মাৰাঠী ব্যক্তি
২২ প্ৰবন্ধ
-
লতা মংগেশকাৰ
লতা মংগেশকাৰ (১৯২৯–২০২২) ভাৰতৰ অতি প্ৰভাৱশালী নেপথ্য গায়িকা, যাঁৰ কণ্ঠে বহু দশক ধৰি চলচ্চিত্ৰ সংগীতক দিশ দিছিল। ছত্ৰিশটাতকৈও অধিক ভাৰতীয় ভাষাত আৰু বহুতো ছবিত গীত গাই তেওঁ বিপুল জনপ্ৰিয়তা, সন্মান আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে।
-
আশা ভোছলে
আশা ভোছলে ভাৰতীয় চলচ্চিত্ৰ-সংগীতৰ ইতিহাসত সৰ্বাধিক প্ৰভাৱশালী নেপথ্য কণ্ঠশিল্পীসকলৰ ভিতৰত এগৰাকী, যিয়ে বহুভাষী আৰু বহুধাৰাৰ গীত গাই এক দীৰ্ঘকালীন সাংস্কৃতিক উপস্থিতি গঢ়ি তুলিছিল।
-
শ্ৰদ্ধা কাপুৰ
শ্ৰদ্ধা কাপুৰ (Shraddha Kapoor; জন্ম ৩ মাৰ্চ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী যিয়ে বিশেষকৈ হিন্দী চলচ্চিত্ৰৰ লগত জড়িত। তেওঁ ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় আৰু সৰ্বাধিক বেতন প্ৰাপ্ত অভিনেত্ৰীসকলৰ তালিকাত স্থান পাইছে আৰু ফোৰ্বচ এছীয়াত সিহঁতৰ ২০১৬ চনৰ ৩০ আণ্ডাৰ ৩০ তালিকাত স্থান পাইছিল।
-
সাৱিত্ৰীবাই ফুলে
সাৱিত্ৰীবাই জ্যোতিৰাও ফুলে (सावित्रीबाई जोतीराव फुले; ৩ জানুৱাৰী ১৮৩১ - ১০ মাৰ্চ ১৮৯৭) এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক আৰু কবি। তেওঁ আৰু তেওঁৰ স্বামী জ্যোতিৰাও ফুলে একেলগে ব্ৰিটিছ শাসনৰ কালছোৱাত মহিলাৰ অধিকাৰৰ বাবে কাম কৰিছিল।
-
নন্দিতা দাস
নন্দিতা দাস (Nandita Das, জন্ম ৭ নৱেম্বৰ ১৯৬৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ দহটা ভিন্ন ভাষাত ৪০ খনতকৈও অধিক ফিচাৰ ফিল্মত অভিনয় কৰিছে।
-
পদ্মিনী কোলহাপুৰী
পদ্মিনী কোলহাপুৰী (Padmini Kolhapure; ১ নবেম্বৰ ১৯৬৫) মূলতঃ হিন্দী চলচ্চিত্ৰৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী। তেওঁ ১৯৭২ চনত সাত বছৰ বয়সত শিশুশিল্পী ৰূপে জিদ্দী (১৯৭৬) আৰু ড্ৰীমগাৰ্ল্ (১৯৭৭) ছবিৰে অভিনয় জগতত প্ৰবেশ কৰে।
-
সাধনা সৰগম
সাধনা সৰগম ( Sadhana Sargam; জন্ম: ৭ মাৰ্চ ১৯৬৯) এগৰাকী ভাৰতীয় গায়িকা। তেওঁ মূলতঃ হিন্দী, বঙালী, নেপালী, তেলেগু আৰু তামিল ভাষাৰ ছবিৰ নেপথ্য কণ্ঠৰ বাবে পৰিচিত। ২০০২ চনত তামিল ছবি আঝাগিত পাট্টু চোলি শীৰ্ষক গীতটো গাই শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
শশীকলা
শশীকলা চাইগল (বিবাহৰ পূৰ্বে: জাৱালকৰ; Shashikala Saigal; ৪ আগষ্ট ১৯৩২-৪ এপ্ৰিল ২০২১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী আছিল, যাক বেছিকৈ প্ৰথম নামটোৰে জনা যায়।১৯৪০ৰ দশকৰ পৰা শতাধিক বলিউডী চলচ্চিত্ৰত তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।
-
ছায়া কদম
ছায়া কদম'(Chhaya Kadam) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ প্ৰধানকৈ মাৰাঠী আৰু হিন্দী ছবিত অভিনয় কৰে। নাগৰাজ মঞ্জুলেৰ ছবি ফাণ্ড্ৰি (২০১৩), ছাইৰাট (২০১৬)কেপ্ৰমুখ্য কৰি ঝুণ্ড (২০২২), ৰেডু (২০১৮), নুড (Nude) (২০১৮) আৰু একাধিক মাৰাঠী ছবিত তেওঁ অভিনয় কৰিছে।নুড ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ…
-
বিনায়ক দামোদৰ সাভাৰকাৰ
বিনায়ক দামোদৰ সাভাৰকাৰ আছিল এগৰাকী ভাৰতীয় জাতীয়তাবাদী ৰাজনৈতিক নেতা, লেখক আৰু সমাজকৰ্মী। তেওঁক বীৰ সাভাৰকাৰ বুলিও জনা যায়। সাভাৰকা পেছাত এজন অধিবক্তা আছিল। ১৮৮৩ চনৰ ২৮ মে’ত মুম্বাইৰ নাছিকত তেওঁৰ জন্ম হৈছিল। ১৯৬৬ চনৰ ২৬ ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যু হয়।
-
শৰ্ৱৰী
শৰ্ৱৰী ৱাঘ (Sharvari Wagh; জন্ম: ১৪ জুন ১৯৯৭) শৰ্ৱৰী নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০১৫ চনত লাভ ৰঞ্জন আৰু সঞ্জয় লীলা ভণশালীৰ সহকাৰী পৰিচালক হিচাপে তেওঁ নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।
-
মহেশ এলকুঞ্চৱাৰ
মহেশ এলকুঞ্চৱাৰ (Mahesh Elkunchwar; জন্ম: ৯ অক্টোবৰ ১৯৩৯) মাৰাঠী ভাষাৰ এগৰাকী ভাৰতীয় লেখক আৰু চিত্ৰনাট্যকাৰ। তেওঁ তাত্ত্বিক লিখনি, সমালোচনামূলক ৰচনাৰ উপৰিও প্ৰায় ২০খনতকৈও অধিক নাটক লিখিছে।
-
য়েছুবাই ভোঁচলে
মহাৰাণী য়েছুবাই ভোঁচলে (Maharani Yesubai Bhonsale (née Jivubai / Rajau / Rajasa Shirke)) ছত্ৰপতি সম্ভাজী মহাৰাজৰ পত্নী আছিল৷ তেওঁক মাৰাঠা ৰাজ্যৰ ছত্ৰপতি মহাৰাণী বুলি কোৱা হয়। তেওঁ আনুষ্ঠানিকভাৱে স্বৰাজ্যৰ দ্বিতীয়গৰাকী ৰাজ অভিষেক ৰাণী হৈছিল। তেওঁ ছত্ৰপতি শ্বাহু-প্ৰথমৰ মাতৃ।
-
ৰমাবাঈ ৰানডে
ৰমাবাঈ ৰানডে (Ramabai Ranade; रमाबाई रानडे; ২৫ জানুৱাৰী ১৮৬২ – ২৫ জানুৱাৰী ১৯২৪) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু ১৯শ শতিকাৰ প্ৰথম মহিলা অধিকাৰ কৰ্মীসকলৰ অন্যতম। ১১ বছৰ বয়সত ভাৰতৰ প্ৰখ্যাত পণ্ডিত আৰু সমাজ সংস্কাৰক মহাদেৱ গোবিন্দ ৰানডেৰ লগত বিবাহ হয়।
-
ৰিংকু ৰাজগুৰু
প্ৰেৰণা “ৰিংকু” মহাদেৱ ৰাজগুৰু (रिंकू राजगुरू; জন্ম: ৩ জুন ২০০১) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে বিশেষকৈ মাৰাঠী ভাষাৰ ছবিত অভিনয় কৰিছে। ছেইৰট নামৰ ছবিখনত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে তেখেত পৰিচিত।
-
ৰুখমাবাই
ৰুখমাবাই ( Rukhmabai; ২২ নবেম্বৰ ১৮৬৪- ২৫ চেপ্তেম্বৰ ১৯৫৫) এগৰাকী ভাৰতীয় চিকিৎসক আৰু নাৰীবাদী আছিল। তেওঁ উপনিবেশ ভাৰতবৰ্ষৰ চিকিৎসা বৃত্তিত জড়িত প্ৰথম নাৰী চিকিৎসক আছিল। লগতে তেওঁক ১৮৮৪ চনৰ পৰা ১৮৮৮ চনলৈ চলা শিশু কন্যা বিবাহৰ এটা যুগান্তকাৰী গোচৰত জড়িত হোৱাৰ বাবে বিশেষবাবে জনা যায়।
-
অমৰুতা পাটকী
অমৰুতা পাটকী (Amruta Patki; ১৬ আগষ্ট ১৯৮৫) এগৰাকী ভাৰতৰ অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ শীৰ্ষপদধাৰী৷ তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০০৬ জয় কৰিছিল আৰু পিছত ফেমিনা মিছ ইণ্ডিয়া আৰ্থ খিতাপ জয় কৰে আৰু মিছ আৰ্থ ২০০৬ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
এষা দে
এষা ৱাডনেকাৰ (Esha Wadnerkar) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মূলতঃ মাৰাঠী থিয়েটাৰ, চলচ্চিত্ৰ, ৱেব ধাৰাবাহিক, আৰু টিভি ধাৰাবাহিকত কাম কৰে। পেছাগতভাৱে তেওঁ এষা দে নামেৰে পৰিচিত। তেওঁ মাৰাঠী টেলিভিছন শ্ব’ মহাৰাষ্ট্ৰচী হাস্যযত্ৰৰ বাবে তেওঁ পৰিচিত।
-
চিত্ৰা নায়ক
চিত্ৰা জয়ন্ত নায়ক (Chitra Naik; ১৯১৮–২০১০) এজন ভাৰতীয় শিক্ষাবিদ, সাহিত্যিক, সমাজকৰ্মী, ভাৰতীয় শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষ আৰু ভাৰতীয় পৰিকল্পনা আয়োগৰ বিশেষজ্ঞ সদস্য। তেওঁ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় গঠন কৰা অনানুষ্ঠানিক শিক্ষা সমিতিৰ অধ্যক্ষ আছিল আৰু ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনৰ সদস্য আছিল।
-
তাৰাবাই শিন্দে
তাৰাবাই শিন্দে (Tarabai Shinde, ১৮৫০-১৯১০) এগৰাকী ভাৰতীয় নাৰীবাদী, নাৰী অধিকাৰ কৰ্মী আৰু লেখিকা। তেওঁ ঊনবিংশ শতিকাৰ ভাৰতত পিতৃতান্ত্ৰিকতা আৰু জাতিবাদৰ প্ৰতিবাদ কৰিছিল। ১৮৮২ চনত মাৰাঠী ভাষাত প্ৰকাশিত তেওঁৰ ৰচনা 'স্ত্ৰী পুৰুষ তুলনা'ৰ বাবে তেওঁ বিশেষভাৱে জনাজাত।
-
শান্তা গোখলে
শান্তা গোখলে ( Shanta Gokhale; জন্ম: ১৪ আগষ্ট ১৯৩৯) এগৰাকী ভাৰতীয় সাহিত্যিক, অনুবাদক, সাংবাদিক আৰু নাট্য সমালোচক। ৰীতা ৱেলিংকাৰ আৰু ত্যা বৰ্ষী গ্ৰন্থ দুখনৰ বাবে তেওঁ অধিক পৰিচিত।
-
ৰমাবাই ভীমৰাও আম্বেদকাৰ
ৰমাবাই ভীমৰাও আম্বেদকাৰ (৭ ফেব্ৰুৱাৰী ১৮৯৮ – ২৭ মে' ১৯৩৫) বি আৰ আম্বেদকাৰৰ পত্নী যিয়ে কয় যে তেওঁৰ সমৰ্থন তেওঁৰ উচ্চ শিক্ষা আৰু তেওঁৰ প্ৰকৃত সম্ভাৱনাক আগুৱাই নিয়াত সহায় কৰাত সহায়ক আছিল। তেওঁ বহু জীৱনীমূলক চিনেমা আৰু কিতাপৰ বিষয়বস্তু হিচাপে পৰিগণিত হৈছে।