পংকজ জ্যোতি মহন্ত (Pankaj Jyoti Mahanta) অসমৰ এগৰাকী গণিতজ্ঞ১, লেখক, লগতে গণিত আৰু বিজ্ঞান বিষয়ৰ দ্বিভাষিক ই-আলোচনী গণিত চ’ৰাৰ সহঃপ্ৰতিষ্ঠাপক আৰু এগৰাকী সম্পাদক।২ পংকজ জ্যোতি মহন্তই গণিতৰ বিশ্লেষণাত্মক সংখ্যাতত্ত্ব, বীজগণিত আৰু কম্বিনেটৰিস্ক শাখাত গৱেষণা কৰে।৩ তেওঁ ২০১১ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। গণিত-বিজ্ঞানৰ উপৰি বিভিন্ন সামাজিক আৰু সাম্প্ৰতিক সময়ৰ প্ৰসংগক লৈ তেওঁ কাকত, ই-আলোচনী আৰু ব্লগৰ জৰিয়তে নিয়মীয়াকৈ লেখা-মেলা কৰি আহিছে। অসমৰ সঞ্জীৱন প্ৰকাশনৰ পৰা প্ৰতিভাৰ উৎস আৰু অংক নহয় আতংক নামেৰে তেওঁৰ দুখন গ্ৰন্থ প্ৰকাশ হৈছে। ৪
২০১৯ বৰ্ষৰ পৰা তেওঁ অসম গণিত শিক্ষায়তনৰ কাৰ্যকৰী সমিতিৰ এজন সদস্য হিচাপে জড়িত হৈ আছে।৫ তেওঁ শিক্ষায়তনৰ পৰা প্ৰকাশিত দ্বিভাষীক আলোচনী গণিত বিকাশৰ ২০২০ চনৰ জুলাই-ডিচেম্বৰ(৬৭ সংখ্যক) মাহৰ পৰা সম্পাদকৰ দায়িত্বত আছে।৬ পংকজ জ্যোতি মহন্তৰ সম্পাদনাতে ২০২১ চনৰ পৰা গণিত বিকাশ তিনিমাহৰ মূৰে মূৰে অনলাইন৭ যোগে প্ৰকাশ হৈ আহিছে।৮
জন্ম আৰু শিক্ষা
পংকজ জ্যোতি মহন্তই ২০১২ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
গৱেষণা-পত্ৰ
পংকজ জ্যোতি মহন্তৰ গৱেষণাৰ বিষয় হৈছে অখণ্ড সংখ্যাৰ বিভাজন (integer partition), ডায়ফেণ্টাইন সমীকৰণ (diophantine equations), সংখ্যাতাত্ত্বিক সমীকৰণ আৰু ৰেকাৰেন্সেছ (number theoritic sequences and recurrences) আৰু অন্যান্য। জাৰ্ণেল অৱ নাম্বাৰ থিঅ'ৰি, ফিব'নাকি কোৱাটাৰ্লিকে ধৰি বহু আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰিকা বা জাৰ্নেলত তেওঁৰ কেইবাখনো গৱেষণা পত্ৰ প্ৰকাশ পাইছে।১
- Mahanta, Pankaj Jyoti; Saikia, Manjil P. (2020). A family of lacunary recurrences for Lucas Numbers. Fibonacci Quarterly. পৃ. 356-360
- Mahanta, Pankaj Jyoti; Saikia, Manjil P.; Yaqubi, Daniel. (2020). Some properties of Zumkeller numbers and k-layered numbers. Journal of Number Theory. পৃ. 218-236
- Mahanta, Pankaj Jyoti; Saikia, Manjil P. (2021). SOME NEW AND OLD GIBONACCI IDENTITIES. Rocky Mountain Journal of Mathematics
- Mahanta, Pankaj Jyoti. (2021). Refinement of Some Partition Identities of Merca and Yee. International Journal of Number Theory
কৰ্মজীৱন
পংকজ জ্যোতি মহন্ত, ২০১১ চনৰ এপ্ৰিল মাহত আৰম্ভ হোৱা, গণিত আৰু বিজ্ঞান বিষয়ৰ দ্বিভাষিক ই-আলোচনী গণিত চ’ৰাৰ সহঃপ্ৰতিষ্ঠাপক আৰু এগৰাকী সম্পাদক। ২০২০ চনৰ পৰা পংকজ জ্যোতি মহন্তই অসম গণিত শিক্ষায়তনৰ পৰা প্ৰকাশিত গণিত বিকাশ আলোচনীৰ সম্পাদকৰূপে দায়িত্ব পালন কৰিছে। তেতিয়াৰ পৰাই আলোচনীখন অনলাইনযোগে পি দি এফত সকলো পঢ়ুৱৈৰ বাবে উপলব্ধ।৯ পংকজ জ্যোতি মহন্ত অসম বিজ্ঞান সমিতিৰ পৰা প্ৰকাশিত বিজ্ঞান জেউতিৰ সম্পাদনা সমিতিৰ সদস্য হিচাপে ২০১১ চনৰ পৰা আছে। ১০
গ্ৰন্থৰাজি
প্ৰবন্ধ সংকলন
উপন্যাস
বঁটা সন্মান
- ২০২১ চনত ৰাজ্য চৰকাৰৰ লেখক সম্বৰ্ধনা লাভ
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ researchgate profile of Pankaj-Jyoti-Mahanta
- ↑ গণিত চ'ৰা
- ↑ scholar google
- ↑ পংকজ জ্যোতি মহন্ত. (নৱেম্বৰ,২০১৭). প্ৰতিভাৰ উৎস. সঞ্জীৱন প্ৰকাশন
- ↑ অসম গণিত শিক্ষায়তন
- ↑ পংকজ জ্য়োতি মহন্ত. (2020). সম্পাদকীয়. গণিত বিকাশ
- ↑ গণিত বিকাশ-অসম গণিত শিক্ষায়তন
- ↑ Editorial Board
- ↑ গণিতবিকাশৱেবছাইটত
- ↑ বিজ্ঞান জেউতি ২০২১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পংকজ জ্যোতি মহন্ত” প্ৰবন্ধৰ সংশোধন ৬০৪২৩৯ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।