অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আহান পাণ্ডে

আহান পাণ্ডে (Ahaan Panday; জন্ম ২৩ ডিচেম্বৰ ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ প্ৰধানকৈ হিন্দী চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ চোহেইল খানৰ ফ্ৰিকি আলী আৰু শুজাত সৌদাগৰৰ সংগীতধৰ্মী কথাছবি ৰক অন ২-ত সহকাৰী পৰিচালক হিচাপে নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰে, দুয়োখন ছবি ২০১৬ চনত মুক্তি পাইছিল।

হালনাগাদ: ২৯ জুলাই ২০২৫ ২৯৬ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

আহান পাণ্ডে (Ahaan Panday; জন্ম ২৩ ডিচেম্বৰ ১৯৯৭)১২ এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ প্ৰধানকৈ হিন্দী চলচ্চিত্ৰ উদ্যোগত কাম কৰে।৩ তেওঁ চোহেইল খানৰ ফ্ৰিকি আলী৪ আৰু শুজাত সৌদাগৰৰ সংগীতধৰ্মী কথাছবি ৰক অন ২-ত সহকাৰী পৰিচালক হিচাপে নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰে, দুয়োখন ছবি ২০১৬ চনত মুক্তি পাইছিল।৫ পাণ্ডেই য়শ ৰাজ ফিল্মছৰ ৰোমাণ্টিক মিউজিকেল ড্ৰামা ছাইয়াৰা (২০২৫)ত অভিনয়েৰে অভিনয় জগতত প্ৰৱেশ কৰে,৬ যাৰ বাবে তেওঁ ব্যাপকভাৱে খ্যাতি লাভ কৰে।৭

প্ৰাৰম্ভিক জীৱন আৰু পটভূমি

১৯৯৭ চনৰ ২৩ ডিচেম্বৰ তাৰিখে৮ মহাৰাষ্ট্ৰৰ মুম্বাইত চিকি পাণ্ডে আৰু ডিয়েন পাণ্ডেৰ ঘৰত আহানৰ জন্ম হৈছিল।৯ তেওঁৰ পিতৃ এগৰাকী ব্যৱসায়ী আৰু মাক এগৰাকী সুস্থতা বিশেষজ্ঞ।১০ তেওঁৰ ডাঙৰ ভগ্নী আলানা পাণ্ডে এগৰাকী ইউটিউবাৰ। তেওঁৰ ককা শৰদ পাণ্ডে ভাৰতীয় হৃদৰোগ বিশেষজ্ঞ আছিল। তেওঁৰ খুড়াক চাংকী পাণ্ডে এগৰাকী অভিনেতা, খুড়ী ভাৱনা পাণ্ডে এগৰাকী পোছাক ডিজাইনাৰ, আৰু তেওঁৰ কাজিন (খুড়াকৰ ছোৱালী) অনন্যা পাণ্ডে এগৰাকী অভিনেত্ৰী। তেওঁ ওবেৰয় আন্তৰ্জাতিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা সূক্ষ্ম কলা, চিনেমাটিক কলা আৰু চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰডাকচন বিষয়ত ডিগ্ৰী লাভ কৰে।১১

কৰ্মজীৱন

পাণ্ডেই ইয়াৰ পূৰ্বে চুটি ছবি নিৰ্মাণ কৰিছিল আৰু চলচ্চিত্ৰ উদ্যোগত পৰ্দাৰ আঁৰত কাম কৰিছিল। যাৰ ভিতৰত মৰ্দানী ২, ৰক অন ২, আৰু ফ্ৰিকি আলীৰ দৰে ছবিসমূহত নথিভুক্ত প্ৰকল্প আৰু সহকাৰী পৰিচালকৰ ভূমিকাও আছিল। ২০১৯ চনত তেওঁ য়শ ৰাজ ফিল্মছৰ সৈতে এটি বহু-চলচ্চিত্ৰ চুক্তি স্বাক্ষৰ কৰিছিল আৰু আদিত্য চোপ্ৰাৰ নিৰ্দেশনাত অভিনয়ৰ ব্যাপক প্ৰস্তুতি চলাইছিল।

পাণ্ডেই মোহিত সূৰী পৰিচালিত মিউজিকেল ৰোমাঞ্চ ছাইয়াৰাত অভিনয়েৰে চলচ্চিত্ৰ জগতত অভিষেক ঘটায় ছবিখনত তেওঁ এগৰাকী উদীয়মান সঙ্গীতশিল্পীৰ চৰিত্ৰত অভিনয় কৰিছিল; যি বাণী বাত্ৰা (অভিনেত্ৰী অনীত পাড্ডা অভিনীত চৰিত্ৰ) নামৰ এগৰাকী সৰলমনা গীতিকাৰৰ প্ৰেমত পৰে। য়শ ৰাজ ফিল্মছৰ দ্বাৰা প্ৰযোজিত, এই ছবিখনে ২০২৫ চনৰ ১৮ জুলাই তাৰিখে চিত্ৰগৃহত মুক্তি লাভ কৰিছিল আৰু সমালোচকৰ ইতিবাচক সমালোচনা লাভ কৰিছিল। ছবিখনে এক বৃহৎ ব্যৱসায়িক সফলতা লাভ কৰিছিল, বিশ্বজুৰি ২৭৮ কোটি টকা উপাৰ্জনেৰে ছবিখনে ২০২৫ চনৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী চলচ্চিত্ৰ আৰু ২০২৫ চনৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় চলচ্চিত্ৰ হিচাপে অভিলেখ গঢ়ে।১২

চলচ্চিত্ৰপুঞ্জী

বৰ্ষশিৰোনামচৰিত্ৰটোকাতথ্যসূত্ৰ
২০১৬ৰক অন ২–সহকাৰী পৰিচালক
ফ্ৰিকি আলী
২০১৯মৰ্দানী ২
২০২৫ছাইয়াৰাকৃষ কাপুৰঅভিনয়ত আত্মপ্ৰকাশ১৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Ananya Panday Sends Birthday Love To Cousin Ahaan With An Adorable Childhood Video. News18
  2. ↑ Ahaan Panday's Birthday Party: Star Kids Rock The Night. News18
  3. ↑ (24 July 2025). Ahaan Panday: Everything you need to know about the 'Saiyaara' debut star. Khaleej Times
  4. ↑ (22 July 2025). 'Saiyaara' is not Ahaan Panday's acting debut; here's where we have seen him before. Telegraph India
  5. ↑ (22 July 2025). Ahaan Panday Recalls Assisting Shraddha Kapoor On Rock On 2 As She Praises Saiyaara: 'You Made Me Feel Seen When Very Few Did'. Free Press Journal
  6. ↑ (19 July 2025). 'Saiyaara' Breaks Indian Box Office Records With Strong Debut Opening. Variety
  7. ↑ Saiyaara Actors Aneet Padda, Ahaan Panday Become Sensations; Instagram Followers Grow Exponentially Overnight. TimesNowNews
  8. ↑ Ahaan Panday was 'as small as a rat' as he was born 42 days early, was transported to hospital in a thermocol box: 'He had a hairline fracture on his leg'. Indianexpress
  9. ↑ Meet Ahaan Panday's mother, Deanne Panday: Former model, Wellness Coach and Author who started her fitness journey at 11, to glowing in her 50s. TimesOfIndia
  10. ↑ Who is Ahaan Panday's father? Chikki Panday once bailed out Shah Rukh Khan. Mid-day
  11. ↑ Ahaan Panday Educational Qualification: Saiyaara Actor Studied Filmmaking At Mumbai University. News18
  12. ↑ (2025-07-24). Saiyaara Box Office: Mohit Suri directorial crosses Rs. 200 cr milestone; races ahead to Rs. 225.73 cr worldwide: Bollywood News. Bollywood Hungama
  13. ↑ (2025-05-29). EXCLUSIVE: Yash Raj Films to release the teaser of Mohit Suri's Ahaan Panday-Aneet Padda starrer Saiyaara on Friday, May 30. বলিউড হাংগামা

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চলচ্চিত্ৰ অভিনেতামুম্বাইৰ অভিনেতামহাৰাষ্ট্ৰৰ ব্যক্তিহিন্দী চলচ্চিত্ৰৰ অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আহান পাণ্ডে” প্ৰবন্ধৰ সংশোধন ৫২৮৩৯৭ (২৯ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।