শ্ৰীলেখা মিত্ৰ ( Sreelekha Mitra) বাংলা চিনেমা আৰু টেলিভিছনৰ কামৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু পৰিচালক।১ বি এফ জে এ বঁটা আৰু আনন্দলোক বঁটা বিজয়ী মিত্ৰৰ কেইখনমান উল্লেখযোগ্য ছবি হ’ল- হঠাৎ বৃষ্টি (১৯৯৮), কাঁটাতাঁৰ (২০০৬), অজস্ৰ প্ৰদীপ (২০১৩), স্বাদে আহলাদে (২০১৫), চৌকাথ (২০১৫), ৰেইনবো জেলী (২০১৮) আৰু মায়ানগৰ (২০২১)।২৩
কৰ্মজীৱন
তেওঁ দুলাল লাহিৰীয়ে পৰিচালনা কৰা বাংলা টিভি ধাৰাবাহিক বালিকাৰ প্ৰেমত প্ৰথম অভিনয় কৰিছিল।৪ ১৯৯৬ চনত অনিন্দ্য সৰকাৰৰ দ্বাৰা পৰিচালিত বাংলা টিভি ধাৰাবাহিক তৃষ্ণাত নবনীতাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বিশিষ্ট স্থান লাভ কৰে।৫ বহুকেইখন ছবিত অভিনয় কৰাৰ পিছত তেওঁৰ সফল ভূমিকা আছিল বাসু চেটাৰ্জীৰ হঠাৎ বৃষ্টিত (১৯৯৮), যিখন ছবি বক্স অফিচতো বৃহৎ সফলতা পায়।৬ ছবিখনৰ সফলতাৰ পিছতো মিত্ৰই তেওঁৰ কেৰিয়াৰত কেতিয়াও কোনো উল্লেখযোগ্য উন্নতি হোৱা নাছিল, যিটো তেওঁ বাংলা চিনেমাত ভাই-ভতিজাবাদৰ অবাঞ্চিত পৰিণতি বুলি দাবী কৰিছিল।৭
বাপ্পাদিত্য বন্দোপাধ্যায়ৰ কাঁটাতাঁৰ (২০০৬) ছবিখনৰ বাবে তেওঁ বি এফ জে এ বঁটা আৰু আনন্দলোক বঁটা লাভ কৰে, য’ত তেওঁ এজনী অবৈধ অপ্ৰবাসী আৰু প্ৰেমৰ সন্ধানত এজন পুৰুষৰ পৰা আন এজন পুৰুষলৈ যোৱা এগৰাকী নাৰী সুধাৰ ভূমিকাত অভিনয় কৰিছিল। ২০১১ চনত সুমন মুখোপাধ্যায়ৰ মহানগৰ@কলকাতা (২০১০) ছবিত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ শাখাত বিগ বাংলা চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হয়।৮
তথ্যসূত্ৰ
- ↑ Sreelekha Mitra movies, filmography, biography and songs - Cinestaan.com. Cinestaan
- ↑ (20 June 2020). Sreelekha Mitra's explosive video, actor alleges superstars control casting in Bengali industry. দ্য টাইম্ছ অৱ ইণ্ডিয়া

- ↑ Hothat Brishti made me the Ferdous I am
- ↑ Singh, Shalu. (20 June 2020). Actor Sreelekha Mitra claims superstars govern casting in Bengali film industry. www.indiatvnews.com
- ↑ 92.7 BIG FM and Mustraj presents BIG Bangla Movie Awards 2010. EVENTFAQS Media
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীলেখা মুখাৰ্জী” প্ৰবন্ধৰ সংশোধন ৬৩৭৭৮৫ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।