১৯৯৪ বৰ্ষৰ চলচ্চিত্ৰ
৯ প্ৰবন্ধ
-
অগ্নিগড় (চলচ্চিত্ৰ)
অগ্নিগড় (Agnigarh) ১৯৯৪ চনত মুক্তি পোৱা এখন সাম্প্ৰতিক বিষয়বস্তুৰ আধাৰত নিৰ্মিত অসমীয়া ছবি। অগ্নিগড়ৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা চন্দ্ৰ মুদৈৰ। প্ৰযোজনা প্ৰদীপ গগৈৰ। মূল চৰিত্ৰটোত অভিনয় কৰিছে অৰুণ নাথে। সংগীত ভূপেন উজীৰৰ। গীতত কণ্ঠদান কৰিছে ভূপেন হাজৰিকাই।
-
মীমাংসা (চলচ্চিত্ৰ)
মীমাংসা (Mimanxa, The Verdict...) হৈছে সঞ্জীৱ হাজৰিকাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। নিৰ্মালী আৰ্টছৰ বেনাৰত নিৰ্মাণ সম্পন্ন হোৱা ছবিখন ১৯৯৪ চনত ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হৈছিল। ছবিখনৰ কাহিনী লিখিছিল সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে। ছবিখনে ১৯৯৮ চনত মুক্তি লাভ কৰে।
-
একত্ৰিশ জুন
একত্ৰিশ জুন (Ektrish June) প্ৰথম অসমীয়া ফেণ্টাচী ছবি। তুৰংগ ফিল্মছৰ বেনাৰত উলেম আহমেদ আৰু লক্ষ্মণ শ্বাহ প্ৰযোজিত আৰু ভাস্কৰ বৰা পৰিচালিত এই ছবিখন ১৯৯৪ৰ ৮ এপ্ৰিলৰ দিনা মুক্তি পাইছিল।
-
আনজাম
আনজাম (Anjaam) হৈছে ৰাহুল ৰাৱাইলৰ দ্বাৰা পৰিচালিত ১৯৯৪ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ৰোমাণ্টিক মনস্তাত্ত্বিক থ্ৰিলাৰ চলচ্চিত্ৰ। ইয়াত মাধুৰী দীক্ষিত আৰু শ্বাহৰুখ খানে মুখ্য চৰিত্ৰত অভিনয় কৰিছে, লগত আছে সুধা চন্দ্ৰন, টিন্নু আনন্দ, বীনা বেনাৰ্জী, কিৰণ কুমাৰ, কল্পনা আয়াৰ আৰু হিমানী শিৱপুৰীকে ধৰি এদল…
-
ঊনিশে এপ্ৰিল
ঊনিশে এপ্ৰিল ( Unishe April ), অনু. ঊনৈশ এপ্ৰিল) ১৯৯৪ চনত মুক্তি পোৱা ঋতুপৰ্ণ ঘোষ পৰিচালিত এখন বঙালী নাট্যধৰ্মী চলচ্চিত্ৰ। স্পন্দন ফিল্মছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে ৰেণু ৰায়ে।
-
কৰুথম্মা
কৰুথম্মা ( Karuthamma ) হৈছে ১৯৯৪ চনৰ ভাৰতীয় তামিল ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ, যাৰ প্ৰযোজনা আৰু পৰিচালনা কৰিছে ভাৰতী ৰাজাই। ছবিৰ কাহিনী এম ৰথ্নাকুমাৰৰ এটা গল্পৰ পৰা লোৱা হৈছে। ছবিখনৰ তাৰকা অভিনয় শিল্পী ৰাজা, ৰাজাশ্ৰী আৰু মহেশ্বৰী।
-
ভৈৰৱ দ্বীপম
ভৈৰৱ দ্বীপম (Bhairava Dweepam) ১৯৯৪ চনত নিৰ্মিত, ছিংগীতম শ্ৰীনিবাস ৰাওৰ দ্বাৰা পৰিচালিত, ভাৰতীয় তেলেগু ভাষাৰ এখন হাই ফেণ্টাচি ছবি। নন্দমুৰি বালকৃষ্ণ আৰু ৰোজাই মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনত বিজয়া ৰংগৰাজাই মুখ্য প্ৰতিদ্বন্দ্বী ভৈৰৱৰ চৰিত্ৰত অভিনয় কৰিছে।
-
মাগালিৰ মাট্টুম (১৯৯৪ চলচ্চিত্ৰ)
মাগালিৰ মাট্টুম ( Magalir Mattum) ১৯৯৪ চনৰ ছিংগীতম শ্ৰীনিবাস ৰাওৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় তামিল ভাষাৰ এখন ব্যংগ ছবি। প্ৰযোজনা কমল হাছানৰ আৰু ৰচনা ক্ৰেজি মোহনৰ। ছবিখনত অভিনয় কৰিছে নাছাৰ, ৰেৱতী, উৰ্বশী আৰু ৰোহিনীয়ে।
-
মাম্মো
মাম্মো (Mammo ) হৈছে ১৯৯৪ চনj শ্যাম বেনেগাল পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ ছবি। ইয়াত অভিনয় কৰিছে ফৰিদা জালাল, সুৰেখা ছিক্ৰী, অমিত ফাল্কে আৰু ৰজিত কাপুৰে। ছবিখন ১৯৯৫ চনত হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।