অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহ
১৫ প্ৰবন্ধ
-
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়
অসম অভিযান্ত্ৰিক মহাবিদ্যালয় হৈছে উত্তৰ পূৰ্বাঞ্চলৰ এখন উল্লেখযোগ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। ১৯৫৫ চনত অসমৰ গুৱাহাটী মহানগৰৰ জালুকবাৰী অঞ্চলত এই প্ৰতিষ্ঠানখন প্ৰতিষ্ঠা কৰা হয়। ইয়েই হৈছে প্ৰযুক্তিবিদ্যাত স্নাতক ডিগ্ৰী প্ৰদান কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন প্ৰতিষ্ঠান।
-
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী (Indian Institute of Technology Guwahati, भारतीय प्रोद्योगिकी संसथान गुवाहाटी, IIT Guwahati, IITG) হৈছে ভাৰতৰ ষষ্ঠখন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰে অসমৰ গুৱাহাটীত প্ৰতিষ্ঠা কৰে।
-
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় অসম চৰকাৰৰ দ্বাৰা ১৯৬০ চনত প্ৰতিষ্ঠা কৰা হয়। ইয়াত (২০১২ চনৰ মতে) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত মেকানিকেল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইন্সট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং আৰু চিভিল ইঞ্জিনিয়াৰিং -অৰ স্নাতক…
-
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, অসম চৰকাৰৰ দ্বাৰা ১৯৭১ চনত "চৰকাৰী বিজ্ঞান মহাবিদ্যালয়" নামেৰে যোৰহাট জিলাত প্ৰতিষ্ঠা কৰা হয়। জিলাখনৰ বিজ্ঞান উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল এই প্ৰতিষ্ঠানটো।
-
গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটী
গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (ইংৰাজী নাম: Girijananda Chowdhury Institute of Management and Technology; চমুকৈ জি আই এম টি, কেতিয়াবা জি চি আই এম টি) হৈছে অসমৰ ব্যক্তিগতখণ্ডৰ এখন আগশাৰীৰ ব্যৱস্থাপনা আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান।
-
বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়
বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়(Bineswar Brahma Engineering College) অসম চৰকাৰৰ দ্বাৰা ২০০৮ চনত কোকৰাঝাৰ জিলাত প্ৰতিষ্ঠা কৰা হয়। ২০০৬ চনত অসম চৰকাৰে কোকৰাঝাৰত এখন অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ব বুলি ঘোষণা কৰিছিল।
-
ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ
ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ (National Institute of Technology Silchar) অসমৰ শিলচৰ চহৰত অৱস্থিত এখন অভিযান্ত্ৰিক শিক্ষাৰ প্ৰতিষ্ঠান। ১৯৬৭ চনত আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয় (Regional Engineering College) হিচাপে প্ৰতিষ্ঠিত এই মহাবিদ্যালয়খন ২০০২ চনত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা…
-
প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
হিছ ৰয়েল হাইনেছ প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অসমৰ যোৰহাটত অৱস্থিত এখন উল্লেখযোগ্য প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠান। ১৯২৭ চনত ব্ৰিটিছ চৰকাৰে এই প্ৰতিষ্ঠান খন স্থাপন কৰিছিল। উত্তৰ পূৰ্বাঞ্চলত অভিযান্ত্ৰিক শিক্ষা প্ৰদান কৰা এইখন প্ৰথম প্ৰতিষ্ঠান।
-
কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কোকৰাঝাৰ
কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কোকৰাঝাৰ (Central Institute of Technology Kokrajhar) কোকৰাঝাৰ জিলাত অৱস্থিত। এই ৰাজহুৱা অভিযান্ত্ৰিক প্ৰতিষ্ঠানখন ২০০৬ চনত ভাৰত চৰকাৰে স্থাপন কৰে। ই উত্তৰ-পূৰ্বাঞ্চলৰ অসমত অৱস্থিত।
-
ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী
ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী(Indian Institute of Information Technology,Guwahati বা IIIT-G) অসমৰ গুৱাহাটীত অৱস্থিত ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই উচ্চশিক্ষাৰ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰৰ দ্বাৰা ৰাজহুৱা-ব্যক্তিগত অংশীদ্বাৰত্বত(PPP-mode) প্ৰতিষ্ঠা কৰা হৈছে।
-
গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ
গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ (Girijananda Chowdhury Institute of Management and Technology, Tezpur, চমুকৈ জি আই এম টি, তেজপুৰ) ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰচেষ্টাত গঢ় লৈ উঠা অসমৰ এখন অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠান।
-
গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়
গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় ২০১৯ চনত অসমৰ গোলাঘাট জিলাত অসম চৰকাৰে প্ৰতিষ্ঠা কৰে। ২০১২ চনৰ ৩১ মাৰ্চ তাৰিখে তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ায়ে প্ৰস্তাৱিত এই মহাবিদ্যালয় খনৰ আধাৰশিলা স্থাপন কৰিছিল।
-
ডিব্ৰুগড় পলিটেকনিক
ডিব্ৰুগড় পলিটেকনিক অসমৰ ডিব্ৰুগড় জিলাৰ লাহোৱালত অৱস্থিত এখনি প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠান। অসম চৰকাৰে ১৯৬৫ চনত এই প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল। এইখন প্ৰতিষ্ঠান ৰাজ্যিক প্ৰযুক্তি শিক্ষা পৰিষদ, অসমৰ অন্তৰ্ভুক্ত। ৰাজ্যিক প্ৰযুক্তি শিক্ষা পৰিষদ অসম প্ৰযুক্তি শিক্ষা সঞ্চালকালয়ে পৰিচালনা কৰে।
-
ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়
ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় ২০২০ চনত অসমৰ ধেমাজি জিলাত অসম চৰকাৰে প্ৰতিষ্ঠা কৰে। ২০১১ চনত মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ২০২১ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
-
বৰাক উপত্যকা অভিযান্ত্ৰিক মহাবিদ্যালয়
বৰাক উপত্যকা অভিযান্ত্ৰিক মহাবিদ্যালয় ২০১৭ চনত অসমৰ কৰিমগঞ্জ জিলাত অসম চৰকাৰে প্ৰতিষ্ঠা কৰে। ২০১১ চনৰ ২ মাৰ্চ তাৰিখে তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ায়ে প্ৰস্তাৱিত এই মহাবিদ্যালয় খনৰ আধাৰশিলা স্থাপন কৰে। মহাবিদ্যালয়খন শ্ৰীভূমি জিলাৰ নিৰালা নামৰ ঠাইত অৱস্থিত।