অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

ডা° ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান

ড॰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান (Dr. Bhubaneswar Borooah Cancer Institute), চমুকৈ BBCI অসমৰ মুখ্য নগৰ গুৱাহাটীৰ গোপীনাথ বৰদলৈ নগৰ অঞ্চলত অৱস্থিত এখন স্বায়ত্তশাসিত কৰ্কট ৰোগৰ চিকিৎসা প্ৰতিষ্ঠান আৰু গৱেষণা কেন্দ্ৰ।

হালনাগাদ: ২৬ ফেব্ৰুৱাৰী ২০২৬ ৩০৮ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ড॰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান (Dr. Bhubaneswar Borooah Cancer Institute), চমুকৈ BBCI অসমৰ মুখ্য নগৰ গুৱাহাটীৰ গোপীনাথ বৰদলৈ নগৰ অঞ্চলত অৱস্থিত এখন স্বায়ত্তশাসিত কৰ্কট ৰোগৰ চিকিৎসা প্ৰতিষ্ঠান আৰু গৱেষণা কেন্দ্ৰ। এগৰাকী মহান চিকিৎসক আৰু স্বাধীনতা সংগ্ৰামী ড॰ ভুৱনেশ্বৰ বৰুৱাৰ নামেৰ নামাঙ্কিত আৰু এটা স্বেচ্ছাসেৱী সংস্থা 'ড॰ বি বৰুৱা কেঞ্চাৰ ছ'চাইটি ন্যাস'ৰ দ্বাৰা প্ৰতিষ্ঠিত এই চিকিৎসা প্ৰতিষ্ঠানখন ১৯৭৩ চনৰ ১৮ নৱেম্বৰৰ দিনা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিল। পিছে প্ৰতিষ্ঠানখনৰ চিকিৎসা-সম্পৰ্কীয় কাম-কাজ ১৯৭৪ চনৰ পৰাহে আৰম্ভ হৈছিল।১ ড॰ এ চি কাকতি বৰ্তমান ইয়াৰ সঞ্চালক।২

ইতিহাস

১৯৫৮ চনত এখন ৰাজহুৱা সভাত গুৱাহাটীত এগৰাকী মহান চিকিৎসক আৰু স্বাধীনতা সংগ্ৰামী ড॰ ভুৱনেশ্বৰ বৰুৱাৰ (৪ চেপ্তেম্বৰ ১৮৯৩- ২৫ চেপ্তেম্বৰ ১৯৫৬) সোঁৱৰণত এখন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন কৰাৰ প্ৰস্তাৱ লোৱা হয়। প্ৰতিষ্ঠানখন নিৰ্মাণ আৰু পৰিচালনা কৰিবলৈ 'ড॰ বি বৰুৱা কেঞ্চাৰ ছ'চাইটি' নামেৰে এটা ন্যাস গঠন কৰা হয়। ন্যাসৰ প্ৰতিষ্ঠাপক সচিব আছিল ড॰ ভুৱনেশ্বৰ বৰুৱাৰ সুযোগ্য ভাতৃ ড॰ কণক চন্দ্ৰ বৰুৱা। ১৯৭৩ চনৰ ১৮ নৱেম্বৰৰ দিনা গুৱাহাটীৰ গোপীনাথ বৰদলৈ নগৰত স্থাপন কৰা ড॰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট চিকিৎসা প্ৰতিষ্ঠানৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় যদিও চিকিৎসা-সম্পৰ্কীয় কাম-কাজ ১৯৭৪ চনৰ পৰাহে আৰম্ভ হয়। বিভিন্ন সময়ত অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহা তিনিগৰাকীকৈ ব্যক্তি- বিষ্ণুৰাম মেধি, মহেন্দ্ৰ মোহন চৌধুৰী আৰু বিমলা প্ৰসাদ চলিহাকে ধৰি দেবেন্দ্ৰনাথ শৰ্মা, ড॰ ঘনশ্যাম দাস, ড॰ বীৰেন্দ্ৰ নাথ চৌধুৰী আদি বহু ব্যক্তিয়ে কৰ্কট প্ৰতিষ্ঠানখনৰ উন্নয়নৰ বাবে কাম কৰি গৈছে। -৩

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ১৯৮০ চনত প্ৰতিষ্ঠানখনক আঞ্চলিক কৰ্কট কেন্দ্ৰ ৰূপে অনুমোদন জনায়। ১৯৮৬ চনৰ ৬ আগষ্টত 'ড॰ বি বৰুৱা কেঞ্চাৰ ছ'চাইটি' ন্যাসে প্ৰতিষ্ঠানখনৰ স্বায়ত্তশাসন অক্ষুণ্ণ ৰাখিবলৈ ইয়াক অসম চৰকাৰলৈ হস্তান্তৰ কৰে। প্ৰতিষ্ঠানখনক বিত্তীয় পৰিপোষণ কৰিবলৈ অসম চৰকাৰ, উত্তৰ-পূব পৰিষদ আৰু ভাৰত চৰকাৰৰ পাৰমাণৱিক শক্তি বিভাগৰ মাজত চাৰিখনকৈ ত্ৰিপক্ষীয় চুক্তি সম্পাদন কৰা হৈছে। এই চুক্তিকেইখনৰ কাৰ্যকাল এনেধৰণৰ-৪৫৬ ১ম চুক্তি- ১৯৮৯ চনৰ নৱেম্বৰৰ পৰা ২য় চুক্তি- ১ এপ্ৰিল ১৯৯৮ৰ পৰা ৩১ মাৰ্চ ২০০৪লৈ ৩য় চুক্তি- ১ এপ্ৰিল ২০০৪ৰ পৰা ৩১ মাৰ্চ ২০১২লৈ ৪ৰ্থ চুক্তি- ১ এপ্ৰিল ২০১২ৰ পৰা ৩১ মাৰ্চ ২০১৭লৈ

বহি:সংযোগ

তথ্যসূত্ৰ

  1. ↑ www.bbcionline.org/aboutus.htm ড॰বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান
  2. ↑ www.bbcionline.org/staff.htm ড॰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰী
  3. ↑ www.bbcionline.org/aboutus.htm ড॰বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান
  4. ↑ www.bbcionline.org/aboutus.htm ড॰বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান
  5. ↑ www.assamtribune.com/scripts/detailsnew.asp?id=a link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা প্ৰকল্প
  6. ↑ necouncil.nic.in/index3.asp?sslid=117&subsub উত্তৰ-পূব পৰিষদ

সম্পৰ্কিত শ্ৰেণী

অসমৰ গৱেষণা প্ৰতিষ্ঠানসমূহঅসমৰ চিকিৎসালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডা° ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান” প্ৰবন্ধৰ সংশোধন ৫৮২৬৪২ (২৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।