অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ভেনকুভাৰ

ভেনকুভাৰ (Vancouver) ব্ৰিটিছ কলম্বিয়াৰ নিম্ন মূল ভূখণ্ড অঞ্চলত অৱস্থিত পশ্চিম কানাডাৰ এখন প্ৰধান চহৰ। ২০২১ চনৰ কানাডাৰ লোকপিয়ল অনুসৰি ৬৬২,২৪৮ গৰাকী জনসংখ্যাৰে এই চহৰখন প্ৰদেশখনৰ আটাইতকৈ জনবহুল চহৰ।

হালনাগাদ: ২১ জানুৱাৰী ২০২৪ ৪৩৬ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ভেনকুভাৰ (Vancouver) ব্ৰিটিছ কলম্বিয়াৰ নিম্ন মূল ভূখণ্ড অঞ্চলত অৱস্থিত পশ্চিম কানাডাৰ এখন প্ৰধান চহৰ। ২০২১ চনৰ কানাডাৰ লোকপিয়ল অনুসৰি ৬৬২,২৪৮ গৰাকী জনসংখ্যাৰে এই চহৰখন প্ৰদেশখনৰ আটাইতকৈ জনবহুল চহৰ। ২০২১ চনত মেট্ৰ’ ভেনকুভাৰ অঞ্চলৰ জনসংখ্যা আছিল ২৬ লাখ, যাৰ ফলত ই কানাডাৰ তৃতীয় বৃহত্তম মহানগৰ অঞ্চল হিচাপে পৰিগণিত হৈছে। গ্ৰেটাৰ ভেনকুভাৰৰ জনসংখ্যা ৩০ লাখ আৰু এই অঞ্চলটোৱে ফ্ৰেজাৰ উপত্যকাৰ লগতে নিম্ন মূল ভূখণ্ডক সামৰি লৈছে। কানাডাৰ ভিতৰতে ভেনকুভাৰত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক- প্ৰতি বৰ্গ কিলোমিটাৰত ৫,৭০০ৰো অধিক লোক বাস কৰে। ১

ভেনকুভাৰ কানাডাৰ জাতিগত আৰু ভাষিকভাৱে বৈচিত্ৰময় চহৰসমূহৰ ভিতৰত অন্যতম: ইয়াৰ ৪৯.৩ শতাংশ বাসিন্দাই স্থানীয়ভাৱে ইংৰাজীৰ সলনি অন্য ভাষা কয়, ৪৭.৮ শতাংশই ইংৰাজী বা ফৰাচী ভাষী নহয় আৰু ৫৪.৫ শতাংশ বাসিন্দা দৃশ্যমান সংখ্যালঘু (visible minority) গোটৰ অন্তৰ্গত।২৩ এই মহানগৰখনক কানাডা আৰু বিশ্বৰ ভিতৰতে আটাইতকৈ বসবাসযোগ্য চহৰসমূহৰ ভিতৰত অন্যতম হিচাপে ধাৰাবাহিকভাৱে স্থান দিয়া হৈছে।৪৫৬অৱশ্যে ঘৰ বা বাসস্থানৰ মূল্যৰ ক্ষেত্ৰত ভেনকুভাৰ কানাডা আৰু বিশ্বৰ অন্যতম ব্যয়বহুল চহৰ।৭

১০,০০০ বছৰতকৈও অধিক পূৰ্বে ভেনকুভাৰত খিলঞ্জীয়া লোকৰ বসতি আৰম্ভ হৈছিল। এইসকলৰ মাজত স্কুয়ামিছ (Squamish), মাস্কুয়াম (Musqueam), আৰু শ্লেইল-ৱাউটুথ (Tsleil-Waututh) জনগোষ্ঠীয়ে প্ৰধান। আধুনিক চহৰখনৰ আৰম্ভণি ১৮৬৭ চনৰ ১ জুলাইত নিৰ্মাণ কৰা হেষ্টিংছ মিলৰ পশ্চিম প্ৰান্তত থকা এটা অস্থায়ী টেভাৰ্ণৰ আশে-পাশে গঢ় লৈ উঠিছিল। এই ট্ৰেভাৰ্ণৰ মালিক গেছি জেক (Gassy Jack)ৰ নামেৰে ভেনকুভাৰৰ পূৰ্বৰ নাম আছিল গেছটাউন। বৰ্তমান ভেনকুভাৰৰ ডাউনটাউনত থকা গেছটাউনৰ ভাপ ঘড়ীয়ে এই মূল স্থান চিহ্নিত কৰে। পৰৱৰ্তী সময়ত গেছটাউনে আনুষ্ঠানিকভাৱে গ্ৰেনভিল, বুৰাড ইনলেট (Granville, Burrard Inlet) নামেৰে টাউনছাইট হিচাপে পঞ্জীয়ন কৰে। ১৮৮৬ চনত কানাডাৰ পেচিফিক ৰেলৱেৰ সৈতে হোৱা চুক্তিৰ জৰিয়তে চহৰখনৰ নাম "ভেনকুভাৰ" ৰখা হয়। ১৮৮৭ চনৰ ভিতৰত কানাডাৰ প্ৰশান্ত মহাদেশীয় মহাদেশীয় ৰেলপথ চহৰখনলৈ সম্প্ৰসাৰিত কৰা হয়। প্ৰশান্ত মহাসাগৰত থকা চহৰখনৰ বৃহৎ প্ৰাকৃতিক সাগৰীয় বন্দৰটো বৰ্তমান এছিয়া-প্ৰশান্ত মহাসাগৰীয়, পূব এছিয়া, ইউৰোপ আৰু পূব কানাডাৰ বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ সংযোগস্থলত পৰিণত হৈছে।৮৯

ইতিহাস

প্ৰত্নতাত্ত্বিক তথ্য অনুসৰি ৮,০০০ বছৰৰ পৰা ১০,০০০ বছৰ আগৰে পৰা ভেনকুভাৰ অঞ্চলত খিলঞ্জীয়া লোকসকলে বাস কৰি আহিছে।১০১১ বৰ্তমানৰ ভেনকুভাৰৰ বিভিন্ন ঠাই যেনে ষ্টেনলি পাৰ্ক, ফলছ ক্ৰিক, কিটচিলান', পইণ্ট গ্ৰে আৰু ফ্ৰেজাৰ নদীৰ মুখৰ ওচৰত ক'ষ্ট চেলিছ (Coast Salish ) গোটৰ স্কুয়ামিছ (Squamish), মাস্কুয়াম (Musqueam) আৰু শ্লেইল-ৱাটুথ (Tsleil-Waututh) (বুৰাড) জনগোষ্ঠীৰ গাঁও আছিল।১২১৩১৪

স্পেইনৰ হ'জে মাৰিয়া নাৰ্ভাজ (José María Narváez) নামৰ এগৰাকী নৌসেনাৰ বিষয়া আৰু অভিযাত্ৰীয়ে ১৭৯১ চনত বৰ্তমানৰ পইণ্ট গ্ৰেৰ উপকূল আৰু বুৰাড ইনলেটৰ কিছু অংশ অন্বেষণ কৰাৰ সময়তহে পোনপ্ৰথমে ইউৰোপীয়সকল ভেনকুভাৰৰ সৈতে পৰিচিত হৈছিল বুলি জনা যায়। অৱশ্যে অন্য এক তথ্য অনুসৰি তাৰো পূৰ্বে ১৫৭৯ চনত ফ্ৰান্সিছ ড্ৰেকে এই অঞ্চল ভ্ৰমণ কৰিছিল।১৫ ১৮৫৮ চনৰ ফ্ৰেজাৰ নদীত সোণ অন্বেষণ (Fraser Gold Rush) ৰ সময়ত মূলতঃ কেলিফৰ্ণিয়াৰ পৰা ২৫,০০০ ৰো অধিক লোক এই অঞ্চললৈ আহে আৰু ফ্ৰেজাৰ নদীৰ ওচৰৰ নিউ ৱেষ্টমিনিষ্টাৰ (১৮৫৯ চনৰ ১৪ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠিত)-ত থিতাপি লয়। ১৬১৭১৮ অৱশ্যে বৰ্তমানৰ ভেনকুভাৰত প্ৰথম ইউৰোপীয় বসতিস্থল আৰম্ভ হৈছিল ১৮৬২ চনত ফ্ৰেজাৰ নদীৰ মেকক্লিৰীজ ফাৰ্ম (McCleery's Farm)ত। সেইদিশৰ পৰা ভেনকুভাৰ ব্ৰিটিছ কলম্বিয়াৰ আটাইতকৈ কম বয়সীয়া চহৰসমূহৰ ভিতৰত এখন।১৯

তথ্যসূত্ৰ

  1. ↑ "Population and dwelling counts: Canada and census subdivisions (municipalities)". Statistics Canada. February 9, 2022. Archived from the original on February 24, 2022. Retrieved August 7, 2022
  2. ↑ Government of Canada (October 26, 2022). "Census Profile, 2021 Census of Population Vancouver, City (CY) British Columbia [Census subdivision] Visible minority". Statistics Canada. Archived from the original on October 27, 2022. Retrieved October 26, 2022
  3. ↑ "Census Profile 2016 Census Greater Vancouver". Statistics Canada. February 8, 2017. Archived from the original on October 2, 2018. Retrieved October 2, 2018
  4. ↑ "Vancouver ranked best city in North America for quality of living". Daily Hive. March 20, 2018. Archived from the original on February 19, 2019. Retrieved February 27, 2019
  5. ↑ "Vancouver and Melbourne top city league". BBC News. October 4, 2002. Archived from the original on July 12, 2015. Retrieved June 9, 2011
  6. ↑ Taylor, Chloe (March 13, 2019). "These are the world's top cities to live in, according to researchers". CNBC. Archived from the original on May 9, 2019. Retrieved December 23, 2019
  7. ↑ "Vancouver yet again most expensive place to live in Canada". CTV News. June 26, 2019. Archived from the original on October 19, 2021. Retrieved August 23, 2021
  8. ↑ Morley, A. (1974). Vancouver, from milltown to metropolis. Vancouver: Mitchell Press. LCCN 64026114
  9. ↑ Norris, John M. (1971). Strangers Entertained. Vancouver, British Columbia Centennial '71 Committee. LCCN 72170963
  10. ↑ Thom, Brian (1996). "Stó:lo Culture – Ideas of Prehistory and Changing Cultural Relationships to the Land and Environment". Archived from the original on July 18, 2007. Retrieved November 23, 2006
  11. ↑ Carlson, Keith Thor, ed. (2001). A Stó:lō-Coast Salish Historical Atlas. Vancouver, BC: Douglas & McIntyre. pp. 6–18. ISBN 978-1-55054-812-9
  12. ↑ Roy, Patricia E. (March 12, 2019). "Vancouver". The Canadian Encyclopedia. Historica Canada. Archived from the original on July 20, 2021. Retrieved July 2, 2021
  13. ↑ Barman, Jean (2005). Stanley Park's Secret. Harbour Publishing. p. 21. ISBN 978-1-55017-346-8
  14. ↑ Schultz, Colin. "One of Canada's Biggest Cities Just Officially Admitted That It Was Built on Unceded Aboriginal Territory". Smithsonian. Archived from the original on July 9, 2021. Retrieved July 1, 2021
  15. ↑ "History of City of Vancouver". Caroun.com. Archived from the original on March 29, 2007. Retrieved January 17, 2007
  16. ↑ Hull, Raymond; Soules, Christine; Soules, Gordon (1974). Vancouver's Past. Seattle: University of Washington Press. ISBN 978-0-295-95364-9
  17. ↑ Hauka, Donald J. (2003). McGowan's War. New Star Books. ISBN 1-55420-001-6
  18. ↑ Matthews, J. Skitt (1936). Early Vancouver. City of Vancouver
  19. ↑ Cranny, Michael; Jarvis, Graham; Moles, Garvin; Seney, Bruce (1999). Horizons: Canada Moves West. Scarborough, ON: Prentice Hall Ginn Canada. ISBN 978-0-13-012367-1

সম্পৰ্কিত শ্ৰেণী

কানাডা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেনকুভাৰ” প্ৰবন্ধৰ সংশোধন ৪০৩১৪৬ (২১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।