ফ্লিপকাৰ্ট হৈছে কৰ্ণাটকৰ বেংগালুৰুত অৱস্থিত এক ভাৰতীয় ই-কমাৰ্চ প্ৰতিষ্ঠান। পূৰ্বতে এমাজন (কোম্পানী)ত কৰ্মৰত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, দিল্লীৰ দুজন স্নাতক শচীন বানচাল আৰু বিন্নী বানচালে ২০০৭ চনত ফ্লিপকাৰ্ট আৰম্ভ কৰে। প্ৰথম অৱস্থাত ফ্লিপকাৰ্টে কিতাপৰ বিক্ৰীৰে ব্যৱসায় আৰম্ভ কৰে, যদিও বৰ্তমান ফ্লিপকাৰ্টত বিভিন্ন ধৰণৰ ইলেকট্ৰনিকচ সামগ্ৰীৰ লগতে নিত্যব্যৱহাৰ্য বিভিন্ন সামগ্ৰী পোৱা যায়। ফ্লিপকাৰ্টৰ পৰা বস্তু ক্ৰয় কৰিবৰ বাবে গ্ৰাহকে বহুবোৰ বিকল্পৰ মাজৰ পৰা নিজৰ পচন্দৰ বিকল্প বাচি ল’ব পাৰে, যেনে: ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, ই-উপহাৰ কুপন ইত্যাদি। তদুপৰি বস্তু গ্ৰাহকে ঘৰত পোৱাৰ সময়ত নগদ ধন দিবৰ পৰা ব্যৱস্থা (Cash on Delivery)ৰ বিকল্পও আছে।১
ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ যথেষ্ঠ কম ব্যৱহাৰ হোৱা ভাৰতত গ্ৰাহকে ঘৰতে নগদ ধন দিব পৰা এই ব্যৱস্থাই ফ্লিপকাৰ্টৰ লগতে এনে ই-ব্যৱসায়ক এক নতুন মাত্ৰা প্ৰদান কৰা দেখা যায়।২
ইতিহাস
আই আই টি দিল্লীৰ দুজন প্ৰাক্তন ছাত্ৰ শচীন বানচাল আৰু বিন্নী বাঞ্চালে ২০০৭ চনত ফ্লিপকাৰ্টৰ জন্ম দিয়ে। নিজৰ এই কোম্পানীটো খোলাৰ আগলৈকে দুয়ো এমাজন (কোম্পানী)ৰ কৰ্মচাৰী আছিল, প্ৰথমে তেওঁলোকে ৱৰ্ড অফ মাউথ (মৌখিক প্ৰচাৰ)ব্যৱস্থাৰে নিজৰ ব্যৱসায়ৰ জনপ্ৰিয়কৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। তাৰ কিছু মাহৰ পাছত ফ্লিপকাৰ্ট ডট কমে নিজৰ প্ৰথমখন কিতাপ John Wood-ৰ Leaving Microsoft to Change the World বিক্ৰী কৰিবলৈ সক্ষম হয়।৩ বৰ্তমান ফ্লিপকাৰ্টত প্ৰায় ১১ নিযুত কিতাপ ঊপলব্ধ, প্ৰথমে কিতাপেৰে আৰম্ভ হোৱা ষ্ট’ৰখনে ২০১০ চনৰ পৰা চিডি, ডিভিডি, ম’বাইল ফোন, ম’বাইল ফোনৰ বিভিন্ন সামগ্ৰী, কম্পিউটাৰ আদি নিজৰ তালিকাত অন্তৰ্ভুক্ত কৰে, ২০১১ চনত এই তালিকাত বিভিন্ন ঘৰুৱা সামগ্ৰী যেনে পাকঘৰৰ সামগ্ৰী,পঢ়া মেজৰ সামগ্ৰী,শৰীৰ চৰ্চাৰ সামগ্ৰী আদি যোগ হয়।৪ বৰ্তমান ফ্লিপকাৰ্টাৰ মুঠ কৰ্মচাৰীৰ সংখ্যা ৩০,০০০(২০১৬)।৫
মূলধন
প্ৰথমৱাস্থাত দুই বানচালে নিজৰ মূলধনেৰে (₹৪০০,০০০)আৰম্ভ কৰা ফ্লিপকাৰ্টত,৩৬ ২০০৯ চনত এচেল৭ আৰু টাইগাৰ গ্ল’বেল ইণ্ডিয়াই (২০১০ চনত ১০ নিযুত আৰু জুন ২০১১ত ২০ নিযুত) ৮৯১০ অধিক মূলধন বিনিয়োগ কৰে।
অধিগ্ৰহণ
ফ্লিপকাৰ্টে অধিগ্ৰহণ কৰা বিভিন্ন কোম্পানীৰ তালিকা এনেধৰণৰ:
- ২০১০: ৱি ৰিড (WeRead ),১১ ৱি ৰিডৰ যোগেদি ফ্লিপকাৰ্টে নিজৰ গ্ৰাহক সকলক বিভিন্ন চ’চিয়েল নেটৱ’ৰকিং চাইটৰ জৰিয়তে ফ্লিপকাৰ্টৰ বিভিন্ন সামগ্ৰীৰ মানদণ্ড সম্পৰ্কে জ্ঞাত কৰে।
- ২০১১: ডিজিটেল সামগ্ৰীৰ কোম্পানী মাইম৩৬০।১২
- ২০১১: বলিউডৰ বিভিন্ন খবৰ, আলোকচিত্ৰ আৰু ভিডিঅ’ৰ ৱেবচাইট চাকপাক ডট কম (Chakpak.com) তালিকা সমূহ, ফ্লিপকাৰ্টে চাকপাকৰ ৪০,০০০ ফিল্মোগ্ৰাফী, ১০,০০০খন বোলছবি, আৰু ৫০,০০০টা মানদণ্ড (ৰেটিং)ৰ তালিকা্সমূহৰ সত্ত্ব লাভ কৰে, ফ্লিপকাৰ্টৰ মতে মূল ৱেবচাইটটোৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই নাই বা সেইটো ব্ৰেণ্ডৰ নাম তেওঁলোকে ব্যৱহাৰ নকৰে।১৩
- ২০১২: লেটচ বাই ডট কম(Letsbuy.com)ভাৰতৰ দ্বিতীয় বৃহত ইলেকট্ৰনিকচ সামগ্ৰীৰ অনলাইন বিক্ৰেতা, প্ৰায় ২৫ নিযুতত ফ্লিপকাৰ্টে লেটচ বাই ডট কম ক্ৰয় কৰে।১৪১৫
ব্যৱসায়-লাভালাভ
ফ্লিপকাৰ্টৰ তথ্য অনুসৰি যোৱা কেইটা বছৰত তেওঁলোকৰ বিক্ৰীৰ পৰিমাণ এনেধৰণৰ, বৃত্তীয় বৰ্ষ ২০০৮-০৯ ₹৪০ নিযুত,১৬১৭ বৃত্তীয় বৰ্ষ ২০০৯-১০ত ₹২০০ নিযুত১৮ আৰু বৃত্তীয় বৰ্ষ ২০১০-১১ত ₹৭৫০ নিযুত।১৯ গড় হিচাপত ফ্লিপকাৰ্টত প্ৰতি মিনিটত প্ৰায় ২০টা সামগ্ৰীৰ বিক্ৰী হয়।২০ এই হিচাপত ২০১৪লৈকে ফ্লিপকাৰ্ট মুঠ আয়ৰ পৰিমাণ(revenue) প্ৰায় ₹৫০০০ কোটি (১০০ কোটি) হ’বগৈ।২১
কাৰ্যালয়সমূহ
কোম্পানীৰ মুখ্য কাৰ্যালয় বেংগালুৰুৰ কোৰামাংগলাত অৱস্থিত, তদুপৰি দেশৰ বিভিন্ন স্থানত ফ্লিপকাৰ্টৰ শাখা কাৰ্যালয় আৰু গুদামঘৰ আছে, মুখ্য গুদাম ঘৰ সমূহ তলৰ নগৰ সমূহত অৱস্থিত,
- বেংগালুৰু, কৰ্ণাটক
- চেন্নাই, তামিলনাডু
- দিল্লী
- কলিকতা, পশ্ছিম বংগ
- মুম্বাই, মহাৰাষ্ট্ৰ
- ন’ইডা, উত্তৰ প্ৰদেশ
- পুনে, মহাৰাষ্ট্ৰ
- কোচী, কেৰালা
সামগ্ৰীসমূহ
ফ্লিপকাৰ্টে ২০১০ চনত কিতাপ বিক্ৰী আৰম্ভ কৰে, ২০১০ চনতে তেওঁলোকে তালিকাত বিভিন্ন মিডিয়া (সংগীত, বোলছবি আৰু ভিডিঅ’ গেমচ) আৰু ম’বাইল ফোন অন্তৰ্ভুক্ত কৰে। ২০১১ চনত কেমেৰা, কম্পিউটাৰ, কলম আৰু বিভিন্ন কাৰ্যালয়ৰ সামগ্ৰী, কম্পিউটাৰৰ আনুষাংগিক সামগ্ৰী, গ্ৰাহস্থ্য আৰু পাকঘৰৰ সামগ্ৰী, স্বাস্থ্যৰক্ষাৰ সামগ্ৰী, অডিঅ’ প্লেয়াৰ, টেলিভিচন ফ্লিপকাৰ্টত ঊপলব্ধ হয়। ২০১২ চনত এই তালিকাত সৌন্দৰ্য চৰ্চাৰ সামগ্ৰী, ঘড়ী, মোনা, দিনলিপি আদি অন্তৰ্ভুক্ত হয়।
ফ্লাইট ডিজিটেল সংগীতৰ দোকান
ফেব্ৰুৱাৰী ২০১২ ফ্লিপকাৰ্টে ফ্লাইট ডিজিটেল সংগীতৰ দোকান আৰম্ভ কৰে।২২ ফ্লাইটৰ পৰা গ্ৰাহকে পোনপটীয়াকৈ যিকোনো ডিজিটেল সংগীত কিনাৰ পাছত ডাউনলোড কৰিব পাৰে।২৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ www.business-standard.com/india/news/cashdeliver
- ↑ Archana Rai. (30 June 2010). Flipkart: Country’s largest online bookstore. The Economic Times
- ↑ গীতিকা ৰস্তোগী. (৪ আগষ্ট ২০১০). Now order your next mobile on Flipkart. Livemint
- ↑ (6 may,2022). Flipkart to sack 800 more amidst gloomy biz outlook. The Hindu
- ↑ Chirag Chamoli. Interview With Binny Bansal Of Flipkart.Com. iamstarting.com
- ↑ Sinha. Accel India Invests in Flipkart. pluggd.in
- ↑ (31 January 2012). Flipkart Raises $150Mn From Accel Partners, Tiger Global
- ↑ Sudipta Datta. (7 February 2010). A Tale of Two Book Fairs. Financial Express
- ↑ (18 March 2010). Inlogistics: India's first private train cargo operator. CNBC-TV18
- ↑ Flipkart Buys Social Book Discovery Tool WeRead. VCCircle
- ↑ Nikhil Pahwa. Flipkart Acquires Mime360; To Launch Digital Distribution Of Music, E-books, Games. medianama.com
- ↑ (23 November 2011). Flipkart Acquires Digital Content From Bollywood News Site Chakpak. VCCircle
- ↑ (9 February 2012). Updated: It’s Official Flipkart Acquires LetsBuy.com. medianama.com
- ↑ (11 May 2012). Flipkart Buys Letsbuy in Cash-Equity Deal. Business Standard
- ↑ (19 July 2010). Cash on delivery. Business Standard
- ↑ Dua, Aarti. (28 February 2010). A winning chapter. The Daily Telegraph
- ↑ (22 March 2010). Bibliofile:A Garage Takes Off. Outlook (magazine){{!}}Outlook
- ↑ Rahul Jayaram. Binny Bansal – The flip side of an e-venture. Mint (newspaper)
- ↑ Nikhil Menon. (9 September 2011). e-Commerce: Can the dotcom majors cope with their rising expectations?. The Economic Times
- ↑ Tyagi, Akshay. How Flipkart Helped India Realise Its E-Commerce Dream!. The TechIRIS
- ↑ Lal, Abhinav. (24 February 2012). Flipkart to launch 'Flyte Digital Store' in March. Digit. 9.9 Media
- ↑ Vikas. Flipkart launches new music download store.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্লিপকাৰ্ট” প্ৰবন্ধৰ সংশোধন ৬৩৭৪১৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।