প্ৰাণীৰ প্ৰায় ৮৫%তকৈও বেচি হব। ইয়াৰোপৰি মেৰুদণ্ডী প্ৰাণীৰ পাঁচটা সৰ্বাধিক বৈচিত্ৰময় বৰ্গৰ ভিতৰত ইহঁতো অন্যতম।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৩ ২৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ভেকুলী হৈছে উভচৰ মেৰুদণ্ডী প্ৰাণীৰ এটা প্ৰজাতি। বৰ্তমানে প্ৰায় ৪,৮০০ টা প্ৰজাতিৰ ভেকুলী নথিভুক্ত কৰা হৈছে, যিটো জীৱিত উভচৰ প্ৰাণীৰ প্ৰায় ৮৫%তকৈও বেচি হব। ইয়াৰোপৰি মেৰুদণ্ডী প্ৰাণীৰ পাঁচটা সৰ্বাধিক বৈচিত্ৰময় বৰ্গৰ ভিতৰত ইহঁতো অন্যতম।

European fire-bellied toad (''Bombina bombina'')
European fire-bellied toad (Bombina bombina)ছবি: Marek Szczepanek · CC BY-SA 3.0
Panamanian golden frog (''Atelopus zeteki'').
Panamanian golden frog (Atelopus zeteki).ছবি: Brian Gratwicke · CC BY 2.0

বিৱৰ্তন আৰু শ্ৰেণীবিভাজন

ইহঁত এনোৰা (প্ৰাচীন গ্ৰীক: an-, নথকা, + oura, নেজ) বৰ্গৰ অন্তৰ্গত, দেহ চুটি আৰু নেজ নেথাকে। এই জীৱবিধ প্ৰাক ট্ৰায়েছিক যুগত মাডাগাস্কাৰৰ আটাইতকৈ পুৰণি জীৱাশ্ম "প্ৰ'ট' ফ্ৰ'গ (ইংৰাজী: proto-frog)"ৰ উদ্ভৱ হৈছিল বুলি কোৱা হয় যদিওঁ, আনৱিক ক্লক ডেটিং পদ্ধতিয়ে ইহঁত তাতোতকৈও ২৬৫ নিযুত বছৰ আগৰ পাৰ্মিয়ান যুগৰ বুলি কয়। ভেকুলীবোৰ tropicsৰ পৰা subarctic অঞ্চললৈকে বহুলভাৱে বিস্তৃত হৈ আছে। বৰ্ষাৰণ্যবোৰত ইহঁতৰ জনসংখ্যা সৰ্বাধিক।

শাৰীৰিক বৈশিষ্ট

ভেকুলী জীৱনকালৰ প্ৰথম অৱস্থাত লালুকী হিচাপে পানীত থাকে। পাছলৈ প্ৰাপ্ত বয়স্ক ভেকুলী হয়।১ ভেকুলীৰ চাৰিখন ঠেং থাকে তাৰে মতা ভেকুলীৰ আগ ঠেঙৰ প্ৰথম আঙুলিত যৌনাংগ থাকে।২ পিছৰ ঠেং কেইটা সাতুৰিব পৰাকৈ পাঁচোটা আঙুলিত জাল থাকে। ভেকুলীয়ে পানীত থকা অৱস্থাত ছালেৰে উশাহ লয়। আৰু মাটিত থকা অৱস্থাত ছাল, ভ'কেল চেক আৰু হাওঁফাওঁৰ যোগেদি উশাহ লয়। ভেকুলীয়ে নিজৰ গাৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেয়ে অত্যধিক গৰম বা অত্যাধিক ঠাণ্ডা হলে গাতৰ ভিতৰত থাকে। ভেকুলীযৰ হৃদযন্ত্ৰত তিনিটা কোঠা থাকে।৩ ভেকুলী পতংগভোজী প্ৰাণী। ভেকুলীৰ শৰীৰটো সেমেকা থাকে। ইয়াৰ ফলত ই উশাহ লোৱাত সুবিধা হয়। ভেকুলীৰ জিভাই খাদ্য ধৰে।৪ কিছু প্ৰজাতিয়ে নিজৰ গাৰ বৰণ সলনি কৰিব পাৰে। ইয়াৰ গাটো সাধাৰণতে সেউজীয়া আৰু কলা দাগ যুক্ত থাকে।

অসমৰ সমাজ জীৱনত ভেকুলী

মূল প্ৰবন্ধ: ভেকুলী বিয়া

অসমত বৰষুণ নিদিলে ভেকুলীৰ বিয়া ৰাজহুৱাভাৱে অনুষ্ঠিত কৰাৰ জনবিশ্বাস আছে। জনবিশ্বাস মতে ভেকুলীৰ বিয়া পাতিলে বৰষুণ আহে।৫

উপকাৰিতা

ভেকুলীয়ে পথাৰৰ পোকপতংগ খাই শস্য বৃদ্ধিত খেতিয়কক সহায় কৰে।

তথ্যসূত্ৰ

  1. ↑ Stebbins, Robert C.; Cohen, Nathan W. (1995). A Natural History of Amphibians. Princeton University Press. pp. 154–162. ISBN 978-0-691-03281-8
  2. ↑ Flam, F. (1995). "Finding earliest true frog will help paleontologists understand how frog evolved its jumping ability". Knight Ridder/Tribune News Service via HighBeam Research. Archived from the original on 2013-05-13
  3. ↑ Kimball, John (2010). "Animal Circulatory Systems: Three Chambers: The Frog and Lizard". Kimball's Biology Pages
  4. ↑ Tesler, P. (1999). "The amazing adaptable frog". Exploratorium:: The museum of science, art and human perception
  5. ↑ ড০ ৰাজশ্ৰী হাজৰিকা (৭ আগষ্ট ২০১১). "অসমৰ লোক সমাজত প্ৰচলিত আৱাহন সম্পৰ্কীয় লোকাচাৰ". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী ‘বসুন্ধৰা’: ৬,৭ পৃষ্ঠা

সম্পৰ্কিত শ্ৰেণী

উভচৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেকুলী” প্ৰবন্ধৰ সংশোধন ৩৭৮৪৭৬ (১৭ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।