মাতৃভাষা বা প্ৰথম ভাষা (First language; Mother tongue বা Mother language) হৈছে সমাজৰ ল’ৰা-ছোৱালীয়ে শিশু অৱস্থাতে পিতৃ-মাতৃৰ মুখৰ পৰা আহৰণ কৰা ভাষা।১ কিছুমান দেশত, স্থানীয় ভাষা বা মাতৃভাষা শব্দটোৱে নিজৰ প্ৰথম ভাষাৰ সলনি নিজৰ জাতিগোষ্ঠীৰ ভাষা বা উপভাষাক বুজায়।২
শিশুৰ প্ৰথম ভাষাটোৱে ব্যক্তিত্ব, সামাজিক আৰু সাংস্কৃতিক পৰিচায়ক।৩ প্ৰথম ভাষাৰ আন এটা প্ৰভাৱ হ’ল এই যে, ই অভিনয় আৰু কথন আয়ত্ব কৰাত সফল সামাজিক আৰ্হিৰ প্ৰতিফলন ঘটায়।৪ গৱেষণাৰ পৰা দেখা গৈছে যে, এগৰাকী অনা-স্থানীয় ভাষী শিশু কোনো এটা ভাষা প্ৰায় দুবছৰত সাৱলীলতা গঢ়ি তুলিব পাৰে যদিও সেই শিশুটিয়ে তেওঁলোকৰ স্থানীয় ভাষী সমকক্ষসকলৰ সৈতে একে কৰ্মৰত স্তৰ পাবলৈ পাঁচৰ পৰা সাত বছৰ সময়ৰ প্ৰয়োজন হয়।৫
১৯৯৯ চনৰ ১৭ নৱেম্বৰত ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাই ২১ ফেব্ৰুৱাৰী দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে নিৰ্ধাৰণ কৰে।
অৰ্থ
অসমত এটা বৃহৎ সম্প্ৰদায়ৰ লোকে অসমীয়া ভাষাক মাতৃভাষা ৰূপে ব্যৱহাৰ কৰে।১ অসমৰ বড়ো জনগোষ্ঠী, বড়ো-কছাৰী, ৰাভা জনগোষ্ঠী, তিৱা জনগোষ্ঠী, মিচিং জনগোষ্ঠী আদি ভাষাও সেই সেই জনজাতীয় লোকৰ মাতৃভাষা।১
ভাষাবিদ ড° ৰমেশ পাঠকে “ভাষা-বিজ্ঞানৰ ভূমিকা”ত মাতৃভাষাৰ সম্বন্ধে লিখিছে যে,৬
মাক-দেউতাকৰ ভাষাটোকে স্বাভাৱিকতে শিশুৱে শিকে। এই ক্ষেত্ৰত মাকৰ ভূমিকা সৰ্বাধিক বাবে মাতৃভাষা নাম দিয়া হৈছে। আচলতে মাতৃভাষা মানে সেইটো ভাষা, যি ভাষাৰে এজন মানুহে চিন্তা কৰে, সপোন দেখে আৰু নিজৰ মনৰ ভাব প্ৰকাশ কৰিবলৈ আটাইতকৈ সহজ পায়।৬
আৰু উদাহৰণ দি কৈছে যে,
আধুনিক ভাষা-বিজ্ঞানী কিছুমানে ‘মাতৃভাষা’ শব্দটোৰ ক্ষেত্ৰত আপত্তি তুলিছে। কিয়নো, আগৰ কালত যোগাযোগৰ অসুবিধাৰ কাৰণেই হওক বা সামাজিক ধ্যান-ধাৰণাৰ বাবেই হওক সাধাৰণতে একে ভাষা সম্প্ৰদায়ৰ মাজত বিয়া-বাৰু হৈছিল আৰু সেইবাবেই মাতৃভাষা শব্দটো তেতিয়া খাপ খাইছিল। আধুনিক যুগত যাতায়াতৰ তাগিদাত দেশ-বিদেশত থাকিব লগা হৈছে— বিদেশী ছোৱালী বিয়া কৰাইছে। ধৰি লোৱা হ’ল— লণ্ডনত বাস কৰা অসমীয়া এজনে জাৰ্মান ছোৱালী বিয়া কৰালে। দুয়ো দুয়োৰে ভাষা বুজি নোপোৱা বাবে ইংৰাজীৰে কাম-কাজ চলায়। তেওঁলোকৰ সন্তানটোৱেও ইংৰাজীকে শিকিলে। শিশুটোৰ ভাষাক মাতৃভাষা বোলা যুক্তিসঙ্গত হ’বনে? এনেধৰণৰ খেলিমেলি আঁতৰাবৰ বাবে বহুতে মাতৃভাষাৰ সলনি প্ৰথম ভাষা (first language) শব্দটো অধিক অৰ্থৱহ হ’ব বুলি ভাবে।৬
তথ্যসূত্ৰ
- ↑ গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ. (Nov, 2000). ((অসমীয়া ব্যাকৰণ প্ৰৱেশ)). বীণা লাইব্ৰেৰী. পৃ. 28
- ↑ Davies, Alan. (2003). The Native Speaker: Myth and Reality. Multilingual Matters. ISBN 1-85359-622-1
- ↑ Terri Hirst: The Importance of Maintaining a Childs First Language. bisnet.or.id
- ↑ Boroditsky, Lera. (2001). Does language shape thought?: Mandarin and English speakers' conceptions of time. Cognitive Psychology. পৃ. 1–22
- ↑ IRIS · Page 5: Language Acquisition. iris.peabody.vanderbilt.edu
- ↑ পাঠক, ড॰ ৰমেশ. (January, 2016). ((ভাষা-বিজ্ঞানৰ ভূমিকা)). অশোক বুক ষ্টল. পৃ. 27
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাতৃভাষা” প্ৰবন্ধৰ সংশোধন ৩৮২৫৬২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।