কম্পিউটাৰ বিজ্ঞানী
৩১ প্ৰবন্ধ
-
এলান ট্যুৰিং
এলান মেথিছন ট্যুৰিং (Alan Turing; সম্পূৰ্ণ নাম: Alan Mathison Turing; ২৩ জুন ১৯১২ – ৭ জুন ১৯৫৪) এগৰাকী ইংৰাজ গণিতজ্ঞ, তৰ্কবিজ্ঞানী (logician), সংকেতবিশ্লেষক (cryptoanalyst) আৰু কম্পিউটাৰ বিজ্ঞানী। কম্পিউটাৰ বিজ্ঞানৰ বিকাশত এখেতৰ বৰঙণি বিশেষভাৱে উল্লেখনীয়।
-
টিম বাৰ্নাৰ্ছ লী
ছাৰ টিমথী জন "টিম" বাৰ্ণাৰ্ছ-লী (Sir Timothy John "Tim" Berners-Lee), (জন্ম ৮ জুন ১৯৫৫), বা "TimBL", এজন ব্ৰিটিছ কম্পিউটাৰ বিজ্ঞানী। ৱৰ্ল্ড ৱাইড ৱেবৰ উদ্ভাৱনৰ বাবে তেওঁ বিখ্যাত।
-
অনিতা বৰ্গ
অনিতা বৰ্গ (জন্ম: ১৭ জানুৱাৰী, ১৯৪৯ – মৃত্যু: ৬ এপ্ৰিল, ২০০৩) মহিলাৰ প্ৰতিনিধিত্ব আৰু প্ৰযুক্তিৰ পেছাদাৰী উন্নতিৰ পোষকতা কৰাৰ বাবে পৰিচিত এগৰাকী আমেৰিকান কম্পিউটাৰ বিজ্ঞানী আছিল। তেওঁ ইনষ্টিটিউট ফৰ উইমেন এণ্ড টেকন’লজি আৰু গ্ৰেচ হপাৰ চেলিব্ৰেচন অৱ উইমেন ইন কম্পিউটিং প্ৰতিষ্ঠা কৰে।
-
ৰেই টম্লিনছন
ৰেইমণ্ড ছেমুৱেল টম্লিনছন (Raymond Samuel Tomlinson; ২০ এপ্ৰিল, ১৯৪১ – ৫ মাৰ্চ, ২০১৬) আছিল এগৰাকী অগ্ৰণী কম্পিউটাৰ প্ৰগ্ৰামাৰ। তেখেতে ইলেকট্ৰনিক মেইল (email) পঠিওৱাৰ প্ৰথমটো পদ্ধতি উদ্ভাৱন কৰিছিল। তেখেতে ১৯৭১ চনত আৰপানেট (ARPANET) ছিষ্টেমত প্ৰথমটো ইমেইল প্ৰগ্ৰাম কাৰ্যকৰী কৰিছিল।
-
কাৰ্লা এলিছ
কাৰ্লা শ্ব্লেটাৰ এলিছ এগৰাকী আমেৰিকান কম্পিউটাৰ বিজ্ঞানী আৰু ড্যুক বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ এমেৰিটাছ অধ্যাপিকা। মোবাইল ডিভাইচত শক্তি ব্যৱস্থাপনাত কৰা কামৰ লগতে কম্পিউটাৰ বিজ্ঞানৰ ক্ষেত্ৰখনত মহিলাৰ সংখ্যা বৃদ্ধিৰ বাবে তেওঁৰ নিষ্ঠাৰ বাবেও তেওঁ পৰিচিত।
-
চুজান ওৱিকি
চুজান ওৱিকি এগৰাকী কম্পিউটাৰ বিজ্ঞানী, এছ'চিয়েচন ফৰ কম্পিউটিং মেচিনেৰী (এচিএম) ফেলো আৰু কম্পিউটিঙত মহিলাসকলৰ বাবে চিষ্টাৰ্চ মেইলিং লিষ্টৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য। ২০০০ চনৰ আৰম্ভণিতে কেৰিয়াৰ সলনি কৰি অনুজ্ঞাপত্ৰপ্ৰাপ্ত বিবাহ আৰু পৰিয়াল থেৰাপিষ্ট হয়।
-
চুজান গেৰহাৰ্ট
চুজান গেৰহাৰ্ট এগৰাকী আমেৰিকাৰ অৰ্ধ অৱসৰপ্ৰাপ্ত কম্পিউটাৰ বিজ্ঞানী।
-
জোয়ান ফ্ৰান্সিওনি
জোয়ান ফ্ৰান্সিওনি কম্পিউটাৰ বিজ্ঞানৰ এগৰাকী আমেৰিকান অধ্যাপিকা, যিয়ে মিনেছ’টাৰ উইনোনাৰ উইনোনা ষ্টেট ইউনিভাৰ্চিটিত কাম কৰে। ১৯৮১ চনত ফ্ল'ৰিডা ষ্টেট ইউনিভাৰ্চিটিৰ পৰা কম্পিউটাৰ বিজ্ঞানত তেওঁ প্ৰথম পি এইচ ডি লাভ কৰে।
-
দীপ মেধি
দীপাংকৰ "দীপ" মেধি বিশ্বৰ এগৰাকী আগশাৰীৰ অসমীয়া কম্পিউটাৰ বিজ্ঞানী আৰু অধ্যাপক। কম্পিউটাৰ বিজ্ঞানৰ ‘নেটৱৰ্ক’ শাখাত তেখেতৰ শিক্ষণ, গৱেষণা আৰু পাঠ্যপুথি সমগ্ৰ বিশ্বতে বহুল সমাদৃত হৈছে।
-
লিউবা শ্ৰীৰা
লিউবা শ্ৰীৰা আমেৰিকাৰ ব্ৰেণ্ডেইছ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপিকা, যাৰ গৱেষণাৰ আগ্ৰহ মূলতঃ বিতৰণ কৰা ব্যৱস্থাৰ সৈতে জড়িত। শ্ৰীৰাই এটা এচিনক্ৰ'নাছ অপাৰেচন সম্পূৰ্ণ হোৱা (বা বিফলতা) আৰু জাভাস্ক্ৰিপ্ট প্ৰগ্ৰেমিং ভাষাৰ বাবে ইয়াৰ ফলস্বৰূপ মূল্যৰ কথা ক'লে "প্ৰতিজ্ঞা" বাক্যাংশটো উদ্ভাৱন কৰাৰ…
-
ষ্টেলা এটকিন্স
ষ্টেলা এটকিন্স কানাডাৰ চাইমন ফ্ৰেজাৰ বিশ্ববিদ্যালয়ৰ কম্পিউটিং বিজ্ঞানৰ এমেৰিটাছ অধ্যাপক, আৰু কম্পিউটিঙৰ কাৰিকৰী মহিলাৰ বাবে গঠিত চিষ্টাৰ্চ সম্প্ৰদায়ৰ এগৰাকী অন্যতম প্ৰতিষ্ঠাপক সদস্য।
-
ইউয়ানিউয়ান ইয়াং
ইউয়ানিউয়ান ইয়াং (ইংৰাজী: Yuanyuan Yang) এগৰাকী চীনা-আমেৰিকান কম্পিউটাৰ বিজ্ঞানী যাৰ আগ্ৰহৰ ভিতৰত আছে সমান্তৰাল আৰু বিতৰিত কম্পিউটিং, বেতাঁৰ চেন্সৰ নেটৱৰ্ক আৰু ক্লাউড কম্পিউটিং।
-
চিয়া ঝৌ
জিয়া ঝৌ (ইংৰাজী: Xia Zhou) কলম্বিয়া বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ এগৰাকী সহযোগী অধ্যাপক। তেওঁৰ গৱেষণা ম'বাইল কম্পিউটিং আৰু ইয়াৰ সৈতে অন্যান্য শাখাৰ সংযোগৰ ওপৰত কেন্দ্ৰিত। কলম্বিয়ালৈ অহাৰ পূৰ্বে তেওঁ ডাৰ্টমাউথ মহাবিদ্যালয়ৰ এগৰাকী সহযোগী অধ্যাপক আছিল।
-
চিয়া পেইচু
চিয়া পেইচু বা পেই-চু চিয়া (জন্ম: ২৮ জুলাই ১৯২৩ – মৃত্যু: ২৭ আগষ্ট ২০১৪) এগৰাকী চীনা কম্পিউটাৰ বিজ্ঞানী আৰু শিক্ষাবিদ আছিল। তেওঁ কম্পিউটাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগবঢ়োৱা অগ্ৰণী গৱেষণাৰ বাবে পৰিচিত।
-
চুৱান ৱু
চুৱান ৱু (吳川) হৈছে এগৰাকী চীনা কম্পিউটাৰ বিজ্ঞানী। তেওঁ মূলতঃ ক্লাউড কম্পিউটিং, বিতৰণিত যন্ত্ৰ শিক্ষণ আৰু জ্যেষ্ঠ নাগৰিকৰ যত্নৰ ক্ষেত্ৰত ব্যৱহাৰযোগ্য তথ্য-প্ৰযুক্তি প্ৰণালীৰ ওপৰত গৱেষণা কৰে। তেওঁ হংকং বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ এজন পূৰ্ণ অধ্যাপক।
-
জিং গাও
জিং গাও (ইংৰাজী: Jing Gao) এগৰাকী চীনা আৰু আমেৰিকান কম্পিউটাৰ বিজ্ঞানী। তেওঁৰ গৱেষণাত মেচিন লাৰ্নিঙক ডাটা মাইনিঙৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়, য’ত কাৰণ সম্পৰ্কীয় অনুমান, অস্বাভাৱিকতা চিনাক্তকৰণ, তথ্যৰ বিশ্বাসযোগ্যতা মূল্যায়ন আৰু সত্য অন্বেষণৰ দৰে বিষয়সমূহ অন্তৰ্ভুক্ত।
-
জুলি ঝুও
জুলি ঝুও এগৰাকী চীনা-আমেৰিকান ব্যৱসায়ী আৰু কম্পিউটাৰ বিজ্ঞানী। তেওঁ ফেচবুকৰ প্ৰডাক্ট ডিজাইনৰ ভাইচ প্ৰেচিডেণ্ট আছিল আৰু বৰ্তমান ছানডিয়ালৰ সহ-প্ৰতিষ্ঠাপক। ঝুও হৈছে দ্য মেকিং অৱ এ মেনেজাৰ (২০১৯) নামৰ গ্ৰন্থখনৰ লেখক।
-
জোৱানা হফমেন
জোৱানা কেৰিন হফমেন (জন্ম ২৭ জুলাই, ১৯৫৫) এগৰাকী পোলেণ্ড-আমেৰিকান বিপণন কাৰ্যবাহী। তেওঁ এপল মেকিনটছ দল আৰু নেক্সট দল দুয়োটাৰে অন্যতম মূল সদস্য আছিল। এপল কম্পিউটাৰত আৰম্ভ কৰাৰ সময়ত মেক "এতিয়াও এটা গৱেষণা প্ৰকল্প" আছিল।
-
দিয়ি ইয়াং
দিয়ি ইয়াং (ইংৰাজী: Diyi Yang) এগৰাকী চীনা কম্পিউটাৰ বিজ্ঞানী আৰু ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা। তেওঁ প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ, গণনামূলক ভাষাবিজ্ঞান, গণনামূলক সমাজবিজ্ঞান আৰু সামাজিক কম্পিউটিং ক্ষেত্ৰত গৱেষণা কৰে।
-
প্ৰণৱ মিস্ত্ৰী
প্ৰণৱ মিস্ত্ৰী (জন্ম ১৯৮১) এজন ভাৰতীয় কম্পিউটাৰ বিজ্ঞানী। শেহতীয়াকৈ তেওঁ Samsung electronics-ৰ গৱেষণা সঞ্চালক (Director of Research) হিচাপে যোগদান কৰিছে আৰু তেওঁ থিংক টেংক গোট ৰ নেতৃত্ব বহন কৰিছে।
-
প্ৰীতি শংকৰ
প্ৰীতি শংকৰ (Priti Shankar; ছেপ্টেম্বৰ ১৯৪৭ – অক্টোবৰ ২০১১) এগৰাকী ভাৰতীয় শিক্ষয়িত্ৰী, গৱেষক আৰু শিক্ষাবিদ। তেওঁৰ গৱেষণাবোৰ কম্পাইলাৰ ডিজাইন, আনুষ্ঠানিক ভাষা তত্ত্ব আৰু এল্গৰিথ্মিক কোডিং তত্ত্বৰ ক্ষেত্ৰসমূহত কেন্দ্ৰীভূত আছিল।
-
মীনা মহাজন
মীনা ভাস্কৰ মহাজন হৈছে এগৰাকী ভাৰতীয় তাত্ত্বিক কম্পিউটাৰ বিজ্ঞানী আৰু চেন্নাইস্থিত গণিত বিজ্ঞান প্ৰতিষ্ঠানৰ অধ্যাপিকা। তেওঁ গণনাগত জটিলতা তত্ত্ব ক্ষেত্ৰত আগশাৰীৰ গৱেষক হিচাপে পৰিচিত।
-
য়ুয়ানয়ুয়ান ঝৌ
য়ুয়ানয়ুয়ান (YY) ঝৌ এগৰাকী চীনা আৰু আমেৰিকান কম্পিউটাৰ বিজ্ঞানী আৰু উদ্যোগী। তেওঁ ছান ডিয়েগোৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ অধ্যাপিকা। তেওঁ ম'বাইল কম্পিউটিঙত কোৱালকম এনডাউড চেয়াৰ পদ লাভ কৰিছে।
-
লি জিয়ং
লি জিয়ং (熊莉) হৈছে এগৰাকী চীনা-আমেৰিকান কম্পিউটাৰ বিজ্ঞানী। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰসমূহ হৈছে ফেডাৰেটেড লাৰ্নিং, ডিফাৰেন্সিয়েল প্ৰাইভেচি, সুনাম প্ৰণালী (ৰেপুটেচন চিষ্টেম) আৰু স্বাস্থ্যসেৱাত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ।
-
সংঘমিত্ৰা মহান্তি
সংঘমিত্ৰা মহান্তি (১ এপ্ৰিল ১৯৫৩ – ১ জুলাই ২০২১) এগৰাকী ভাৰতীয় কম্পিউটাৰ বিজ্ঞানী আছিল। তেওঁ পদাৰ্থবিজ্ঞান বিষয়ত এম.এছ.চি. আৰু পি.এইচ.ডি. ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৮৬ চনৰ পৰা ২০১১ চনলৈ উৎকল বিশ্ববিদ্যালয়ত কম্পিউটাৰ বিজ্ঞান বিভাগত বক্তা, ৰিডাৰ আৰু অধ্যাপিকা হিচাপে কৰ্মৰত আছিল।
-
সবিতা মহৰ্জন
সবিতা মহৰ্জন (ইংৰাজী: Sabita Maharjan; জন্ম ১৯৮০) এগৰাকী কম্পিউটাৰ বিজ্ঞানী। তেওঁ নৰৱেৰ অছলো বিশ্ববিদ্যালয়ৰ ইনফৰ্মেটিক্স বিভাগৰ নেটৱৰ্ক আৰু ডিষ্ট্ৰিবিউটেড চিষ্টেমৰ অধ্যাপক। তেওঁৰ গৱেষণাৰ বিষয়সমূহ হ'ল ৱায়াৰলেছ নেটৱৰ্ক, নেটৱৰ্ক সুৰক্ষা, গ্ৰীণ কম্পিউটিং আৰু ভেহিকুলাৰ এড হক নেটৱৰ্ক।
-
হান্না কুৰ্ণিয়াৱতী
হান্না কুৰ্ণিয়াৱতী (ইংৰাজী: Hanna Kurniawati) এগৰাকী ইণ্ডোনেছিয়াত জন্মগ্ৰহণ কৰা কম্পিউটাৰ বিজ্ঞানী। তেওঁ ৰবটিক্সৰ বিভিন্ন শাখা যেনে মচন প্লেনিং, সিদ্ধান্ত গ্ৰহণৰ অনিশ্চয়তা আৰু ৰবটিক্সত ৰিনফৰ্চমেণ্ট লাৰ্নিঙৰ প্ৰয়োগ আদি বিষয়ত বিশেষজ্ঞ।
-
ৰোজালিণ্ড পিকাৰ্ড
ৰোজালিণ্ড ৰাইট পিকাৰ্ড ( Rosalind Wright Picard; জন্ম ১৯৬২) এগৰাকী আমেৰিকান বৈদ্যুতিক অভিযন্তা আৰু কম্পিউটাৰ বিজ্ঞানী যি এম আই টিৰ স্বাস্থ্য বিজ্ঞান আৰু প্ৰযুক্তিৰ গ্ৰভাৰ এম হাৰ্মান অধ্যাপক, এম আই টি মিডিয়া লেবৰ এফেকটিভ কম্পিউটিং ৰিচাৰ্চ গ্ৰুপৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক আৰু ষ্টাৰ্টআপ এফেক্টিভা আৰু…
-
ৱেই ৱাং
ৱেই ৱাং (ইংৰাজী: Wei Wang) এগৰাকী চীনত জন্মগ্ৰহণ কৰা আমেৰিকান কম্পিউটাৰ বিজ্ঞানী। তেওঁ লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ (ইউচিএলএ) কম্পিউটাৰ বিজ্ঞান আৰু কম্পিউটেশ্যনেল মেডিচিন বিভাগৰ লিয়নাৰ্ড ক্লেইনৰক চেয়াৰ প্ৰফেচৰ আৰু স্কেলেবল এনালিটিক্স ইনষ্টিটিউটৰ (এছচিএআই) সঞ্চালক।
-
ৱেইলি ৱু
ৱেইলি (লিলি) ৱু হৈছে এজনী চীনা-আমেৰিকান কম্পিউটাৰ বিজ্ঞানী। তেওঁ ইউনিভাৰ্ছিটি অৱ টেক্সাছ এট ডেলাছত ডাটা কমিউনিকেচন আৰু ডাটা মেনেজমেণ্ট লেবৰেটৰীৰ সঞ্চালক আৰু কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপিকা।