অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অকলে আছোঁ কুশলে আছোঁ

অকলে আছোঁ কুশলে আছোঁ (akale aso kushale aso) অসমীয়া ভাষাৰ এখন কাব্যগ্ৰন্থ। এই সংকলনখনৰ কবি মৃদুল হালৈ। এই কবিতা পুথিখনে ২০১৩ চনত মুনীন বৰকটকী বঁটা আৰু ২০১৫ চনৰ সাহিত্য অকাডেমী বঁটা যুৱ পুৰস্কাৰ লাভ কৰে। এই কবিতা পুথিখনত কবিগৰাকীৰ মুঠ ৩০টা কবিতা অন্তৰ্ভুক্ত কৰা হৈছে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৩৮২ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

অকলে আছোঁ কুশলে আছোঁ (akale aso kushale aso) অসমীয়া ভাষাৰ এখন কাব্যগ্ৰন্থ। এই সংকলনখনৰ কবি মৃদুল হালৈ। এই কবিতা পুথিখনে ২০১৩ চনত মুনীন বৰকটকী বঁটা আৰু ২০১৫ চনৰ সাহিত্য অকাডেমী বঁটা যুৱ পুৰস্কাৰ লাভ কৰে। এই কবিতা পুথিখনত কবিগৰাকীৰ মুঠ ৩০টা কবিতা অন্তৰ্ভুক্ত কৰা হৈছে। ২০১০ চনৰ মাৰ্চ মাহত কুশীলৱৰ দ্বাৰা প্ৰথম প্ৰকাশিত হোৱা এই কাব্যগ্ৰন্থখন ২০১১ চনত আঁক-বাক প্ৰকাশনে পুনঃ প্ৰকাশ কৰে। ২০১৯ চনৰ ডিচেম্বৰত পুথিখনৰ চতুৰ্থ মুদ্ৰণ মুকলি কৰা হয়। ইয়াৰ প্ৰচ্ছদ সজ্জা মনজিত ৰাজখোৱাৰ।

কবিতাসমূহ

অকলে আছোঁ কুশলে আছোঁ কাব্য-সংকলনখনিত সৰ্বমুঠ ৩০টা কবিতা সন্নিৱিষ্ট কৰা হৈছে। এই কবিতাসমূহ ২০০৬ চনৰ পৰা ২০১০ চনৰ ভিতৰত ৰচনা কৰা হৈছে। সৰহ সংখ্যক কবিতাই প্ৰান্তিক আলোচনীত প্ৰকাশিত। মূলতঃ নীলমণি ফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), হীৰেন ভট্টাচাৰ্য আৰু নীলিম কুমাৰৰ দ্বাৰা অনুপ্ৰাণিত হোৱা হালৈৰ কবিতাত আইতাকৰ মুখত শুনা লোকগীত, পদ, লোককথা আদিৰ যথেষ্ট প্ৰভাৱ আছে বুলি তেওঁ স্বীকাৰ কৰিছে।১

  • অকলে আছোঁ কুশলে আছোঁ
  • বিচ্ছেদৰ কাব্য
  • সহোদৰ
  • ৰুমাল
  • মাত
  • ঘৰ
  • মাটিকুঁৱৰী
  • উৰি যাম জলফাই
  • আই
  • ভনী
  • পাঠশালা
  • এনেকৈয়ে
  • ৰাইজ মেল
  • ডাকি বোলহু হৰি হৰি
  • হৰিনাম ৰসে
  • এটা গান
  • কালি দুপৰীয়া
  • জোনাক
  • শিশুহঁত ভালে থাকক
  • বেলুন
  • আজিয়েই যেন প্ৰথম দেখিলোঁ তোমাক
  • ৰ'দৰ ৰে'ল
  • আমি/১
  • সন্ধ্যা
  • দুপৰীয়া
  • আমি/২
  • টোপনি
  • প্ৰেমৰ পদ্য
  • জন্মদিন

কবিৰ চমু পৰিচয়

মূল প্ৰবন্ধ: মৃদুল হালৈ

মৃদুল হালৈ এগৰাকী অসমীয়া কবি আৰু সাংবাদিক। প্ৰান্তিক আলোচনীৰ পাতত তেওঁ কবি হিচাপে আত্মপ্ৰকাশ কৰে। অকলে আছোঁ কুশলে আছোঁ কাব্য সংকলনৰ বাবে তেওঁ মুনীন বৰকটকী বঁটা আৰু সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ লাভ কৰে। তেওঁৰ আমাৰ ভাল হ'ব শীৰ্ষক দ্বিতীয় এখন কাব্য সংকলন আৰু নীলমণি ফুকনৰ কবিতাৰ নেপথ্য নামৰ এখন সাক্ষাৎকাৰ তথা কথোপকথন মুলক গ্ৰন্থও প্ৰকাশিত হৈছে য'ত তেওঁ কবি নীলমণি ফুকনৰ বিভিন্ন কবিতা আৰু চিত্ৰকৰ্ম সম্বন্ধে আলোচনা কৰিছে।

মন্তব্য আৰু সমালোচনা

কবি হৰেকৃষ্ণ ডেকাই কৈছে

"তেওঁৰ অনুচ্চ কণ্ঠৰ কবিতাবোৰত নিসংগতা, বিষাদ, বিচ্ছেদৰ বেদনা মৰ্মস্পৰ্শী হৈ প্ৰকাশ পাইছে আৰু এই সংকলনৰ কেইবাটাও কবিতাই মোক মুগ্ধ কৰিছে। নিসংগতাৰ পৰা সমাগমৰ মাজলৈ আহিলে তেওঁ সমাজ জীৱনৰ বহু নতুন দিশৰ অভিজ্ঞতা লাভ কৰিব আৰু উপলব্ধিও সমৃদ্ধ হ'ব।" ২

সমালোচক অৰিন্দম বৰকটকীয়ে কৈছে

"ভাব আৰু ভাষাৰ মাধুৰ্য মৃদুলৰ কবিতাত আছে। তেওঁৰ কবিতাৰ চিন্তা-ঐতিহ্য আমাৰ সংস্কৃতিৰ পৰা সৃষ্টি হোৱা, বিদ্যায়তনিক আধুনিকতাৰ পৰা তেওঁ দূৰৈত, ৰোমাণ্টিক, কিন্তু বাস্তৱ জগতক তেওঁ অস্বীকাৰ কৰা নাই। আধুনিকতাৰ অৱক্ষয়ধৰ্মীতাৰ বিপৰীতে জীৱন আকাংক্ষাক পৰম (absolute) মৰ্যাদা দিয়া এইজন কবিৰ ছোঁঘৰত নীৰৱতা আৰু নিসংগতা লুকাই আছে। সেয়েহে তেওঁ লিখা কবিতাবোৰ পঢ়ি, ভাল কবিতাবোৰ সাম্প্ৰতিক জীৱনৰ হাই-উৰুমি, কোহালৰ পৰা তুলি অনা ব্যাখ্যা নহয় বুলি আমি পতিয়ন গৈছোঁ। বহুদিনৰ মূৰৰ্ত মৃদুলৰ কেইটামান কবিতাই কবিতা পঢ়াৰ virgin অনুভূতিৰ মুখামুখি কৰোৱাইছে।" ২

বঁটা আৰু সন্মান

তথ্যসূত্ৰ

  1. ↑ দীপাংকৰ দত্ত. কবি মৃদুল হালৈৰ সৈতে আলাপ. আমাৰ অসম
  2. ↑ মৃদুল হালৈ. অকলে আছোঁ, কুশলে আছোঁ. আঁক-বাঁক
  3. ↑ মুনীন বৰকটকী সাহিত্য বঁটা বিজয়ীসকল
  4. ↑ YUVA PURASKAR (2011-2021)

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবিতাপুথিসাহিত্য অকাডেমি যুৱ পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অকলে আছোঁ কুশলে আছোঁ” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৬২ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।