অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

আমেৰিকান ডলাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰ বা আমেৰিকান ডলাৰ (United States dollar; চিহ্ন: $; কোড: USD; ইয়াক আন দেশৰ ডলাৰ মুদ্ৰাৰ পৰা পাৰ্থক্য কৰিবলৈ US$ ৰূপেৰেও সংক্ষিপ্ত কৰা হয়) হৈছে ১৭৯২ চনৰ মুদ্ৰা অধিনিয়ম অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ অঞ্চলসমূহৰ চৰকাৰী মুদ্ৰা।

হালনাগাদ: ১৯ মে’ ২০২৫ ২৬৭ শব্দ · ১ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰ বা আমেৰিকান ডলাৰ (United States dollar; চিহ্ন: $; কোড: USD; ইয়াক আন দেশৰ ডলাৰ মুদ্ৰাৰ পৰা পাৰ্থক্য কৰিবলৈ US$ ৰূপেৰেও সংক্ষিপ্ত কৰা হয়) হৈছে ১৭৯২ চনৰ মুদ্ৰা অধিনিয়ম অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ অঞ্চলসমূহৰ চৰকাৰী মুদ্ৰা। এক ডলাৰক ১০০ চেণ্টত ভাগ কৰা হয় (চিহ্ন: ¢), বা একাউণ্টিং আৰু কৰ উদ্দেশ্যৰ বাবে ১০০০ মিলত (চিহ্ন: ₥) ভাগ কৰা হয়। ১৭৯২ চনৰ মুদ্ৰা অধিনিয়মে ডাইম, নিকেল, আৰু পেনি নামৰ দশমিক মানৰ ধাতব মুদ্ৰাকেইটা সৃষ্টি কৰাৰ লগতে ১ ডলাৰ, আধা ডলাৰ, আৰু কোৱাৰ্টাৰ ডলাৰৰ মুদ্ৰা সৃষ্টি কৰি এক দশমিক মুদ্ৰাকেইটা সৃষ্টি কৰিছিল, যি বোৰ এতিয়াও ২০২০ চনতো প্ৰচলিত আৰু বনোৱা কৰা হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছে এতিয়ালৈ কেইবাটাও প্ৰকাৰৰ কাগজী নোট প্ৰবৰ্তন কৰিছে, তাৰ শেহতীয়া বেংকনোট হৈছে ১৯১৩ চনৰ ফেডাৰেল ৰিজাৰ্ভ আইনৰ দ্বাৰা অনুমোদিত ফেডাৰেল ৰিজাৰ্ভ নোট। এতিয়ালৈকে প্ৰৱৰ্তন কৰা আমেৰিকান ডলাৰৰ সকলো বেংকনোটই বৈধ আইনী মুদ্ৰা।১ পূৰ্বৰ প্ৰকাৰৰ বেংকনোটসমূহ জাৰী কৰাটো ১৯৭১ চনৰ জানুৱাৰী মাহৰ পৰা বন্ধ কৰা হৈছে।২ ফলস্বৰূপে, বৰ্তমান প্ৰচলন থকা কাগজী নোট মুখ্যতঃ ফেডাৰেল ৰিজাৰ্ভ নোটেই হয়।

যিহেতু কাগজী নোটসমূহক কোনো মূল্যবান ধাতুলৈ সলনি কৰিব পৰা ব্যৱস্থাটো ১৯৭১ চনত স্থগিত কৰা হৈছিল,৩ সেয়ে আমেৰিকান ডলাৰেই দেশখনৰ ডি-ফক্টো ফিয়াট ধন।৪ আমেৰিকান ডলাৰ কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে নহয়, আন্তঃৰাষ্ট্ৰীয় লেনদেনত সৰ্বাধিক ব্যৱহৃত মুদ্ৰা হিচাপে ই বিশ্বৰ প্ৰাথমিক সংৰক্ষিত মুদ্ৰা,৫ লগতে ই কেইবাটাও দেশত চৰকাৰী মুদ্ৰা আৰু আন বহুতো দেশৰ ডি-ফক্টো মুদ্ৰা।৬৭ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰেও আমেৰিকান ডলাৰকে কেৰিবিয়ানৰ দুখন ব্ৰিটিছ বিশেষ প্ৰশাসনীয় অঞ্চলত একমাত্ৰ মুদ্ৰা হিচাপেও ব্যৱহাৰ কৰা হয়। সেইদুখন হৈছে ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জ আৰু টাৰ্কচ আৰু কাইকোছ দ্বীপপুঞ্জ। ৩১ জানুৱাৰী ২০১৯-লৈকে প্ৰায় ১.৭ ট্ৰিলিয়ন আমেৰিকান ডলাৰ প্ৰচলন আছে, যাৰ ১.৬৫ ট্ৰিলিয়ন ডলাৰ ফেডাৰেল ৰিজাৰ্ভ নোটত আছে, বাকী ৫০ বিলিয়ন ডলাৰ আমেৰিকান নোট আৰু ধাতব মুদ্ৰাৰ ৰূপত আছে।৮

পূৰ্বতে ডলাৰ ব্যৱহাৰ কৰা দেশসমূহ}}
পূৰ্বতে ডলাৰ ব্যৱহাৰ কৰা দেশসমূহ}}ছবি: Kartoffel07 · CC BY-SA 3.0

তথ্যসূত্ৰ

  1. ↑ (8 October 2013). FAQs. BOARD OF GOVERNORS of the FEDERAL RESERVE SYSTEM
  2. ↑ (4 Jan 2011). Legal Tender Status. U.S. DEPARTMENT OF THE TREASURY
  3. ↑ Nixon Ends Convertibility of US Dollars to Gold and Announces Wage/Price Controls. Federal Reserve Bank of Richmond
  4. ↑ Is U.S. currency still backed by gold?. Board of Governors of the Federal Reserve System
  5. ↑ The Implementation of Monetary Policy – The Federal Reserve in the International Sphere
  6. ↑ Cohen, Benjamin J. 2006. The Future of Money, Princeton University Press
  7. ↑ Agar, Charles. 2006. Vietnam, (Frommer's). . p. 17: "the dollar is the de facto currency in Cambodia."
  8. ↑ How much U.S. currency is in circulation?. Federal Reserve

সম্পৰ্কিত শ্ৰেণী

মুদ্ৰাআমেৰিকা যুক্তৰাষ্ট্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমেৰিকান ডলাৰ” প্ৰবন্ধৰ সংশোধন ৫১০২৬১ (১৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।