গণিত চ’ৰা (Gonit Sora) এখন গণিত বিষয়ক দ্বিভাষিক মাহেকীয়া ই-আলোচনী১৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ কেইজনমান ছাত্ৰৰ উদ্যোগত ২০১১ চনৰ এপ্ৰিল মাহৰ ২১ তাৰিখে এই আলোচনীখনৰ প্ৰথম প্ৰকাশ হয়২৷ ২০১৩ চনত আলোচনীখনে Mathematics of Planet Earth 2013 প্ৰকল্পৰ সহযোগী আলোচনীৰূপে স্বীকৃতি পায়৩৷
কৰ্ত্তৃত্ব আৰু পৰিচালনা
পৰম্পৰাগত গণিত শিকন পদ্ধতিৰ পৰিৱৰ্তে গণিতক অধ্যয়নৰ এক মনোৰম ক্ষেত্ৰ ৰূপে সাধাৰণ মানুহৰ আগত দাঙি ধৰাৰ প্ৰয়াসেৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ পংকজ জ্যোতি মহন্ত (বৰ্তমানৰ প্ৰাক্তন ছাত্ৰ) আৰু মঞ্জিল প্ৰতীম শইকীয়াই আলোচনীখনৰ প্ৰথম প্ৰকাশৰ ব্যৱস্থা কৰে,১ বৰ্তমানৰ সম্পাদনা সমিতিত তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগ, পদাৰ্থ বিজ্ঞান বিভাগকে ধৰি আন আন বিভাগৰো শিক্ষক, ছাত্ৰ আছে৷ আলোচনীখনৰ উপদেষ্টা মণ্ডলীত অসম তথা ভাৰতৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ উপৰিও কানাডা, যুক্তৰাজ্য আৰু যুক্তৰাষ্ট্ৰৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ কেইবাজনো গণিতজ্ঞ আছে৷৪
শিতানসমূহ
অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰকাশ পোৱা আলোচনীখনত শেহতীয়া বিজ্ঞানৰ বিভিন্ন খবৰ, প্ৰবন্ধ, বিজ্ঞান কাৰ্টুন, বিশিষ্ট গণিতজ্ঞ আৰু বিজ্ঞানীৰ লিখিত বা ভিডিঅ’ মাধ্যমত সাক্ষাৎকাৰ, কুইজ, সাঁথৰ আদি নিয়মীয়াকৈ প্ৰকাশ পায়৷ তাৰোপৰি আলোচনীখনত বিভিন্ন গণিতৰ সমস্যাৰ সমাধান পদ্ধতিও উদাহৰণসহ প্ৰকাশ পায়৷ বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ যেনে- NET, GATE, TIFR ৰ প্ৰৱেশ পৰীক্ষা, INMO, IMO আদিৰ গণিত বিষয়ৰ প্ৰশ্নকাকতৰ সমাধান সূত্ৰও আলোচনীখনে প্ৰকাশ কৰে৷১
অন্যান্য আঁচনি
আলোচনীখনে ছাত্ৰ-ছাত্ৰীৰ মাজত গণিত প্ৰশ্নোত্তৰ ব্যৱস্থা আৰু কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শ প্ৰদানৰ ব্যৱস্থা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰোপৰি অংককে ধৰি বিজ্ঞান-প্ৰযুক্তিৰ কেইবাখনো কিতাপ তথা ই-বুক গণিত চ'ৰাৰ ৱেবচাইটত উপলব্ধ কৰোৱাইছে৷ সেইসমূহ কিতাপ যিকোনো আগ্ৰহী পাঠকেই ডাউনল'ড কৰি পঢ়িব পাৰে৷ তাৰে মাজত দুখনমান অন্যতম গ্ৰন্থ হৈছে ৰামানুজন-গণিতজ্ঞ আৰু মানুহজন,গণিতঃএটা বিৰক্তিকৰ বিষয়,বিজ্ঞান আৰু বোলছবি আদি ৷ গণিত চ'ৰা নামৰ ই-বুকখনো এই ৱেবচাইটত উপলব্ধ৷৫
তথ্যসূত্ৰ
- ↑ ALIPTA JENA. (Wednesday, November 23, 2011). Numbers spell fun on website - Gonitsora transforms maths. The Telegraph
- ↑ Manjil P. Saikia. (APRIL 16, 2012). Gonit Sora - A Year Long Journey. The Quantized Quark
- ↑ Math 2013 Megazines. Mathematics of Planet Earth 2013
- ↑ GonitSora.com. Gonit Sora:About Us. GonitSora.com
- ↑ গণিত চ'ৰাত থকা কিতাপ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গণিত চ’ৰা” প্ৰবন্ধৰ সংশোধন ৬০৩৮৮৪ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।