কন্নড় ব্যক্তি
১০ প্ৰবন্ধ
-
ভীমসেন যোশী
ভীমসেন যোশী ; জন্ম ৪ ফেব্ৰুৱাৰী ১৯২২ - মৃত্যু ২৪ জানুৱাৰী ২০১১) এগৰাকী এজন বিশ্ববিখ্যাত ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী। তেওঁ মূলত শাস্ত্ৰীয় সংগীতৰ খেয়াল গায়ক হিচাপে বেছি পৰিচিত। ইয়াৰ উপৰি তেওঁ ভজন, থুমৰি, দাদৰাৰ দৰে শাস্ত্ৰীয় সংগীতৰ অন্যান্য ধাৰাতো জনাজাত আছিল।
-
অনুশ্ৰী
অনুশ্ৰী এজনী ভাৰতীয় টেলিভিছন উপস্থাপক আৰু অভিনেত্ৰী যিয়ে প্ৰধানকৈ কন্নড় চলচ্চিত্ৰত অভিনয় কৰে।
-
প্ৰিয়ংকা মোহন
প্ৰিয়ংকা অৰুল মোহন (Priyanka Arul Mohan; জন্ম: ২০ নৱেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ তামিল আৰু তেলেগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ কন্নড় ছবি অন্ধ কাথে হেল্লা (২০১৯)ৰ জৰিয়তে চলচ্চিত্ৰ জগতত খোজ পেলায়।
-
অনুপমা নিৰঞ্জনা
অনুপমা নিৰঞ্জনা (Anupama Niranjana; ১৯৩৪–১৯৯১) ভাৰতৰ এগৰাকী চিকিৎসক আৰু আধুনিক কানাড়া কল্পকাহিনী আৰু অকল্পকাহিনীৰ লেখক। তেওঁ মহিলাৰ দৃষ্টিভংগীৰ পোষকতা কৰিছিল আৰু কানাড়া ভাষাত এনে লেখকৰ ভিতৰত অন্যতম আছিল, য’ত ত্ৰিবেনি আৰু এম কে ইন্দিৰাৰ দৰে আন লেখকো অন্তৰ্ভুক্ত।
-
অৰ্চনা (কন্নড় অভিনেত্ৰী)
অৰ্চনা এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে কন্নড়, তেলেগু, তামিল আৰু হিন্দী চলচ্চিত্ৰত কাম কৰি আহিছে। তেওঁ ই হৃদিয়া নিনাগাগী (১৯৯৬), এ (১৯৯৮), ফুল ঔৰ আগ (১৯৯৯) আৰু যজামানা (২০০০) আদি চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
এইচ. এছ. মুক্তায়াক্কা
এইচ. এছ. মুক্তায়াক্কা (ইংৰাজী: H. S. Mukthayakka) কন্নড় ভাষাৰ এগৰাকী লেখিকা। তেওঁ কন্নড় সাহিত্যত আধুনিক মহিলা কবিতাৰ এগৰাকী অগ্ৰণী শিল্পী। তেওঁ প্ৰয়াত কবি শান্তৰসৰ কন্যা।
-
গংগাদেৱী
গংগাদেৱী, যাক গংগাম্বিকা বুলিও কোৱা হয়, বৰ্তমান ভাৰতৰ বিজয়নগৰ সাম্ৰাজ্যৰ চতুৰ্দশ শতিকাৰ এগৰাকী ৰাজকুমাৰী আৰু সংস্কৃত কবি আছিল। তেওঁ বিজয়নগৰৰ ৰজা কুমাৰ কম্পনাৰ পত্নী আছিল। কুমাৰ আছিল প্ৰথম বুক্কা ৰায় (প্ৰায় ১৩৬০ - ১৩৭০)ৰ পুত্ৰ।
-
বিজয়া দাব্বে
বিজয়া দাব্বে (১ জুন ১৯৫১ – ২৩ ফেব্ৰুৱাৰী ২০১৮) আছিল ভাৰতীয় লেখিকা, নাৰীবাদী, পণ্ডিত আৰু কন্নড় ভাষাৰ সাহিত্য সমালোচক। তেওঁক প্ৰায়ে আধুনিক কন্নড় ভাষাৰ প্ৰথম নাৰীবাদী লেখিকা হিচাপে গণ্য কৰা হয়। তেওঁ কৰ্ণাটক নাৰীবাদী আন্দোলনৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল।
-
বৈদেহী (কন্নড় লেখিকা)
জানকী শ্ৰীনিবাস মূৰ্তি (ইংৰাজী: Janaki Srinivasa Murthy; জন্ম: ১২ ফেব্ৰুৱাৰী ১৯৪৫), যি তেওঁৰ ছদ্মনাম বৈদেহী নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় নাৰীবাদী লেখিকা আৰু আধুনিক কন্নড় কল্পসাহিত্যৰ এগৰাকী সুপৰিচিত সাহিত্যিক।
-
ললিতা শ্ৰীনিবাসন
ললিতা শ্ৰীনিবাসন এজন ভাৰতীয় ভাৰতনাট্যম নৃত্যশিল্পী, নৃত্য নিৰ্দেশক আৰু শিক্ষয়িত্ৰী। ভৰতনাট্যমত তেওঁৰ অৱদানৰ বাবে তেওঁ ২০২৩ চনত সংগীত নাটক একাডেমিৰপৰা সংগীত নাটক একাডেমি অমৃত বঁটা লাভ কৰে।