তানপুৰা এবিধ চাৰি (বা পাঁচ) ডাল তাঁৰযুক্ত বাদ্যযন্ত্ৰ। ছয়ডাল তাঁৰযুক্ত তানপুৰাও দেখা পোৱা যায়। ইয়াক প্ৰধানকৈ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ লগত সংগত কৰা হয়। তানপুৰাক তম্বুৰা বুলিও জনা যায়।
তানপুৰাৰ উদ্ভাৱক
জনশ্ৰুতিমতে তম্বৰু নামৰ এজন ঋষিয়ে চাৰিডাল তাঁৰযুক্ত কৰি তানপুৰা উদ্ভাৱন কৰিছিল। তম্বুৰ ঋষিৰ নামৰ পৰাই এই বাদ্যৰ নাম তম্বুৰা আৰু পাছলৈ তানপুৰা হয়। আন কিছুমানৰ মতে মধ্য-পূবৰ তানবুৰ নামৰ বাদ্যযন্ত্ৰৰ আৰ্হিতে তানপুৰা সঁজা হৈছে। ভাৰতীয় আৰু কৰ্ণাটকি শাস্ত্ৰীয় সংগীতৰ ৰাগ পৰিৱেশনৰ লগত তানপুৰাৰ ব্যৱহাৰ অপৰিহাৰ্য।১
তথ্যসূত্ৰ
- ↑ বৰুৱা, শান্তনু কৌশিক. (৩৫শ বছৰ). জ্ঞানাঞ্জন. প্ৰান্তিক. পৃ. ১৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তানপুৰা” প্ৰবন্ধৰ সংশোধন ২৫৯০২৬ (১২ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।