ফিফা বিশ্বকাপ, যাক প্ৰায়ে সৰলভাৱে বিশ্বকাপ বুলি কোৱা হয়, ফেডাৰেচন ইণ্টাৰনেশ্যনেল ডি ফুটবল এছ'চিয়েচন (ফিফা) নামৰ সংস্থাৰ দ্বাৰা আয়োজিত আন্ত:ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। ২০২২ ফিফা বিশ্বকাপ ২২তম বিশ্বকাপ ২০২২ চনৰ ২০ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ যি অনুষ্ঠিত হয় কাটাৰত। ২০০২ চনত দক্ষিণ কোৰিয়া আৰু জাপানএ যুটিয়াভাৱে অনুষ্ঠিত কৰাৰ পিছত সম্পূৰ্ণৰূপে এছিয়াত অনুষ্ঠিত হোৱা এইখন দ্বিতীয় ফিফা বিশ্বকাপ প্ৰতিযোগিতা। ২০২২ ফিফা বিশ্বকাপ আৰব বিশ্বৰ দেশত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা বিশ্বকাপ প্ৰতিযোগিতা।১. এই বিশ্বকাপ আয়োজন কৰি কাটাৰে বিশ্বৰ মঞ্চত আৰু অন্যান্য আৰৱ ৰাষ্ট্ৰসমূহৰ মাজত এক অনন্য ভূমিকা পালন কৰে।
এই প্ৰতিযোগিতাখনত ৩২টা দলে অংশগ্ৰহণ কৰে। কাটাৰৰ উষ্ণ জলবায়ুৰ চৰম পৰ্যায়ৰ পৰা হাত সাৰিবলৈ এই বিশ্বকাপ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত অনুষ্ঠিত কৰা হৈছে। ২ লগতে এই প্ৰতিযোগিতাখনৰ সময়সীমা হ্ৰাস কৰি ২৯-দিনৰ সময়সীমাত অনুষ্ঠিত কৰা হৈছে। এই প্ৰতিযোগিতাত কাটাৰৰ পাঁচখন চহৰৰ আঠটা স্থানত ৬৪খন খেল অনুষ্ঠিত হ'ব। আয়োজক দেশ হিচাপে কাটাৰৰ ৰাষ্ট্ৰীয় ফুটবল দলটোৱে অৰ্হতা প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্ধাৰিত ৩১টা দলৰ সৈতে স্বয়ংক্ৰিয়ভাৱে এই ইভেণ্টত প্ৰৱেশ কৰে যদিও কাটাৰে গ্ৰুপৰ তিনিওখন খেলতে পৰাস্ত হয়। তেওঁলোকে প্ৰতিখন খেলতে পৰাস্ত হোৱা আটাইতকৈ আগতীয়াকৈ বাহিৰ হোৱা প্ৰথম আয়োজক দেশ।৩ লগতে কাটাৰ (২০১০ চনৰ দক্ষিণ আফ্ৰিকাৰ পিছত) প্ৰথম পৰ্যায়ৰ পৰা আগবাঢ়ি নোযোৱা দ্বিতীয় আয়োজক দেশ।৪
অৱলোকন
ফিফা বিশ্বকাপ হৈছে বিশ্বৰ ৰাষ্ট্ৰীয় ফুটবল সমূহৰ মাজত অনুষ্ঠিত হোৱা এক পেছাদাৰী ফুটবল প্ৰতিযোগিতা।৫ ফিফাৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাখন প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় আৰু প্ৰথমবাৰৰ বাবে ১৯৩০ চনত উৰুগুৱেত অনুষ্ঠিত হয়,৬ আৰু ১৯৯৮ চনৰ পৰা এই প্ৰতিযোগিতাখনত ৩২টা দলে প্ৰতিদ্বন্দ্বিতা কৰি আহিছে।৬ এই প্ৰতিযোগিতাত আঠটা ৰাউণ্ড ৰবিন গ্ৰুপৰ সৈতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা হয় আৰু তাৰ পিছত ১৬টা দলৰ বাবে নকআউট ৰাউণ্ড অনুষ্ঠিত হয়।৭ ডিফেণ্ডিং চেম্পিয়ন হৈছে ফ্ৰান্সৰ ৰাষ্ট্ৰীয় ফুটবল দল, যিয়ে ২০১৮ চনৰ ফিফা বিশ্বকাপৰ ফাইনেলত ক্ৰ'ৱেচিয়া ৰাষ্ট্ৰীয় ফুটবল দলক ৪-২ গ'লত পৰাস্ত কৰিছিল।৮৯ এই অনুষ্ঠানটো ২০ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ সময়সীমা হ্ৰাস কৰি কাটাৰত অনুষ্ঠিত কৰা হৈছে।১০ কাটাৰত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা আৰব বিশ্বত অনুষ্ঠিত হোৱা প্ৰথমখন বিশ্বকাপ প্ৰতিযোগিতা।১১১২১৩ এই প্ৰতিযোগিতাত দৰ্শকে কোভিড-১৯ মহামাৰীৰ অধিকাংশ নিষেধাজ্ঞা যেনে সামাজিক দূৰত্ব, মাস্ক পৰিধান, নিগেটিভ টেষ্ট মানি চলাটো বাধ্যতামূলক নহয়।১৪
অনুসূচী
কাটাৰৰ গ্ৰীষ্মকালীন তীব্ৰ গৰম আৰু উচ্চ আৰ্দ্ৰতাৰ বাবে এই বিশ্বকাপৰ সময়সীমা পূৰ্বৰ ফিফা বিশ্বকাপৰ (যিবোৰ সাধাৰণতে জুন আৰু জুলাই মাহত অনুষ্ঠিত হয়) দৰে নহয়।১৫১২১৬ এই ২০২২ চনৰ বিশ্বকাপ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত অনুষ্ঠিত হয়।১৭১৮ ২০২০ চনৰ জুলাই মাহত ফিফাই মেচৰ সময়সূচী নিশ্চিত কৰে।১৯ ২১ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা গ্ৰুপ পৰ্যায়ত প্ৰতিদিনে চাৰিখন মেচ অনুষ্ঠিত হয়। পিছলৈ কাটাৰ বনাম ইকুৱেডৰৰ খেলখন ২০ নৱেম্বৰলৈ স্থানান্তৰিত কৰি সূচী সলনি কৰা হয়, কাৰণ কাটাৰে ফিফাক লবী কৰি তেওঁলোকৰ ঘৰুৱা দলটোক প্ৰতিযোগিতাখন মুকলি কৰিবলৈ অনুমতি লয়।২০২১ ফাইনেলখন ২০২২ চনৰ ১৮ ডিচেম্বৰ, ৰাষ্ট্ৰীয় দিৱসত লুচাইল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।২২১৯
পুৰস্কাৰৰ ধন
| স্থান | পৰিমাণ (মিলিয়নত) | |
|---|---|---|
| প্ৰতি দলৰ বাবে | মুঠ | |
| চেম্পিয়ন | $৪২ | $৪২ |
| ৰানাৰ্ছ আপ | $৩০ | $৩০ |
| তৃতীয় স্থান | $২৭ | $২৭ |
| চতুৰ্থ স্থান | $২৫ | $২৫ |
| ৫ম–৮ম স্থান (কোৱাৰ্টাৰ ফাইনেল) | $১৭ | $৬৮ |
| ৯ম–১৬ নং স্থান (১৬ ৰাউণ্ড) | $১৩ | $১০৪ |
| ১৭–৩২ নং স্থান (গোট পৰ্যায়) | $৯ | $১৪৪ |
| মুঠ | $৪৪০ |
কোৱাৰ্টাৰ ফাইনেল
২০২২ ফিফা বিশ্বকাপ কোৱাৰ্টাৰ ফাইনেল ৯ আৰু ১০ ডিচেম্বৰত অনুষ্ঠিত হয়।২২ ক্ৰ’ৱেচিয়া আৰু ব্ৰাজিলে ৯০ মিনিটৰ অন্তত ০–০ গ’লত অন্ত পেলাই অতিৰিক্ত সময়লৈ যায়। অতিৰিক্ত সময়ৰ ১৫ মিনিটত ব্ৰাজিলৰ হৈ নেইমাৰএ গ’ল দিয়ে। ক্ৰ’ৱেচিয়াই অৱশ্যে দ্বিতীয়টো অতিৰিক্ত সময়ৰ ভিতৰত ব্ৰুনো পেটকোভিচৰ জৰিয়তে সমতা স্থাপন কৰে। খেলখন টাই হোৱাৰ লগে লগে পেনাল্টি শ্বুটআউটে প্ৰতিযোগিতাখন নিৰ্ণয় কৰে আৰু ক্ৰ'ৱেচিয়াই শ্বুট আউটত ৪-২ গ'লত জয়লাভ কৰে।২৩২৪ দ্বিতীয় কোৱাৰ্টাৰ ফাইনেল মেচখনত আৰ্জেণ্টিনাৰ হৈ নাহুৱেল মলিনা আৰু লিঅ'নেল মেছিয়ে গ’ল দিয়াৰ পাছত খেল শেষ হোৱাৰ কিছু সময়ৰ পূৰ্বে ৱাউট ৱেগহৰ্ষ্টে দুটা গ’ল দি সমতা স্থাপন কৰে। মেচখন অতিৰিক্ত সময় আৰু তাৰ পিছত পেনাল্টিলৈ গৈছিল, য'ত আৰ্জেণ্টিনাই ৪-৩ গ'লত জয়লাভ কৰিছিল।২৫ মৰক্কোৱে পৰ্তুগালক ১-০ গ’লত পৰাস্ত কৰে, প্ৰথমাৰ্ধৰ শেষত ইউছেফ এন-নেছিৰীয়ে গ’ল দিয়ে। মৰক্কো এই প্ৰতিযোগিতাৰ ছেমি ফাইনেললৈকে আগবাঢ়ি যোৱা প্ৰথম আফ্ৰিকান আৰু প্ৰথম আৰব ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়।২৬ ইংলেণ্ডৰ হৈ হেৰী কেনে পেনাল্টি গ’ল দিয়াৰ পাছতো ফ্ৰান্সক পৰাস্ত কৰাটোৱেই যথেষ্ট নাছিল, যিয়ে অ’ৰেলিয়ান চুয়ামেনি আৰু অলিভিয়াৰ জিৰ’ডৰ গ’ল আৰু কেনৰ পলমকৈ মিছ কৰা পেনাল্টিৰে ২-১ গ’লত জয়লাভ কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমি- ফাইনেলত প্ৰৱেশ কৰা আৰু ১৯৯৮ চনত ব্ৰাজিলৰ পিছত এই পৰ্যায়ত উপনীত হোৱা প্ৰথম ডিফেণ্ডিং চেম্পিয়ন হিচাপে পৰিগণিত হয়।২৭২৮
ছেমি ফাইনেল
১৩ আৰু ১৪ ডিচেম্বৰত ছেমি ফাইনেল অনুষ্ঠিত হয়।২২ জুলিয়ান আলভাৰেজএ দুটা গ'ল দিয়াৰ আগতে লিঅ'নেল মেছিয়ে পেনাল্টি কিক সংগ্ৰহ কৰি আৰ্জেণ্টিনাক ক্ৰ'ৱেচিয়াৰ বিৰুদ্ধে ৩-০ গ'লত জয়লাভ কৰে।২৯ পাঁচ মিনিটৰ পিছত থিও হাৰ্নাণ্ডেজে গ'ল দিয়ে আৰু ফ্ৰান্সে মৰক্কোক খেলখনৰ বেছিভাগ সময় নেতৃত্ব দিয়ে আৰু পিছলৈ ৰেণ্ডেল ক'ল' মুয়ানীয়ে ৭৮ মিনিটত গ'ল দি ফ্ৰান্সে মৰক্কোৰ বিৰুদ্ধে ২-০ গ'লত জয়লাভ কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰে।৩০
ফাইনেল বা চূড়ান্ত খেল
১৮ ডিচেম্বৰত আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মাজত ফাইনেল খেল অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে দুয়োটা দলে দুবাৰকৈ এই প্ৰতিযোগিতাত জয়লাভ কৰিছিল।[241] ৩১ লিয়নেল মেছি আৰু এঞ্জেল ডি মাৰিয়াৰ প্ৰাৰম্ভিক গ'লে ফ্ৰান্সৰ বিৰুদ্ধে ২-০ গ'লত আগবাঢ়াই নিয়ে আৰ্জেণ্টিনাক।৩১৩২ প্ৰথমাৰ্ধত একাধিক বদলিৰ পিছতো ফ্ৰান্সে ৭০ মিনিটৰ পিছতো এটা শ্বট ৰেকৰ্ড কৰিব নোৱাৰিলে যদিও ৭১ মিনিটত অতিৰিক্ত বদলিৰ দ্বাৰা শক্তিশালী হৈ পৰে। কেইমিনিটমানৰ পাছত ফ্ৰান্সক পেনাল্টি দিয়া হয়, কাৰণ পেনাল্টি এৰিয়াত ৰেণ্ডেল ক’ল’ মুয়ানীক নমাই অনা হয়। এমবাপে পেনাল্টিটো দিয়ে আৰু দুমিনিট নৌহওঁতেই দ্বিতীয়টো গ'ল দি গ'লটো সমতা স্থাপন কৰে।৩২ দুটাকৈ গ’লত স্ক’ৰ সমতাত থকাৰ সময়তে মেচখন অতিৰিক্ত সময়লৈ গৈছিল। ১০৮ মিনিটত লিঅ'নেল মেছিয়ে দ্বিতীয়টো গ’ল দি পুনৰবাৰ আৰ্জেণ্টিনাক অগ্ৰগতি প্ৰদান কৰে। অৱশ্যে ১১৫ মিনিটত এমবাপেৰ শ্বট গনজালো মণ্টিয়েলৰ বাহুত খুন্দা মৰাৰ পিছত দ্বিতীয়টো পেনাল্টি লাভ কৰে। এমবাপে তৃতীয়টো গ'ল দি ১৯৬৬ চনত ইংলেণ্ডৰ হৈ জিঅফ হাৰ্ষ্টৰ পিছত বিশ্বকাপৰ ফাইনেলত হেট্ৰিক সম্পূৰ্ণ কৰা দ্বিতীয়জন খেলুৱৈ হিচাপে পৰিগণিত হয়।৩২ ৩–৩ গ’লত সমতাত থকাৰ সময়তে পেনাল্টি শ্বুটআউটৰ জৰিয়তে মেচখন নিৰ্ণয় কৰা হৈছিল। আৰ্জেণ্টিনাই তেওঁলোকৰ সকলো পেনাল্টি গ'ল দি ৪-২ গ'লত জয়লাভ কৰে।৩২ এইটো তেওঁলোকৰ তৃতীয়টো বিশ্বকাপ জয় আৰু ১৯৮৬ চনৰ পিছত তেওঁলোকৰ প্ৰথমটো জয়। ইয়াৰ উপৰিও ২০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে দক্ষিণ আমেৰিকাৰ দলে বিশ্বকাপ চেম্পিয়ন হিচাপে জয়ী হয়।
তথ্যসূত্ৰ
- ↑ Griffin, T. R. (2019). National identity, social legacy and Qatar 2022: the cultural ramifications of FIFA’s first Arab World Cup. Soccer & Society, 20(7-8), 1000-1013
- ↑ "FIFA Executive Committee confirms November/December event period for Qatar 2022।" FIFA। ১৯ মাৰ্চ ২০১৫. www.elec-qatar.com/fifa-executive-committee-conf
- ↑ World Cup 2022: Qatar makes history as earliest host country to get eliminated. Yahoo! Sport
- ↑ Press, The Associated. Host nation Qatar becomes 1st team eliminated from World Cup. theScore.com
- ↑ The history of World Cup in football. footballhistory.org
- ↑ FIFA Men's World Cup History – Past World Cup Winners, Hosts, Most Goals and more · FOX Sports. Fox Sports
- ↑ World Cup 2022: Dates, draw, schedule, kick-off times, final for Qatar tournament. Sky Sports
- ↑ Taylor, Daniel. (15 July 2018). France seal second World Cup triumph with 4–2 win over brave Croatia. The Guardian
- ↑ France beat Croatia in World Cup final. BBC Sport
- ↑ (19 March 2015). FIFA Executive Committee confirms November/December event period for Qatar 2022. FIFA
- ↑ FIFA World Cup 2022 live streaming: Where to watch, schedule & groups. The Economic Times
- ↑ Sanderson, Katharine. (18 November 2022). How will World Cup footballers cope with Qatar heat?. Nature. পৃ. 19
- ↑ When does winter start?. Met Office
- ↑ (27 October 2022). Qatar: FIFA World Cup fans will not need Covid tests. BBC News
- ↑ Sullivan, Becky (18 November 2022). "Why Qatar is a controversial host for the World Cup". NPR. Retrieved 21 November 2022
- ↑ Energy-rich Qatar faces fast-rising climate risks at home. The Washington Post
- ↑ McTague, Tom (19 November 2022). "The Qatar World Cup Exposes Soccer's Shame". The Atlantic. Washington, D.C. ISSN 2151-9463. OCLC 936540106. Archived from the original on 19 November 2022. Retrieved 20 November 2022
- ↑ Sullivan, Becky. (18 November 2022). Why Qatar is a controversial host for the World Cup. NPR
- ↑ (15 July 2020). FIFA World Cup match schedule confirmed: hosts Qatar to kick off 2022 tournament at Al Bayt Stadium. FIFA
- ↑ (23 August 2022). World Cup 2022: When does it start, which teams have qualified and what are the groups for Qatar?. The Telegraph
- ↑ (10 August 2022). World Cup 2022: Tournament set to start one day early with Qatar v Ecuador. BBC Sport
- ↑ FIFA World Cup Qatar 2022 Match Schedule. FIFA
- ↑ World Cup 2022: Croatia 1–1 Brazil (4–2 pens): Tite's men knocked out. BBC Sport
- ↑ World Cup 2022 – Croatia 1–1 Brazil AET (4–2 on pens): Croatia stun five-time world champions in dramatic penalty shootout win
- ↑ Match Report – Netherlands vs Argentina
- ↑ (10 December 2022). Morocco beat Portugal to make World Cup history. BBC Sport
- ↑ (10 December 2022). England played well against France. Ultimately, that doesn't matter. The Athletic
- ↑ (11 December 2022). Referee Wilton Sampaio Criticized By Harry Maguire And Gary Neville After England's Loss To France. FanNation
- ↑ (13 December 2022). Lionel Messi fires Argentina to World Cup final after 3–0 win against Croatia. ITV News
- ↑ France vs Morocco World Cup score, highlights, result as Hernandez and Kolo Muani fire Les Bleus to final. Sporting News
- ↑ (18 December 2022). 2022 World Cup final: Argentina 3–3 France (aet, 4–2 on pens) – as it happened. The Guardian
- ↑ Argentina wins World Cup on penalty kicks over France: Live updates. NBC News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০২২ ফিফা বিশ্বকাপ” প্ৰবন্ধৰ সংশোধন ৬৩৭৯০০ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।