অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৬ জুলাই

৬২২ - হজৰত মহম্মদৰ মক্কাৰ পৰা মদিনালৈ যাত্ৰা। এই চনৰেপৰা মুছলমানসকলৰ ‘হিজিৰি’ চন গণনা কৰে। ১৮৫৬ - হিন্দু বিধৱা বিবাহ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আইন প্ৰণয়ন কৰি বৈধ ঘোষণা কৰিছিল। ১৮৮৩ - ডিব্ৰু-শদিয়া ৰেলৱেৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম ডিব্ৰুগড় আৰু মাকুমৰ মাজত ৰেল চলাচল আৰম্ভ হয়।

হালনাগাদ: ১৫ জুলাই ২০২৩ ২৬৩ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ৬২২ - মুহাম্মাদৰ মক্কাৰ পৰা মদিনালৈ যাত্ৰা। এই চনৰেপৰা মুছলমানসকলৰ ‘হিজিৰি’ চন গণনা কৰে।
  • ১৮৫৬ - হিন্দু বিধৱা বিবাহ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আইন প্ৰণয়ন কৰি বৈধ ঘোষণা কৰিছিল। ১
  • ১৮৮৩ - ডিব্ৰু-শদিয়া ৰেলৱেৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম ডিব্ৰুগড় আৰু মাকুমৰ মাজত ৰেল চলাচল আৰম্ভ হয়।
  • ১৯৪৫ - নিউ মেক্সিক’ৰ এলম’গ’ৰ্ডত প্ৰথম পাৰমাণৱিক বোমাৰ বিস্ফোৰণ ঘটোৱা হৈছিল।
  • ১৯৬৯ - চন্দ্ৰপৃষ্ঠত অৱতৰণৰ বাবে মানৱবাহী মহাকাশযান ‘‘এপল’—১১’’ আমেৰিকাৰ দ্বাৰা উৎক্ষেপন কৰা হৈছিল।
  • ১৯৮৯ - তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে পাকিস্তান ভ্ৰমণ কৰিছিল।
  • ২০০৪ - আছাম ৰাইফলছৰ গুলীত নিহত হোৱা মনোৰমা দেৱী নামৰ এগৰাকী মহিলাক মৃত্যুক কেন্দ্ৰ কৰি আছাম ৰাইফলছ মুখ্য কাৰ্যালয়ৰ সন্মুখত অভিনৱ ভাৱে নগ্ন মহিলাই বিক্ষোভ প্ৰদৰ্শন কৰে।

জন্ম

  • ১৮৭২ - ৰোৱাল্ড আমুণ্ডছেন,২ নৰৱেৰ এণ্টাৰ্কটিকা অভিযানকাৰী।
  • ১৮৮৮ - ফ্লিটজ জাৰাইনাক, পদাৰ্থ বিজ্ঞানী। তেওঁ পদাৰ্থ বিজ্ঞানৰ বাবে নোবেল লাভ কৰিছিল।
  • ১৯০৯ - অৰুণা আছফ আলি, দিল্লী কংগ্ৰেছ কমিটীৰ সভানেত্ৰী। তেখেতৰ কাল্কা নামৰ এখন গাঁৱত জন্ম হৈছিল।
  • ১৯৩০ - সুৰেন্দ্ৰ নাথ মেধি, অসমীয়া সাহিত্যৰ ইতিহাসত সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে পৰিচিত সাহিত্যিক।
  • ১৯৩৩ - কনকসেন ডেকা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যিক, সাংবাদিক। তেখেতে নলবাৰীৰ বেলশৰত জন্ম গ্ৰহণ কৰিছিল।
  • ১৯৪৮ - সেৱাব্ৰত বৰুৱা, অসমীয়া নাট্যকাৰ, পৰিচালক আৰু অভিনেতা।
  • ১৯৬৮ - লেৰী ছেংগাৰ, আমেৰিকান ইণ্টাৰনেট প্ৰকল্প ডেভলপাৰ তথা ইণ্টাৰনেট বিশ্বকোষ ৱিকিপিডিয়াৰৰ সহ-প্ৰতিষ্ঠাপক।
  • ১৯৮৩ - কেটৰিনা কাঈফ, ইংৰাজ অভিনেত্ৰী।
  • ১৯৮৫ - ৰণৱীৰ সিং, ভাৰতীয় অভিনেতা।

মৃত্যু

  • ১৫৫৭ - এন অৱ ক্লিভছ, ইংলেণ্ডৰ ৰাণী। (জন্ম: ২২ ছেপ্টেম্বৰ, ১৫১৫) ৩
  • ১৮৮২ - মেৰী ট'ড লিংকন, আব্ৰাহম লিংকনৰ পত্নী। ৪
  • ২০০৮ - চাৰু বৰুৱা, ভাস্কৰ্য শিল্পী।
  • ২০১৪ - পুলিন দাস, অসমৰ এজন বিখ্যাত ক্ৰীড়া সংগঠক, ক্ৰীড়াবিদ।
  • ২০২১ - দানিছ চিদ্দিকী, ভাৰতীয় ফটো-সাংবাদিক।
  • ২০২১ - সুৰেখা চিক্ৰি, ভাৰতীয় অভিনেত্ৰী।

দিৱস

  • গিনিপিগ কৃতজ্ঞতা দিৱস।
  • বিশ্ব সৰ্প দিৱস

বাহ্যিক সংযোগ


তথ্যসূত্ৰ

  1. ↑ www.mapsofindia.com/on-this-day/july-16-1856-rem
  2. ↑ Roald Amundsen
  3. ↑ Anne of Cleves
  4. ↑ Mary Todd Lincoln

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৬ জুলাই” প্ৰবন্ধৰ সংশোধন ৩৭১৭৬১ (১৫ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।