
আমুল হৈছে ভাৰতৰ সমবায় ভিত্তিক এক দুগ্ধ উৎপাদনকাৰী উদ্যোগ। ই গুজৰাটৰ আনন্দত প্ৰতিষ্ঠা লাভ কৰে। 'আমুল' শব্দটো সংস্কৃতৰ 'অমুল্য' শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ'ল মুল্যহীন, যাক কোনো মুল্যৰেও আহৰণ কৰিব নোৱাৰি। আদিতে সমবায়টোক আনন্দ মিল্ক ফেডাৰেচন ইউনিয়ন লিমিটেড(Anand Milk Federation Union Limited) নামে জনা গৈছিল আৰু এই নামটোৰ আদি আখৰ কেইটাৰে AMUL(আমুল) শব্দটো সৃষ্টি কৰা হৈছে।
১৯৪৬ চনত প্ৰতিষ্ঠিত এই ব্ৰেণ্ডটোক গুজৰাট কো-অপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেচন লিমিটেড(GCMMF) নামৰ সমাবায় প্ৰতিষ্ঠানটোৱে পৰিচালনা কৰে। এই GCMMF গুজৰাটৰ ৩ মিলিয়ন দুগ্ধ উৎপাদনকাৰী লোকৰ উমৈহতীয়া মালিকীসত্বৰ অধীনৰ প্ৰতিষ্ঠান।
আমুলে ভাৰতত শ্বেত বিপ্লৱ আৰম্ভ কৰি ভাৰতক পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ দুগ্ধ উৎপাদনকাৰী দেশ হিচাপে প্ৰ্তিষ্ঠিত কৰাইছে। আৰু ইয়াৰ লগতে আমুলে ভাৰতৰ লগতে আন্তৰাষ্ট্ৰীয় বজাৰত দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰী সমূহৰ এক বৃহৎ ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা লভিবলৈ সক্ষম হৈছে।
ড°ভাৰ্গিজ কুৰিয়েন GCMMF ৰ প্ৰতিষ্ঠাৰে পৰা প্ৰায় ৩০ বছৰকাল(১৯৭৩-২০০৬) চেয়াৰমেন হৈ আছিল। আমুলৰ সফলতাৰ আঁৰত কুৰিয়েনৰ অৱদান আছিল উল্লেখযোগ্য।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমুল” প্ৰবন্ধৰ সংশোধন ১৯৮৪০৭ (২৫ জুন ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।