ওড়িয়া কবি
১৩ প্ৰবন্ধ
-
ওড়িয়া কবিৰ তালিকা
বলৰাম দাস (১৪৭৪—১৫২২) জগন্নাথ দাস (১৪৯০—১৫৫০) অনন্ত দাস (পঞ্চদশ শতিকাৰ কবি) যশোবন্ত দাস (পঞ্চদশ শতিকাৰ কবি) সাৰলা দাস (পঞ্চদশ শতিকাৰ কবি) অচ্যুতানন্দ দাস (ষষ্ঠদশ শতিকাৰ কবি) মাধৱী দাসী (ষষ্ঠদশ শতিকাৰ কবি) পুৰুষোত্তম দাস (১৫৫০—১৬০০) দীনকৃষ্ণ দাস (১৬৫০—১৭১০) বনমালী দাস (১৭২০—১৭৯৩) ব্ৰজনাথ বড়জেনা…
-
তপন কুমাৰ প্ৰধান
তপন কুমাৰ প্ৰধান (জন্ম ১৯৭২) উৰিষ্যাৰ এজন ভাৰতীয় কবি, লেখক আৰু অনুবাদক। তেওঁ তেওঁৰ কবিতা সংকলন "কালাহাণ্ডি"ৰ বাবে সৰ্বাধিক জনাজাত যাক ২০০৭ চনত সাহিত্য অকাডেমীৰ সোণালী জয়ন্তী অনুবাদ বঁটাত কবিতাৰ বাবে দ্বিতীয় স্থান প্ৰদান কৰা হৈছিল।
-
ফকীৰ মোহন সেনাপতি
ফকীৰ মোহন সেনাপতি (ওড়িয়া: ଫକୀର ମୋହନ ସେନାପତି; ১৩ জানুৱাৰী ১৮৪৩ – ১৪ জুন ১৯১৮), আছিল উৎকল ব্যাস কবি (ওড়িশাৰ বেদব্যাস) নামেৰে উল্লেখযোগ্য এজন ভাৰতীয় সাহিত্যিক, কবি, দাৰ্শনিক আৰু সমাজ সংস্কাৰক। মূলতঃ ভাৰতৰ ওড়িশা ৰাজ্যত কথিত ভাষা ওড়িয়া ভাষাৰ সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰাত তেওঁৰ সহায় আছিল।
-
সীতাকান্ত মহাপাত্ৰ
সীতাকান্ত মহাপাত্ৰ (Sitakant Mahapatra; জন্ম:১৭ ছেপ্টেম্বৰ, ১৯৩৭) এগৰাকী ভাৰতীয় কবি আৰু ওড়িয়া আৰু ইংৰাজী ভাষাৰ সাহিত্য সমালোচক। ১৯৯৫ চনত অৱসৰ লোৱাৰ আগলৈকে তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আছিল আৰু ১৯৬১ চনৰপৰা আই এ এছ ৰূপে কামত মকৰল আছিল।
-
ব্ৰজনাথ ৰথ
ব্ৰজনাথ ৰথ (Brajanath Ratha) (১২ জানুৱাৰী ১৯৩৬ – ৩১ মে’ ২০১৪) এগৰাকী আধুনিক ওড়িয়া কবি। ১৯৩৬ চনত ওড়িশাৰ বালেশ্বৰ জিলাৰ সুনহট নামৰ ঠাইত জন্ম। ব্ৰজনাথ ৰথে দেশ, জাতি আৰু সাধাৰণ লোকক লৈ তেওঁৰ কবিতাসমূহ ৰচনা কৰিছিল।
-
কল্পনা কুমাৰী দেৱী
কল্পনা কুমাৰী দেৱী (১৯৩৬ – ২৮ আগষ্ট ২০১৭) এজন ভাৰতীয় ঔপন্যাসিক আৰু কবি। তেওঁ ওড়িয়া ভাষাৰ সাহিত্যৰ বাবে ২০১১ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।
-
কালিন্দী চৰণ পাণিগ্ৰাহী
কালিন্দী চৰণ পাণিগ্ৰাহী (ইংৰাজী: Kalindi Charan Panigrahi; ২ জুলাই ১৯০১ – ১৫ মে' ১৯৯১) এজন বিশিষ্ট ওড়িয়া কবি, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু প্ৰবন্ধকাৰ। ‘সবুজ যুগ’ সাহিত্য-আন্দোলনৰ অন্যতম মুখ্য ধাৰাৰ সাহিত্যিক হিচাপে তেওঁ ওড়িয়া সাহিত্যত আধুনিক মনোভাব সাৰ্থকভাৱে প্ৰতিষ্ঠা কৰিছিল।
-
কুন্তলা কুমাৰী সাবত
কুন্তলা কুমাৰী সাবত (১৯০১–১৯৩৮) ঔপনিৱেশিক ভাৰতৰ সময়ত এগৰাকী ওড়িয়া কবি। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত ওড়িশাৰপৰা বিশিষ্টতা লাভ কৰা মহিলা কবিসকলৰ ভিতৰত তেওঁ অন্যতম। বহুমুখী ব্যক্তিত্বৰ অধিকাৰী সাবত আছিল এগৰাকী চিকিৎসক, লেখিকা, কবি, সম্পাদিকা, জাতীয়তাবাদী আন্দোলনৰ নেত্ৰী আৰু সমাজকৰ্মী।
-
গায়ত্ৰীবালা পাণ্ডা
গায়ত্ৰীবালা পাণ্ডা (Gayatribala Panda; জন্ম: ১৭ এপ্ৰিল ১৯৭৭) ভাৰতৰ ওড়িশা ৰাজ্যৰ ভুৱনেশ্বৰৰ এগৰাকী ভাৰতীয় কবি, কল্পকাহিনী লেখক আৰু সাংবাদিক।
-
প্ৰতিভা শতপথী
প্ৰতিভা শতপথী (জন্ম: ১৮ জানুৱাৰী ১৯৪৫) এগৰাকী ওড়িয়া কবি। তেওঁ ওড়িশাৰ কটক জিলাৰ সত্যভামাপুৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ জীৱনৰ প্ৰথম পাঁচ বছৰ কৰাপুটত কটিছিল। ভাল বিদ্যালয়ত শিক্ষা গ্ৰহণৰ বাবে তেওঁৰ পৰিয়াল সত্যভামাপুৰলৈ স্থানান্তৰিত হৈছিল। কৈশোৰতে তেওঁ ওড়িছী নৃত্যৰ শিক্ষাও লাভ কৰিছিল।
-
সাৰলা দাস
সাৰলা দাস (ওড়িয়া: ସାରଳା ଦାସ, ইংৰাজী: Sarala Dasa, জন্মনাম: সিদ্ধেশ্বৰ পৰিড়া) আছিল ওডিয়া সাহিত্যৰ ১৫শ শতিকাৰ এজন খ্যাতনামা কবি আৰু পাণ্ডিত। তেওঁ সাৰলা মহাভাৰত, বিলংকা ৰামায়ণ আৰু চণ্ডী পুৰাণ নামৰ তিনখন উল্লেখযোগ্য গ্ৰন্থৰ বাবে বিশেষভাৱে পৰিচিত।
-
সুলক্ষণা দেৱী
সুলক্ষণা দেৱী (১৮২৯—১৯০১) ওড়িয়া ভাষাৰ এগৰাকী কবি৷ স্বামীৰ মৃত্যুৰ পিছত তেওঁ নিজকে ঈশ্বৰৰ প্ৰতি উৎসৰ্গা কৰি “পাৰিজাতমালা” নামৰ এখন কবিতা সংকলন ৰচনা কৰে৷
-
মনোৰমা মহাপাত্ৰ
মনোৰমা মহাপাত্ৰ (ইংৰাজী: Manorama Mohapatra; জন্ম: ১০ জুন ১৯৩৪ – ১৮ ছেপ্টেম্বৰ ২০২১) এগৰাকী ভাৰতীয় লেখিকা, কবি আৰু সম্পাদক আছিল, যিয়ে মুখ্যত ওড়িয়া ভাষাত সাহিত্য চৰ্চা কৰিছিল। তেওঁ উপন্যাস আৰু কবিতা সংকলন সামৰি মুঠ ৪০খন গ্ৰন্থ ৰচনা কৰিছিল আৰু ওড়িয়া বাতৰি কাকত দ্য সমাজৰ সম্পাদনা কৰিছিল।