অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (ভাৰত)

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (এনডিএ) হৈছে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ যুটীয়া প্ৰতিৰক্ষা সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠান, য'ত ভাৰতীয় সেনা, ভাৰতীয় নৌসেনা আৰু ভাৰতীয় বায়ু সেনা বাহিনীৰ কেডেটসকলে পৰৱৰ্তী সেৱা একাডেমীত প্ৰশিক্ষণ লয়। এনডিএ মহাৰাষ্ট্ৰৰ পুনেৰ খাড়াকৱাচলা চহৰত অৱস্থিত।

হালনাগাদ: ৩১ জুলাই ২০২৫ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (এনডিএ) হৈছে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ যুটীয়া প্ৰতিৰক্ষা সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠান, য'ত ভাৰতীয় সেনা, ভাৰতীয় নৌসেনা আৰু ভাৰতীয় বায়ু সেনা বাহিনীৰ কেডেটসকলে পৰৱৰ্তী সেৱা একাডেমীত প্ৰশিক্ষণ লয়। এনডিএ মহাৰাষ্ট্ৰৰ পুনেৰ খাড়াকৱাচলা চহৰত অৱস্থিত। ই বিশ্বৰ প্ৰথম ত্ৰি-সেৱাৰ একাডেমী।

এনডিএৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ ভিতৰত আছে ৩জন পৰম বীৰ চক্ৰ আৰু ১২জন অশোক চক্ৰ। এনডিএ-য়ে এতিয়ালৈকে ২৭জন সেৱা মুখ্য কাৰ্যবাহী বিষয়াও প্ৰস্তুত কৰিছে। বৰ্তমান সেনা, নৌসেনা আৰু বায়ু সেনা বাহিনীৰ মুখ্য কাৰ্যবাহী বিষয়াসকল সকলো এনডিএৰ প্ৰাক্তন ছাত্ৰ।১২ ১৩৭তম পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলে ৩০ নৱেম্বৰ, ২০১৯ত স্নাতক ডিগ্ৰী লাভ কৰে, য'ত ১৮৮জন আৰ্মি কেডেট, ৩৮জন নৌ কেডেট আৰু ২০জন বন্ধুত্বপূৰ্ণ বিদেশী কেডেট থাকে।৩ ২০২১ চনৰ আগষ্টত ভাৰতৰ উচ্চতম ন্যায়ালয়ে এক আদেশ জাৰি কৰে য'ত মহিলা প্ৰাৰ্থীসকলক আগন্তুক এনডিএ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অনুমতি দিয়ে।৪

তথ্যসূত্ৰ

  1. ↑ Mohan, Vijay. (17 December 2019). For second time in history, all three Chiefs to be from same NDA course. Tribune India
  2. ↑ Welcome to National Defence Academy::. nda.nic.in
  3. ↑ (30 November 2019). 284 Cadets Pass Out From National Defence Academy. NDTV
  4. ↑ Livemint. (2021-08-18). Supreme Court allows women to appear for NDA exam. mint

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (ভাৰত)” প্ৰবন্ধৰ সংশোধন ৫২৯০০৫ (৩১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।