ব্লকচেইন (blockchain) হৈছে ক্ৰমাগত বৰ্ধমান ৰেকৰ্ডৰ এক তালিকা যি ক্ৰিপ্ট'গ্ৰাফিৰ দ্বাৰা সংযুক্ত আৰু সুৰক্ষিত। প্ৰতিটো ৰেকৰ্ডক একো একোটা ব্লক বোলা হয়।১২ প্ৰতিটো ব্লক সেই ব্লকটোৰ পূৰ্বৰ ব্লকৰ এটি ক্ৰিপ্ট'গ্ৰাফিক হ্যেচ (cryptographic hash), সময়-মোহৰ (timestamp) আৰু লেনদেনৰ সমন্বিত তথ্যৰে গঠিত হয়।২
গঠনগতভাবে ব্লকচেইনৰ তথ্য পৰিবৰ্তনৰোধী। ব্লকচেইন হৈছে "দুটা পক্ষৰ মাজত হোৱা লেনদেনৰ নিপুণ তথা বৈধিকৰণ কৰিব পৰা এক মুক্ত আৰু বিতৰিত স্থায়ী খতিয়ান"।৩ বিতৰিত তথ্যভাণ্ডাৰ (distributed ledger) হিচাপে ব্যৱহাৰৰ বাবে কোনো ব্লকচেইন পিয়েৰ-টু-পিয়েৰ (গ্ৰাহকৰ পৰা গ্ৰাহকলৈ) নেটৱৰ্ক সংগঠনৰ মাধ্যমেৰে ব্যৱস্থাপনা কৰা হয় আৰু ই এটা ব্লকৰ পৰা আন এটা ব্লকলৈ কৰা যোগাযোগ প্ৰক্ৰিয়া আৰু ব্লক বৈধিকৰণৰ প্ৰক্ৰিয়াৰ বাবে নিৰ্দিষ্ট নিয়ম মানি চলৈ। এবাৰ কোনো ব্লকত তথ্য অন্তৰ্ভূক্ত কৰাৰ পাছত সেই ব্লকটো সালসলনি কৰিব পাৰা নাযায়। যদিহে সালসলনি কৰিব বিচাৰে, তেন্তে সেই ব্লকৰ অনুক্ৰমত থকা সকলো পৰবৰ্তী ব্লককে সলনি কৰিব লাগিব। সেয়ে ব্লক সালসলনিৰ প্ৰচেষ্ঠাই নেটৱৰ্কটোত বিশৃঙ্খলতা সৃষ্টি কৰে। এনেবোৰ বৈশিষ্ট্যৰ বাবেই ব্লকচেইনক পৰিবৰ্তনৰোধী, সুৰক্ষিত তথা বিকেন্দ্ৰীকৃত বুলিব পাৰি।৪
২০০৮ চনত বিটকইন নামৰ ক্ৰিপ্ট'কাৰেন্সীৰ ৰাজহুৱা লেনদেনৰ খতিয়ানক সুৰক্ষিতৰূপে সংৰক্ষণ আৰু ব্যৱহাৰ বাবে ছাটোছি নাকামোটো ছদ্মনামৰ ব্যক্তি বা গোষ্ঠীয়ে ব্লকচেইনৰ উদ্ভাৱন কৰে। ছাটোছি নাকামোটোৰ প্ৰকৃত পৰিচয় অজ্ঞাত। ব্লকচেইন উদ্ভাৱনৰ ফলত বিটকইন কোনো বিশ্বস্ত প্ৰতিষ্ঠান অথবা কেন্দ্ৰীয় চাৰ্ভাৰৰ অবিহনে দ্বৈত-খৰচ বা double-spending নামৰ জটিল সমস্যাটোৰ সমাধান কৰা প্ৰথম ডিজিটেল মুদ্ৰা ৰূপে পৰিগণিত হয়। বৰ্তমানে ব্লকচেইনৰ ব্যৱহাৰ বিটকইনতে সীমিত নাথাকি অন্য ক্ৰিপ্ট'কাৰেন্সী আৰু ক্ষেত্ৰলৈও বিয়পি পৰিছে।৫ বাণিজ্যিক ব্যৱহাৰৰ বাবে ব্যক্তিগত ব্লকচেইনৰো প্ৰস্তাৱ আগবঢ়োৱা হৈছে।৬
তথ্যসূত্ৰ
- ↑ (31 October 2015). Blockchains: The great chain of being sure about things. The Economist
- ↑ Narayanan, Arvind; Bonneau, Joseph; Felten, Edward. (2016). Bitcoin and cryptocurrency technologies: a comprehensive introduction. Princeton University Press. ISBN 978-0-691-17169-2
- ↑ Iansiti, Marco; Lakhani, Karim R. (January 2017). The Truth About Blockchain. Harvard Business Review. Harvard University
- ↑ Raval, Siraj. (2016). Decentralized Applications: Harnessing Bitcoin's Blockchain Technology. O'Reilly Media, Inc. পৃ. [ 1]–[ 2]. ISBN 978-1-4919-2452-5
- ↑ (10 February 2018). Blockchain may finally disrupt payments from Micropayments to credit cards to SWIFT. dailyfintech.com
- ↑ Hampton, Nikolai. (5 September 2016). Understanding the blockchain hype: Why much of it is nothing more than snake oil and spin. Computerworld
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্লকচেইন” প্ৰবন্ধৰ সংশোধন ৬৩২৬৭৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।