১৯৯০ বৰ্ষৰ চলচ্চিত্ৰ
৭ প্ৰবন্ধ
-
বনানী (চলচ্চিত্ৰ)
বনানী (Banani) হৈছে জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৯০ চনত মুক্তি লভা বোলছবিখনত অভিনয় কৰে বিষ্ণু খাৰঘৰীয়া, মৃদুলা বৰুৱা, সুশীল গোস্বামী, মনামী বেজবৰুৱা আদিয়ে। সংগীত পৰিচালনা সত্য বৰুৱা আৰু প্ৰশান্ত বৰদলৈৰ।
-
অভিমান
অভিমান (Abhiman) ১৯৯০ চনত মুক্তি পোৱা এম জে ফিল্মৰ বেনাৰত নিৰ্মিত মৃদুল গুপ্তা পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা মাণিক ৰহমান আৰু জোনটি দৌলাৰ। সঙ্গীত পৰিচালনা প্ৰশান্ত বৰদলৈৰ।
-
ৱশ্ব'বিপো
ৱশ্ব’বিপো Wosobipo ১৯৯০ চনৰ কাৰ্বি ভাষাৰ এখন ৰঙীন চলচ্চিত্ৰ। গৌতম বৰা পৰিচালিত এইখন কাৰ্বি ভাষাৰ প্ৰথম ছবি। প্ৰযোজনা কৰিছিল কাৰ্বি আংলং জিলা পৰিষদে। সঙ্গীত শ্বেৰ চৌধুৰীৰ।
-
যুঁজ (চলচ্চিত্ৰ)
যুঁজ (Joonj) ১৯৯০ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া ছবি। ছবিখনৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্য আছিল হেমেন দাসৰ। প্ৰযোজনা বিপুল বৰুৱাৰ। অসমৰ লোকসঙ্গীত আৰু শঙ্কৰী সঙ্গীতক আধাৰ স্বৰূপে লৈ ছবিৰ সঙ্গীত ৰচনা কৰিছিল খগেন মহন্ত আৰু ৰমেন বৰুৱাই।
-
কনকলতা (চলচ্চিত্ৰ)
কনকলতা (Kanaklata) অসমৰ দ্বিতীয় মহিলা চলচ্চিত্ৰ পৰিচালক কুন্তলা ডেকাই পৰিচালনা কৰা আৰু লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মাণ কৰা এখন জীৱনীভিত্তিক চলচ্চিত্ৰ। প্ৰযোজক দিলীপ ডেকা আৰু কুন্তলা ডেকা। শব্দগ্ৰহণত পীযুষ কান্তি ৰয়। ১৯৯০ চনৰ ৩ ফেব্ৰুৱাৰীত গুৱাহাটীৰ উদেষ্ণা চিত্ৰগৃহত ছবিখনৰ প্ৰিমিয়াৰ শ্বো হৈছিল।
-
এক ডাক্তৰ কি মৌত
এক ডাক্তৰ কি মৌত (Ek Doctor Ki Maut; অনু. এজন ডাক্তৰৰ মৃত্যু) ১৯৯০ চনত মুক্তি পোৱা তপন সিনহাৰ এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি, য'ত এজন চিকিৎসকে তেওঁৰ গৱেষণাই স্বীকৃতি পোৱাৰ পৰিৱৰ্তে বহিস্কাৰ আমোলাতান্ত্ৰিক গুৰুত্বহীনতা, ভাবুকি আৰু অপমান পোৱাৰ ঘটনাৱলী চিত্ৰায়িত কৰা হৈছে।
-
থায়ী চাহেবা
থায়ী চাহেবা (Thaayi Saheba) ১৯৯৭ চনত মুক্তি পোৱা, গিৰীশ কাছাৰৱল্লী পৰিচালিত কানাড়া ভাষাৰ এখন ভাৰতীয় চলচ্চিত্ৰ। এই ছবিখন ৰংগনাথ শ্যামৰাও লোকপুৰা ৰচিত একে নামৰ কানাড়া উপন্যাসৰ অভিযোজন আছিল। ছবিখনে চাৰিটা শিতানত ৪৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।