অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মৃণালিনী সাৰাভাই

মৃণালিনী বিক্ৰম সাৰাভাই (১১ মে', ১৯১৮ – ২১ জানুৱাৰী, ২০১৬) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যবিশাৰদ আৰু নৃত্য পৰিচালক। তেখেত আহমেদাবাদত অৱস্থিত নৃত্য, নাট, সংগীত আৰু পুতলা নাচৰ প্ৰতিষ্ঠান Darpana Academy of Performing Arts-ৰ প্ৰতিষ্ঠাপক আছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মৃণালিনী বিক্ৰম সাৰাভাই (১১ মে', ১৯১৮ – ২১ জানুৱাৰী, ২০১৬) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যবিশাৰদ আৰু নৃত্য পৰিচালক। তেখেত আহমেদাবাদত অৱস্থিত নৃত্য, নাট, সংগীত আৰু পুতলা নাচৰ প্ৰতিষ্ঠান Darpana Academy of Performing Arts-ৰ প্ৰতিষ্ঠাপক আছিল।১ নৃত্যৰ ক্ষেত্ৰত তেখেতৰ অৱদানৰ বাবে তেখেতে ১৯৬৫ চনত ভাৰত চৰকাৰৰ পদ্মশ্ৰী আৰু ১৯৯২ চনত পদ্মভূষণ বঁটা লাভ কৰিছিল।২ তেখেতে ১৮,০০০ৰতকৈও অধিক ছাত্ৰ-ছাত্ৰীক ভাৰতনাট্যম আৰু কথাকলিৰ প্ৰশিক্ষণ দিছিল।৩

মৃণালিনী সাৰাভাইৰ পিতৃ-মাতৃ আছিল মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ অধিবক্তা এছ. স্বামীনাথন আৰু সমাজকৰ্মী আম্মু স্বামীনাথন।৪ সৰুকাল চুইজাৰলেণ্ডত কটোৱা সাৰাভায়ে পাছত ৰবীন্দ্ৰনাথ ঠাকুৰৰ অধীনত শান্তিনিকেতনত শিক্ষা লাভ কৰে। তেখেতে মিনাক্ষী সুন্দৰম পিল্লাইৰ পৰা ভাৰতনাট্যম আৰু গুৰু থাকাঝিৰ পৰা কথাকলিৰ প্ৰশিক্ষণ লয়।

১৯৪২ চনত তেখেতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বিক্ৰম সাৰাভাইৰ লগত বিবাহপাশত আবদ্ধ হয়। ১৯৪৮ চনত তেখেতে আহমেদাবাদৰ দৰ্পণা নামৰ প্ৰতিষ্ঠানৰ আৰম্ভণি কৰে। তিনিশতকৈও অধিক নৃত্য-নাটিকা পৰিচালনা কৰাৰ উপৰিও তেখেতে শিশুৰ বাবে কেইবাখনো উপন্যাস, নাটক আৰু গল্প লিখিছিল।

তেখেত French association Archives Internationales de la Danse-ৰ মেডেল আৰু ডিপ্ল'মা লাভ কৰা প্ৰথম ভাৰতীয় আছিল। ১৯৯০ চনত তেখেত পেৰিছৰ International Dance Council-ৰ কাৰ্যকৰী সমিতিৰ বাবে নিৰ্বাচিত হৈছিল।১ ২০১৩ চনত তেখেতে কেৰালা চৰকাৰৰ প্ৰথম বৰ্ষৰ নিশাগন্ধি পুৰস্কাৰম বঁটা লাভ কৰে।৫ ২০১৬ চনৰ ২১ জানুৱাৰীত ৯৭ বছৰ বয়সত তেখেতে মৃত্যুবৰণ কৰে।৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Indira Gandhi Memorial Trust. (1993). Challenges of the twenty-first century: Conference 1991. Taylor & Francis. পৃ. 375. ISBN 81-224-0488-X
  2. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  3. ↑ (26 December 1998). Tradition takes over. Indian Express
  4. ↑ Debra Craine and Judith Mackrell. (2010). The Oxford Dictionary of Dance. University Press. পৃ. 396. ISBN 0199563446
  5. ↑ (2013-01-26). Nishagandhi Puraskaram for Mrinalini Sarabhai. দ্য হিন্দু
  6. ↑ (21 January 2016). Mrinalini Sarabhai passes away. The Hindu

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীভাৰতীয় নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৃণালিনী সাৰাভাই” প্ৰবন্ধৰ সংশোধন ৩৮২৬৮১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।