সংগীতা বৰুৱা পিছাৰ'তি (Sangeeta Barooah Pisharoty) হৈছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাংবাদিক তথা লেখক।১২ তেওঁ 'ইউনাইটেড নিউজ অৱ ইণ্ডিয়া'ৰ নতুন দিল্লী শাখা কাৰ্যালয়ত যোগদান কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী মহিলা সাংবাদিক। ১৯৯৬ চনত তেওঁ 'ইউনাইটেড নিউজ অৱ ইণ্ডিয়া'ৰ নতুন দিল্লী শাখা কাৰ্যালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী মহিলা সাংবাদিকৰূপে সাংবাদিকতা আৰম্ভ কৰে। সংগীতা বৰুৱা পিছাৰ'তিয়ে সাংবাদিক হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ-পূৰ্বাঞ্চলক বিস্তৃত ৰূপত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰে।৩
তেওঁৰ উত্তৰ-পূৰ্বাঞ্চল সন্দৰ্ভত সাংবাদিকতা আৰম্ভ হয় 'দ্য হিন্দু' কাকতত ২০১১ চনত।১২ এই আৰম্ভণি হয় 'ইনক্লুচিভ মেডিয়া ফেল'শ্বিপ অৱ চি এছ ডি এছ' লাভৰ জৰিয়তে। বৰ্তমান তেওঁ 'দ্য ৱায়াৰ' নামৰ সংবাদ ৱেবছাইটৰ জৰিয়তে অন্যান্য খবৰৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাতৰি পৰিৱেশন কৰে।৪ এই ফেলশ্বিপৰ জৰিয়তে তেওঁ ব্ৰহ্মপুত্ৰ নদৰ ভয়ংকৰ গৰাখহনীয়াৰ ফলত মাজুলীৰ জনজীৱনৰ ক্ষয়-ক্ষতিৰ বিস্তৃত বিৱৰণ দাঙি ধৰে।৫ ২০১৭ চনত সংগীতা বৰুৱা পিছাৰ'তিয়ে 'ৰামনাথ গোৱেঙ্কা এক্সিলেঞ্চ ইন্ জাৰ্নেলিজম বঁটা' লাভ কৰে।৬৭
সাংবাদিকতাৰ লগতে তেওঁ লেখা-মেলাও কৰে। 'আছাম: দ্য একৰ্ড, দ্য ডিছকৰ্ড'ৰ ৰচয়িতা সংগীতা বৰুৱা পিছাৰ'তিয়ে ৰীতা চৌধুৰীৰ 'মায়াবৃত্ত' শীৰ্ষক উপন্যাসখন ইংৰাজীলৈ অনুবাদ কৰিছে।৩সংগীতা বৰুৱা পিছাৰ'তিয়ে 'আছাম: দ্য একৰ্ড, দ্য ডিছকৰ্ড' গ্ৰন্থখন লিখি থাকোঁতে বহুতো সত্যৰ মুখামুখি হৈছিল বুলি কয়। তেওঁ কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকাখনৰ নক্সা, বাংলাদেশৰ মুক্তিবাহিনীৰ পৰা অনুপ্ৰাণিত হৈ অতুল বৰাই প্ৰস্তুত কৰিছিল।২
ব্যক্তিগত জীৱন
সংগীতা বৰুৱা পিছাৰ'তিয়ে অসমৰ গোলাঘাট জিলাত জন্মলাভ কৰিছিল। ১৯৯৫ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।৫ পিছলৈ তেওঁ দিল্লীত বাস কৰে।৩
কৰ্মজীৱন
সংগীতা বৰুৱা পিছাৰ'তিয়ে সাংবাদিক হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ-পূৰ্বাঞ্চলক বিস্তৃত ৰূপত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰে। ১৯৯৬ চনত তেওঁ 'ইউনাইটেড নিউজ অৱ ইণ্ডিয়া'ৰ৮ নতুন দিল্লী শাখা কাৰ্যালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী মহিলা সাংবাদিকৰূপে সাংবাদিকতা আৰম্ভ কৰে। তেওঁৰ উত্তৰ-পূৰ্বাঞ্চল সন্দৰ্ভত সাংবাদিকতা আৰম্ভ হয় ২০১১ চনত 'দ্য হিন্দু' কাকতত 'ইনক্লুচিভ মেডিয়া ফেল'শ্বিপ অৱ চি এছ ডি এছ' লাভৰ জৰিয়তে। বৰ্তমান সংগীতা বৰুৱা পিছাৰ'তিয়ে 'দ্য ৱায়াৰ' নামৰ সংবাদ ৱেবছাইটৰ জৰিয়তে অন্যান্য খবৰৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাতৰি পৰিৱেশন কৰে। এই ফেলশ্বিপৰ জৰিয়তে তেওঁ ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াৰ ফলত মাজুলীৰ জনজীৱনৰ ক্ষয়-ক্ষতিৰ বিস্তৃত বিৱৰণ দাঙি ধৰে।৩
সাহিত্যৰাজি
বঁটা
২০১১ চনত সংগীতা বৰুৱা পিছাৰ'তিয়ে 'ইনক্লুচিভ মেডিয়া ফেল'শ্বিপ অৱ চি এছ ডি এছ' লাভ কৰিছিল। ২০১৭ চনত সংগীতা বৰুৱা পিছাৰ'তিয়ে সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ বাবে 'ৰামনাথ গোৱেঙ্কা এক্সিলেঞ্চ ইন্ জাৰ্নেলিজম বঁটা' লাভ কৰে।
তথ্যসূত্ৰ
- ↑ Agarwal, Aarushi. (2019-09-01). Books of the week — From Salman Rushdie's Quichotte to Assam: The Accord, The Discord, our picks. Firstpost
- ↑ Gani, Abdul. (2019-08-31). Journalist Sangeeta Barooah Pisharoty’s book reveals interesting facts about Assam. The News Mill
- ↑ শান্তনু কৌশিক বৰুৱা. (আগষ্ট,২০২১). সংক্ষিপ্ত অসম বিশ্বকোষ. প্ৰীতিমা কৌশিক বৰুৱা, সঞ্জীৱন প্ৰকাশন. পৃ. ২৫০. ISBN 978-81-950015-4-5
- ↑ Saigal, Sonam. (2020-02-02). NRC, NPR will create huge chaos, say lawyers, activists. The Hindu
- ↑ Sangeeta Barooah Pisharoty. Penguin Books
- ↑ (20 December 2017). The Wire's Sangeeta Barooah Pisharoty Wins Ramnath Goenka Award for Feature Writing. The Wire (India)
- ↑ (2018-06-26). Ramnath Goenka Award for Excellence in Journalism: Winners all. The Indian Express
- ↑ ইউনাইটেড
- ↑ Medhi, Hemjyoti. (30 January 2020). Old anxieties of identity. Telegraph India
- ↑ Salam, Abdus. (2019-08-31). ‘Assam – The Accord, The Discord’ review: Prequel, sequel and endgame. The Hindu
- ↑ Ngaihte, Thangkhanlal. (2019-12-13). Review: Assam: The Accord, The Discord by Sangeeta Barooah Pisharoty. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংগীতা বৰুৱা পিছাৰ'তি” প্ৰবন্ধৰ সংশোধন ৪৩৪৯৭২ (২ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।