নয়দা হৈছে নতুন দিল্লিৰ উপকণ্ঠ উপকণ্ঠ অঞ্চলত গঢ়ি উঠা এটি উপনগৰ যি উত্তৰপ্ৰদেশ ৰাজ্যৰ গৌতম বুদ্ধ নগৰ জিলাত অৱস্থিত। নয়দা (NOIDA) শব্দটো হ'ল নিউ ওখলা ইণ্ডাষ্ট্ৰিয়াল ডেভলোপমেণ্ট অথৰিটিৰ সংক্ষিপ্ত ৰূপ।১ চহৰটো যমুনা নদীৰ পূব প্ৰান্তত গঢ় লৈ উঠিছে। এই চহৰখন জাতীয় ৰাজধানী অঞ্চলৰ অন্তৰ্গত।
ৰাজনীতি
নয়দা চহৰখন গৌতম বুদ্ধ নগৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।২ নয়দাত ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ আছে। মহেশ কুমাৰ শৰ্মা এইখন চহৰৰ প্ৰাক্তন বিধায়ক আৰু বৰ্তমানৰ সাংসদ। তেওঁ বৰ্তমান ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি আহিছে। বিমলা বাথাম হৈছে বৰ্তমানৰ বিধায়ক আৰু উত্তৰ প্ৰদেশৰ ৰাজ্যিক মহিলা কমিশনৰ সভানেত্ৰী।
তথ্যসূত্ৰ
- ↑ क्या Noida, Okhla, Ambala का पूरा नाम जानते हैं आप? ये हैं कुछ मशहूर शॉर्ट फॉर्म्स की फुल फॉर्म. abplive.com
- ↑ (22 January 2009). Information and Statistics-Parliamentary Constituencies-13-Gautam Buddh Nagar. Chief Electoral Officer, Uttar Pradesh website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নয়দা” প্ৰবন্ধৰ সংশোধন ৩৭০৭৪৩ (৩ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।