ঘটনাৱলী
- ১৪৮৯ - নিজাম শ্বাহ দিল্লীৰ চুলতান হৈছিল। ১
- ১৯৭৫ - আমেৰিকাৰ মহাকাশযান এপল’ আৰু ৰাছিয়াৰ মহাকাশযান ছয়ুজ’ৰ সংযোগ স্থাপন হৈছিল।
- ১৯৯৬ - ‘‘শ্বু-মেকাৰ লেভী’ নামৰ ধুমকেতুটোৰ সৈতে বৃহস্পতি গ্ৰহৰ সংঘৰ্ষ ঘটিছিল।
- ১৯৯৭ - মাদ্ৰাজৰ নাম চেন্নাই কৰা হৈছিল।২
- ২০০৬ - ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ সমীপত সংঘটিত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত হোৱা ছুনামিত পাঁচ শতাধিক লোকৰ মৃত্যু আৰু কেইবা শতাধিক লোক সন্ধানহীন হয়।
- ২০১০ - বিশ্ব বেডমিণ্টন প্ৰতিযোগিতাৰ ৰেংকিংত ভাৰতৰ ছাইনা নেহৱালৰ স্থান দ্বিতীয়লৈ উন্নীত হয়। মহিলাৰ ছিংগলছ শাখাত দ্বিতীয় স্থান লাভ কৰা ছাইনা নেহৱাল ভাৰতৰ প্ৰথম বেডমিণ্টন খেলুৱৈ।
- ২০১৫ - কবীৰ খানৰ দ্বাৰা পৰিচালিত আৰু ছলমান খান আৰু ৰকলাইন ভেংকতেশৰ দ্বাৰা নিৰ্মিত ভাৰতীয় ড্ৰামা চলচ্চিত্ৰ বজৰংগী ভাইজান মুক্তি দিয়া হয়।
জন্ম
- ১৮৮৯ - আৰ্ল ষ্টেনলী গাৰ্ডেনাৰ, আমেৰিকাৰ ৰহস্য ঔপন্যাসিক। ৩
- ১৯২০ - গৰ্ডন গ'ল্ড, পদাৰ্থ বিজ্ঞানী, লেজাৰৰ উদ্ভাৱক। ৪
- ১৯৩০ - শচীন ভৌমিক, হিন্দী বোলছবি জগতৰ এজন বিখ্যাত গল্প লেখক আৰু চিত্ৰনাট্যকাৰ। (মৃত্যু: ১২ এপ্ৰিল,২০১১) ৫
- ১৯৪৭ - কেমিলা পাৰ্কাৰ ব'লছ, ইংলেণ্ডৰ ৰাজকুমাৰ চাৰ্লছৰ দ্বিতীয় পত্নী।
- ১৯৮৬ - গুঞ্জন ভৰদ্বাজ, ভাৰতীয় অভিনেতা।
- ১৯৬৯ - ৰবি কিষান, ভোজপুৰী অভিনেতা, হেল্ল' ইন্সপেক্টৰ ধাৰাবাহিকৰ বাবে বিখ্যাত। ৬
- ১৯২৭ - আন্না ৰাজম মলহোত্ৰা, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।
- ১৯৬৪- ভবেশ দাস, অসমীয়া সাংবাদিক আৰু সাহিত্যিক
মৃত্যু
- ১৭৯০ - এডাম স্মিথ (ইংৰাজী: Adam Smith) এগৰাকী স্কটিছ অৰ্থনীতিবিদ, দাৰ্শনিক আৰু লেখক আছিল। তেওঁ ৰাজনৈতিক অৰ্থনীতিৰ গুৰিধৰোঁতা আৰু স্কটিছ নৱজাগৰণৰ এগৰাকী মুখ্য ব্যক্তি। তেওঁক "অৰ্থনীতিৰ জনক" বা "পুঁজিবাদৰ জনক" বুলিও জনা যায়।
- ১৮৪৫ - চাৰ্লছ গ্ৰে', দ্বিতীয় আৰ্ল গ্ৰে', যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী।
- ১৯১৮ - নিকোলাছ দ্বিতীয়, ৰাছিয়াৰ অন্তিম জাৰ।
- ১৯৯২ − কানন দেৱী, সৰ্বভাৰতীয় বঙালী অভিনেত্ৰী তথা গায়িকা।
- ২০০৫ - এডৱাৰ্ড হিথ্, বৃটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
- ২০১৪ - প্ৰমোদ বৰুৱা, অসমীয়া চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু অভিনেতা।
দিৱস
- আন্তঃৰাষ্ট্ৰীয় ন্যায় দিৱস।
- শ্লোভাকিয়াৰ স্বাধীনতা দিৱস।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৭ জুলাই” প্ৰবন্ধৰ সংশোধন ৩৭১৮৯৩ (১৬ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।