অসমীয়া গণিতজ্ঞ
১০ প্ৰবন্ধ
-
জ্যোতিপ্ৰসাদ মেধি
জ্যোতিপ্ৰসাদ মেধি (১ জুলাই, ১৯২৪-৩ ফেব্ৰুৱাৰী, ২০১৭) এগৰাকী অসমীয়া পৰিসংখ্যাবিদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। পৰিসংখ্যা বিজ্ঞান সম্পৰ্কীয় তেওঁৰ গৱেষণা আৰু পাঠ্যপুথি সমগ্ৰ বিশ্বৰ পৰিসংখ্যা বিজ্ঞান সমাজৰ মাজত সমাদৃত হৈছে।
-
অনুপম শইকীয়া (গণিতজ্ঞ)
অনুপম শইকীয়া এজন ভাৰতীয় গণিতজ্ঞ আৰু বৰ্তমান তেওঁ আই আই টি, গুৱাহাটীৰ গণিত বিভাগৰ এজন অধ্যাপক। পাটীগাণিতীক সংখ্যা তত্ত্বৰ লগত জড়িত গৱেষণা, বিশেষকৈ ইৱাছাৱা তত্ত্ব আৰু p-adic পৰিমাপৰ বাবে তেখেত জনাজাত। গাণিতিক সংকেত বিদ্যাৰ বিষয়তো তেওঁৰ গৱেষণা পত্ৰ প্ৰকাশ পাইছে।
-
পংকজ জ্যোতি মহন্ত
পংকজ জ্যোতি মহন্ত (Pankaj Jyoti Mahanta) অসমৰ এগৰাকী গণিতজ্ঞ, লেখক, লগতে গণিত আৰু বিজ্ঞান বিষয়ৰ দ্বিভাষিক ই-আলোচনী গণিত চ'ৰাৰ সহঃপ্ৰতিষ্ঠাপক আৰু এগৰাকী সম্পাদক। পংকজ জ্যোতি মহন্তই গণিতৰ বিশ্লেষণাত্মক সংখ্যাতত্ত্ব, বীজগণিত আৰু কম্বিনেটৰিস্ক শাখাত গৱেষণা কৰে।
-
নয়নদীপ ডেকা বৰুৱা
নয়নদীপ ডেকা বৰুৱা (জন্ম ১৯৭২) এজন ভাৰতীয় গণিতজ্ঞ। বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ এজন অধ্যাপক। ৰামানুজনৰ গণিতৰ সৈতে জড়িত কৰ্মৰাজিৰ বাবে তেওঁ জনাজাত।
-
ভূপতি চন্দ্ৰ ডেকা
ভূপতি চন্দ্ৰ ডেকা (জন্ম ১ মাৰ্চ,১৯৩১-মৃত্যু ১৭ জানুৱাৰী,২০১৪) হৈছে এগৰাকী অসমীয়া গণিতজ্ঞ।কটন কলেজৰ পৰা স্নাতক ডিগ্ৰীৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰা ভূপতি চন্দ্ৰ ডেকাই ওৰেটো জীৱন গণিত শিক্ষাক…
-
খনীন্দ্ৰ চন্দ্ৰ চৌধুৰী
খনীন্দ্ৰ চন্দ্ৰ চৌধুৰী (Khanindra Chandra Chowdhury) এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত (UGC, EMERITUS) অধ্যাপক। তেওঁ বিমুৰ্ত গণিত (Pure Mathematics)-ত বিশেষকৈ বীজগণিতত বহুলভাৱে কৰা গৱেষণাৰ বাবে পৰিচিত।
-
দিলীপ কুমাৰ দত্ত
ড॰ দিলীপ কুমাৰ দত্ত (Dilip Kumar Dutta, ৩০ এপ্ৰিল, ১৯৩৭–২৬ ছেপ্টেম্বৰ, ২০১৯) এগৰাকী অসমীয়া গণিতজ্ঞ, শিক্ষাবিদ আৰু লেখক। তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ অংক শাস্ত্ৰৰ সন্মানীয় অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৩৭ চনত যোৰহাটত তেওঁৰ জন্ম হৈছিল।
-
মঞ্জিল প্ৰতীম শইকীয়া
মঞ্জিল প্ৰতীম শইকীয়া(Manjil Pratim Saikia) অসমৰ এগৰাকী গণিতজ্ঞ তথা গণিত আৰু বিজ্ঞান বিষয়ৰ দ্বিভাষিক ই-আলোচনী গণিত চ’ৰাৰ সহঃপ্ৰতিষ্ঠাপক আৰু এগৰাকী সম্পাদক।
-
দিলীপ শৰ্মা (গণিত লেখক)
ড° দিলীপ শৰ্মা (-) এগৰাকী অসমীয়া গণিত অধ্যাপক, শিক্ষাবিদ, লেখক। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে সপ্তম স্থান অধিকাৰ কৰা দিলীপ শৰ্মাই গণিতক সন্মানীয় বিষয় হিচাপে লৈ ১৯৭৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বি.এ.ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ উত্তীৰ্ণ হয়।
-
অমলা বেজবৰুৱা
অমলা বেজবৰুৱা (Amala Bezbaruah) গণিত বিজ্ঞানত অসমৰ প্ৰথমগৰাকী মহিলা স্নাতকোত্তৰ। তেওঁ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰথমগৰাকী মহিলা প্ৰবক্তা। অসম গণিত শিক্ষায়তনৰ পৰা প্ৰকাশিত গণিত বিষয়ক আলোচনী গণিত বিকাশৰ প্ৰথমগৰাকী সম্পাদক আছিল অমলা বেজবৰুৱা।