


ইউৰো (চিহ্ন: €; কোড: EUR) হৈছে ইউৰোপিয়ান ইউনিয়নৰ ২৮খন সদস্য ৰাষ্ট্ৰৰ ১৯ খনেৰে গঠিত ইউৰোমণ্ডলৰ আনুষ্ঠানিক মুদ্ৰা। ইউৰোমণ্ডলৰ অন্তৰ্গত দেশসমূহ হৈছে অষ্ট্ৰিয়া, বেলজিয়াম, চাইপ্ৰাছ, এষ্ট’নিয়া, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, আয়াৰলেণ্ড, ইটালী, লেটভিয়া, লিথুৱেনিয়া, লাক্সেমবাৰ্গ, মালটা,নেদাৰলেণ্ড, পৰ্তুগাল, স্ল’ভাকিয়া, স্ল’ভেনিয়া, আৰু স্পেইন.১২ ইউৰোপিয়ান ইউনিয়নৰ বিভিন্ন সংগঠনসমূহৰ লগতে আন চাৰিখন ইউৰোপিয়ান দেশেও আনুষ্ঠানিকভাৱে ইউৰোৰ ব্যৱহাৰ কৰে।৩ ইউৰোপৰ বাহিৰে ইউনিয়নৰ সদস্য ৰাষ্ট্ৰৰ শাসনাধীন অঞ্চলবিশেষে ইউৰোৰ প্ৰচলন আছে।
ইয়াৰোপৰি, ২০১৩ চনৰ হিচাপমতে সমগ্ৰ বিশ্বৰ ২১০ মিলিয়ন লোকে ইউৰোৰ সৈতে সংযুক্ত মুদ্ৰা ব্যৱহাৰ কৰে। ইউৰো বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সঞ্চিত মুদ্ৰা হোৱাৰ লগতে বাণিজ্যিক ব্যৱহাৰৰ ক্ষেত্ৰত ই দ্বিতীয় স্থানত আছে।৪৫৬ ২০১৪ চনত €৯৯৫,০০০,০০০,০০০ কৈয়ো অধিক পৰিমাণৰ প্ৰচলনেৰে ইউৰো মুঠ প্ৰচলিত বেংকনোট আৰু মোহৰৰ মূল্যৰ হিচাপত আমেৰিকান ডলাৰক অতিক্ৰম কৰি প্ৰথম স্থানত আছিল। ৭ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে ২০০৮ চনত সদৰি কৰা হিচাপমতে মুঠ ঘৰুৱা উৎপাদন আৰু বিভিন্ন মুদ্ৰাৰ তুলনামূলক ক্ৰয় ক্ষমতাৰ ভিত্তিত ইউৰোমণ্ডল বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি।৮
১৯৯৫ চনৰ ১৬ ডিচেম্বৰত ইউৰো নামটো আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়।৯ বিশ্বৰ বিত্তীয় বজাৰলৈ ইউৰোৰ আগমণ ঘটে ১৯৯৯ চনৰ ১ জানুৱাৰীত। কিন্তু মোহৰ আৰু বেংক নোটসমূহৰ প্ৰকৃতাৰ্থত প্ৰচলন ঘটে ২০০২ চনৰ ১ জানুৱাৰীৰ পৰাহে।১০ ২০০০ চনত €১=$০.৮২৫২ হোৱাৰ বিপৰীতে ২০০৮ চনলৈ এই মূল্য হয়গৈ €১=$১.৬০৩৮১১ গ্ৰীচৰ দেনা আৰু স্পেইনৰ বিপদাপন্ন বেংকিং খণ্ডৰ বাবে ২০১২ চনৰ জুলাইত ইউৰোৰ মূল্য $১.২১ লৈ অৱনমিত হয়।১২ ২০১৫ চনৰ জুন মাহত ১ ইউৰোৰ মূল্য হয়গৈ $১.১০১৩
বাহ্যিক সংযোগ
- Heiko Otto. ইউৰো
তথ্যসূত্ৰ
- ↑ Rosenberg, Matt. (23 May 2010). Euro Countries: 22 Countries use the Euro as their Official Currency. About.com
- ↑ (8 June 2010). EU ministers back Estonia bid to join euro. BBC News
- ↑ ec.europa.eu/economy_finance/euro/index_en.htm
- ↑ (19 December 2007). Triennial Central Bank Survey 2007. BIS
- ↑ Aristovnik, Aleksander; Čeč, Tanja. (30 March 2010). Compositional Analysis of Foreign Currency Reserves in the 1999–2007 Period. The Euro vs. The Dollar As Leading Reserve Currency. Munich Personal RePEc Archive, Paper No. 14350
- ↑ Boesler, Matthew. (11 November 2013). There Are Only Two Real Threats To The US Dollar's Status As The International Reserve Currency. Business Insider
- ↑ : Total EUR currency (coins and banknotes) in circulation 771.5 (banknotes) + 21.032 (coins) =792.53 billion EUR * 1.48 (exchange rate) = 1,080 billion USD Total USD currency (coins and banknotes) in circulation 859 billion USD *Table 2: Euro banknotes, values (EUR billions, unless otherwise indicated, not seasonally adjusted). European Central Bank *Table 4: Euro coins, values (EUR millions, unless otherwise indicated, not seasonally adjusted). European Central Bank *Money Stock Measures. Federal Reserve Statistical Release. Board of Governors of the Federal Reserve System *[http://www.ecb.europa.eu/stats/eurofxref/eurofxref-hist-90d.xml Euro foreign
- ↑ (14 September 2006). Report for Selected Country Groups and Subjects. Imf.org (14 September 2006). Report for Selected Countries and Subjects. Imf.org (14 September 2006). Report for Selected Country Groups and Subjects. Imf.org
- ↑ Madrid European Council (12/95): Conclusions. European Parliament
- ↑ Initial changeover (2002). European Central Bank
- ↑ Exchange Rate Average (US Dollar, Euro) – X-Rates. X-rates.com
- ↑ (31 May 2012). Global markets tumble on Spain, Italy worries
- ↑ USD/EUR exchange. The Money Converter
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউৰো” প্ৰবন্ধৰ সংশোধন ৬০১৯৫৭ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।