অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মৌ-মাখি

মৌ-মাখি (Honey bee) এবিধ সন্ধিপদী প্ৰাণী। সমাজ পাতি বাস কৰা মৌ-মাখিবোৰক পৃথিৱীৰ সকলো ঠাইতে পোৱা যায়। ইহঁতে ফুলে ফুলে ৰস বিচাৰি উৰি ফুৰে। শৰীৰৰ গঠন আৰু কামৰ দিশৰ পৰা এইবোৰক উচ্চস্তৰৰ পতংগ ৰূপে জনা যায়। ইহঁতে মৌবাহ সাজি থাকে। এই মৌবাহবোৰক মৌচাক বোলা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৮৬ শব্দ · ২ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

মৌ-মাখি (Honey bee) এবিধ সন্ধিপদী প্ৰাণী। সমাজ পাতি বাস কৰা মৌ-মাখিবোৰক পৃথিৱীৰ সকলো ঠাইতে পোৱা যায়। ইহঁতে ফুলে ফুলে ৰস বিচাৰি উৰি ফুৰে। শৰীৰৰ গঠন আৰু কামৰ দিশৰ পৰা এইবোৰক উচ্চস্তৰৰ পতংগ ৰূপে জনা যায়। ইহঁতে মৌবাহ সাজি থাকে। এই মৌবাহবোৰক মৌচাক বোলা হয়। পৰাগৰেণু আৰু ফুলৰ ৰসৰপৰা ইহঁতে সুস্বাদু মৌ-জোল তৈয়াৰ কৰে।

মৌ-মাখিৰ প্ৰকাৰ

মৌ-মাখি তিনি প্ৰকাৰৰ পোৱা যায়:

  1. কৰ্মী মৌ-মাখি
  2. ৰাণী মৌ-মাখি
  3. পুং মৌ-মাখি

কৰ্মী মৌ-ৰ শৰীৰৰ পিছঅংশত এডাল বিষধৰ শুং থাকে আৰু ই ইয়াক মাত্ৰ এবাৰহে ব্যৱহাৰ কৰিব পাৰে। ৰাণী মৌৰ শৰীৰটো এডাল শুং থাকে আৰু ই ইয়াক কেইবাৰু ব্যৱহাৰ কৰিব পাৰে। পুং মৌ-ৰ শৰীৰত কোনো শুং নাথাকে।

কৰ্মী মৌ-মাখি

নিষিক্ত কণীৰপৰা কৰ্মী মৌ বা মাইকী মৌ-ৰ জন্ম হয়। ই দেখাত ক'লা আৰু মুগা বৰণৰ। ইহঁতৰ কাম হ'ল ফুলৰ পৰা ফুলৰ পৰাগৰেণু আৰু ৰস সংগ্ৰহ কৰি মৌ-জোল তৈয়াৰ কৰা। পোৱালি আৰু ৰাণী মৌ-মাখিৰ আলপৈচান ধৰাৰ উপৰিও বাহটোৰ সকলো যাবতীয় কাম কৰ্মী মৌ-মাখিয়ে কৰে। কৰ্মী মৌ-মাখিয়ে খাদ্যৰ উৎস বিচাৰি বহু দূৰলৈকে ভ্ৰমণ কৰে আৰু ঘূৰি আহি বিশেষ প্ৰকাৰৰ নাচ সংগী মৌ-ৰ আগত প্ৰৰ্দশন কৰে। খাদ্যৰ উৎস ওচৰত হ'লে খৰকৈ গোল গোলকৈ ঘূৰি ঘূৰি, খাদ্যৰ উৎস অলপ দূৰত হ'লে (৮০ মিটাৰমান) শৰীৰৰ কেৱল পিচফালৰ অংশ লৰাই আৰু খাদ্যৰ উৎস বহু দূৰত হ'লে লাহে লাহে নাচ প্ৰদৰ্শন কৰে। ইয়াৰ দ্বাৰাই কৰ্মী মৌয়ে খাদ্যৰ উৎসৰ বিষয়ে সংগী মৌক অৱগত কৰে।

ৰাণী মৌ-মাখি

ৰাণীজনীৰ দেহাটো লাহি আৰু দীঘলীয়া (১৫-২০ মিলিমিটাৰমান)। আনবোৰ মৌ-মাখিৰ পৰা ৰাণীজনীক সহজে চিনিব পাৰি। পেটৰ অংশ দীঘলীয়া আৰু ক্ৰমান্নয়ে জোঙা। ঠেং আৰু পাখিবোৰ চুটি। পলু অৱস্থাত থাকোঁতেই কৰ্মী মৌবোৰে স্বাহ্যবান পলু এটাক ৰাণীৰ বাবে নিৰ্বাচিত কৰি উলিয়াই আৰু পলু অৱস্থাৰ পৰাই বিশেষ আলপৈচান আৰু খাদ্য যোগানেৰে টনকিয়াল কৰি তোলে। এনেকৈয়ে এই বিশেষ মৌ-জনী অন্যবোৰ মৌ-ৰপৰা পৃথক হৈ প্ৰজনন ক্ষমতাসম্পন্ন হৈ ৰাণী মৌ-লৈ পৰিবৰ্তীত হয়। এজনী ৰাণী মৌৱে এদিনত প্ৰায় ২০০০টা কণী পাৰে আৰু কেৱল ৰাণী মৌৱেহে কণী পাৰিব পাৰে। সাধাৰণতে এবাহ মৌ-ত এজনীহে ৰাণী থাকে।

পুং মৌ-মাখি

অনিষিক্ত কণীৰপৰা পুং মৌৰ জন্ম হয়। এইবিধ মৌ-মাখি ১৫-১৭ মিলিমিটাৰমান দীঘল। দেখাত দেহাটো মজবুত আৰু বহল। ইয়াৰ বৰণ ক'লা। ইহঁত একেবাৰে এলেহুৱা। মৌবাহৰ বাবে কোনো কাম ইহঁতে নকৰে। যৌন সংগমৰ সময়ত পুং মৌৰ শৰীৰৰ এটা অংশ (endophallus) ৰাণী মৌৰ শৰীৰত সংলগ্ন হৈ থাকি আহে। সেয়ে যৌন সংগমৰ অলপ সময়ৰ পাছেত পুং মৌ-টোৰ মৃত্যু হয়।

তথ্যসূত্ৰ

সহায়ক গ্ৰন্থ

  • Engel, Michael S. & Grimaldi, David (2005): Evolution of the Insects. Cambridge University Press.
  • Kak, Subhash C. (1991): The Honey Bee Dance Language Controversy. The Mankind Quarterly Summer 1991: 357-365. HTML fulltext
  • Lindauer, Martin (1971): Communication among social bees. Harvard University Press.

সম্পৰ্কিত শ্ৰেণী

পতংগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৌ-মাখি” প্ৰবন্ধৰ সংশোধন ৩৮২৭২৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।