ভাৰতৰ উপৰাষ্ট্ৰপতি
৮ প্ৰবন্ধ
-
জাকিৰ হুছেইন (ৰাজনীতিবিদ)
জাকিৰ হুছেইন (Zakir Hussain; ১৯৯৭-১৯৬৯) এজন শিক্ষাব্ৰতী পণ্ডিত, ৰাজনীতিবিদ, দাৰ্শনিক, গান্ধীবাদী পুৰুষ তথা ভাৰত গণৰাজ্যৰ তৃতীয় ৰাষ্ট্ৰপতি আছিল। ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰথম নাগৰিকৰ সন্মান পোৱা মুছলমান সম্প্ৰদায়ৰ ভিতৰত তেওঁ প্ৰথম আছিল।
-
কে আৰ নাৰায়ণন
কোচাৰিল ৰমন নাৰায়ণন (Kocheril Raman Narayanan; চমুকৈ কে আৰ নাৰায়ণন; ২৭ অক্টোবৰ ১৯২০ – ৯ নৱেম্বৰ ২০০৫) আছিল ভাৰতৰ দশম ৰাষ্ট্ৰপতি আৰু নৱমগৰাকী উপৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি নাৰায়ণনক কেইবাটাও নজিৰ স্থাপনকাৰী কাৰ্য কৰাৰ বাবে আৰু তেওঁৰ স্বাধীনচিতীয়া মনোভাৱৰ বাবে স্মৰণ কৰা হয়।
-
ভাৰতৰ উপৰাষ্ট্ৰপতি
ভাৰতৰ উপৰাষ্ট্ৰপতি (Vice President of India) হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পিছত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক পদবী। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৬৩ৰ মতে ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে তেওঁৰ কাৰ্যভাৰ গ্ৰহণ কৰে।
-
বৰাহগিৰি ভেংকট গিৰি
বৰাহগিৰি বেংকটগিৰি (Varahagiri Venkata Giri) (১৮৯৪-১৯৮০) ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি আছিল। তেওঁ বিভিন্ন ৰাজ্যত ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল। তেওঁ ১৯৬৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহন কৰে। তেওঁ জৱাৰহৰলাল নেহেৰু মন্ত্ৰীসভাৰ শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী আছিল।
-
আৰ ভেঙ্কটৰমন
ৰামাস্বামী ভেঙ্কটৰমন (৪ ডিচেম্বৰ ১৯১০২৭ জানুৱাৰী ২০০৯) আছিল এগৰাকী ভাৰতীয় অধিবক্তা, ভাৰতীয় স্বাধীনতা আন্দোলনৰ সক্ৰিয় সংগ্ৰামী, আৰু এগৰাকী ৰাজনীতিবিদ। তেওঁ এগৰাকী কেবিনেট মন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ উপৰিও ভাৰতৰ অষ্টমজন ৰাষ্ট্ৰপতিৰ পদতো অধিষ্ঠিত হৈছিল।
-
শঙ্কৰ দয়াল শৰ্মা
শঙ্কৰ দয়াল শৰ্মা (Shankar Dayal Sharma;; ১৯ আগষ্ট ১৯১৮- ২৬ ডিচেম্বৰ ১৯৯৯) ভাৰতৰ নৱম ৰাষ্ট্ৰপতি আছিল। তেখেতৰ কাৰ্যকাল আছিল ১৯৯২-১৯৯৭। ইয়াৰ পূৰ্বে তেখেত ৰাষ্ট্ৰপতি আৰ ভেংকটাৰমণৰ কাৰ্যকালত ভাৰতৰ অষ্টম উপ-ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত আছিল। কেবিনেট মন্ত্ৰীও (১৯৫৬- ১৯৬৭) আছিল।
-
ভেংকাইয়া নাইডু
মুপ্পাভাৰাপু ভেংকাইয়া নাইডু (Muppavarapu Venkaiah Naidu; জন্ম: ১ জুলাই ১৯৪৯) ভাৰতৰ ১৩তম উপৰাষ্ট্ৰপতি। তেওঁ মোদী কেবিনেটত আবাস আৰু চহৰীয়া দৰিদ্ৰতা উন্নয়ন মন্ত্ৰী, নগৰীয় উন্নয়ন মন্ত্ৰী আৰু তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল।
-
সৰ্বেপল্লী ৰাধাকৃষ্ণন
ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণন (సర్వేపల్లి రాధాకృష్ణ; சர்வபள்ளி ராதாகிருஷ்ணன்; Sarvepalli Radhakrishnan) (, ৫ ছেপ্টেম্বৰ ১৮৮৮ – ১৭ এপ্ৰিল ১৯৭৫) এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লেখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।