অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চুজেট জৰ্ডান

ছুজেট জৰ্ডান (Suzette Jordan, ২১ অক্টোবৰ ১৯৭৪ – ১৩ মাৰ্চ ২০১৫) আছিল কলকাতা, ভাৰতৰ এগৰাকী বিশিষ্ট নাৰী-অধিকাৰ কৰ্মী আৰু ধৰ্ষণ বিৰোধী আন্দোলনৰ অভিযানকাৰী।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ৪১২ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ছুজেট জৰ্ডান (Suzette Jordan, ২১ অক্টোবৰ ১৯৭৪ – ১৩ মাৰ্চ ২০১৫) আছিল কলিকতা, ভাৰতৰ এগৰাকী বিশিষ্ট নাৰী-অধিকাৰ কৰ্মী আৰু ধৰ্ষণ বিৰোধী আন্দোলনৰ অভিযানকাৰী।

২০১২ চনত দলবদ্ধ ধৰ্ষণৰ ঘটনা

২০১২ চনৰ ৬ ফেব্ৰুৱাৰীৰ সন্ধিয়া জৰ্ডানে পাৰ্ক ষ্ট্ৰীটৰ এটা নৈশ ক্লাবত প্ৰথমবাৰৰ বাবে পাঁচজন যুৱক (কাদেৰ খান, এম ডি আলী, নাছিৰ খান, ৰুমান খান আৰু সুমিত বাজাজ)ক লগ পায় যিয়ে তেওঁক ঘৰলৈ লৈ যোৱাৰ প্ৰস্তাৱ দিছিল। কিছু সময়ৰ ভিতৰতে চলন্ত গাড়ীত পাঁচজনে তেওঁক দলবদ্ধ ধৰ্ষণ কৰে আৰু পিছত কলিকতা ক্লাবৰ বিপৰীতে থকা এক্সাইড ক্ৰছিঙৰ ওচৰত পেলাই দিয়ে। পুৱা প্ৰায় ৩:৩০ বজাত তেওঁ টেক্সি এখনত উঠি বেহালাত থকা নিজৰ বাসগৃহলৈ যায়।১

আত্মপৰিচয় উন্মোচন

সংবাদ মাধ্যম আৰু আৰক্ষীয়ে প্ৰথমতে ভুক্তভোগীৰ নামৰ তথ্য গোপনে ৰাখিছিল৷ কিন্তু চুজেট জৰ্দানে ৰাজহুৱাভাৱে নিজৰ পৰিচয় দাঙি ধৰে আৰু কয় যে তেওঁ এগৰাকী ৩৭ বছৰীয়া মহিলা আৰু তেওঁ দুটা সন্তানৰ মাতৃ৷ তেওঁ নিজৰ তথ্য ৰাজহুৱা কৰাৰ উদ্দেশ্য আছিল আনসকলকো উৎসাহিত কৰা৷২৩

নিজৰ পৰিচয় প্ৰকাশ কৰাৰ পিছত জৰ্ডানে কয়, "যিহেতু মোৰ কোনো দোষ নাছিল, তেনেস্থলত মই কিয় মোৰ পৰিচয় লুকুৱাই ৰাখিম? মই কিয় লাজ পাম? মই নিষ্ঠুৰতাৰ বলি হৈছিলোঁ৷ মোক অত্যাচাৰ কৰা হৈছিল আৰু মোক ধৰ্ষণকৰা হৈছিল, আৰু মই যুঁজি আছোঁ আৰু মই যুঁজিম।"৩৪তেওঁৰ মৃত্যুৰ সময়ত পাঁচজন ধৰ্ষণকাৰীৰ মাজৰ পৰা তিনিজনক কৰায়ত্ত কৰা হৈছে যদিও তেওঁলোকে অভিযোগ অস্বীকাৰ কৰিছিল৷ মূল সন্দেহযুক্ত লোককে ধৰি বাকী দুজনক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল।৫পলাতক অৱস্থাত থকা অভিযুক্তসকলৰ নাম হৈছে মহম্মদ আলী আৰু কাদেৰ খান (তেতিয়াৰ নুছৰত জাহানৰ প্ৰেমিক)৷ আনহাতে জিম্মাত থকা কেইজন হৈছে নাছিৰ খান, ৰুমান খান (ৰুমান খান ওৰফে টুছি) আৰু সুমিত বাজাজ।৬৭

আইনী প্ৰক্ৰিয়াৰ পৰিণতি

চুজেট জৰ্দান ধৰ্ষণ কাণ্ডৰ লগত জড়িত প্ৰধান অভিযুক্তসকলৰ ভিতৰত এজন আছিল বাংলা টেলিভিছন তাৰকা নুছৰত জাহান৮৯ (যি পিছলৈ বসিৰহাটৰ পৰা সংসদৰ সদস্য হৈছিল)ৰ তেতিয়াৰ প্ৰেমিক কাদেৰ খান। পাঁচ বছৰৰ পিছত নয়ডাৰ এক আত্মগোপনস্থলীৰ পৰা পশ্চিম বংগ আৰক্ষীয়ে খানক তুলি লৈছিল।১০

আনকেইগৰাকী অভিযুক্ত নাছেৰ খান, ৰুমান খান আৰু সুমিত বাজাজক ২০১২ চনৰ ফেব্ৰুৱাৰী মাহত গ্ৰেপ্তাৰ কৰা হৈছিল। ২০১৫ চনৰ ১০ ডিচেম্বৰত কলিকতা চহৰৰ অধিৱেশন আদালতে পাঁচোজন অভিযুক্তক দোষী সাব্যস্ত কৰিছিল। অভিযুক্তসকলক ১২০ (বি) (অপৰাধমূলক ষড়যন্ত্ৰ), ৫০৬ (অপৰাধমূলক ভয় দেখুৱাই), ৩২৩ (স্বেচ্ছাই আঘাত কৰা), ৩৪ (সাধাৰণ উদ্দেশ্য), আৰু ৩৭৬(২)(ছ) (দলবদ্ধ ধৰ্ষণ)ৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে। এনকেফেলাইটিছত আক্ৰান্ত হৈ চুজেট জৰ্দানৰ মৃত্যু হোৱাৰ পাছত জিম্মাত থকা তিনিজন অভিযুক্ত (নাছেৰ, ৰুমান আৰু সুমিত)ক ১০ বছৰৰ কাৰাদণ্ড বিহা হয়।১১১২১৩১৪

এই কাণ্ডৰ চাৰি বছৰৰ পাছত ২০১৬ চনৰ ৩০ ছেপ্টেম্বৰত নয়ডাত প্ৰধান অভিযুক্ত কাদেৰ খান আৰু মহম্মদ আলীক গ্ৰেপ্তাৰ কৰি কলকাতালৈ ঘূৰাই অনা হয় আৰু আদালতত হাজিৰ কৰা হয়।১৫১৬ ২০২০ চনৰ জুন মাহৰ মাজভাগত সুমিত বাজাজক শাস্তি শেষ হোৱাৰ ২০ মাহৰ আগতে 'ভাল আচৰণ'ৰ বাবে মুকলি কৰি দিয়া হয়৷১৭

ব্যক্তিগত জীৱন আৰু মৃত্যু

জৰ্দানৰ দুগৰাকী জীয়েক আছিল৷ ২০১৫ চনৰ ১৩ মাৰ্চত, ৪০ বছৰ বয়সত তেওঁ মেনিংগো এনকেফেলাইছিত আক্ৰান্ত হৈ মৃত্যু হয়৷ ২

তথ্যসূত্ৰ

  1. ↑ (10 December 2015). All you need to know about the Park Street rape case. dnaindia.com
  2. ↑ (13 March 2015). Suzette Jordan: India anti-rape campaigner dies after illness. BBC News
  3. ↑ (13 March 2015). Park Street Rape Survivor Suzette Jordan, Who Took On Bengal Government, Dies. ndtv.com
  4. ↑ Jha, Rupa. (21 June 2013). Why an India rape victim disclosed her identity. BBC News
  5. ↑ (13 March 2015). Park Street rape victim Suzette Jordan dies in Kolkata. us.india.com
  6. ↑ Bandyopadhyay, Krishnendu. (20 February 2012). Good backgrounds, bad company. timesofindia.indiatimes.com. The Times of India
  7. ↑ (21 February 2012). Brothers Khan fight rape charge. www.telegraphindia.com. Telegraph India
  8. ↑ Park Street rape case: Why influential Bengali actress not named in chargesheet ?. timesofindia.indiatimes.com
  9. ↑ Bengali actor in rape controversy. deccanherald.com
  10. ↑ Kader Khan, Prime accused in Park street gang rape case arrested after nearly five years. hindustantimes.com
  11. ↑ Mehta, Pooja. (10 December 2015). Park Street rape case: Three accused found guilty by Kolkata court. www.dnaindia.com
  12. ↑ Sen, Shreeja. (2015-12-10). Park Street rape case: Kolkata court finds three accused guilty. www.livemint.com
  13. ↑ Hebbar, Prajakta. (10 December 2015). Three Convicted In Kolkata Park Street Gangrape Case. The Huffington Post
  14. ↑ (10 December 2015). Park Street rape case: Three convicts found guilty. business-standard.com
  15. ↑ (30 September 2016). Kolkata Park Street rape case: Main accused Kader Khan arrested from Delhi. indiatoday.intoday.in. India Today
  16. ↑ Park street gangrape: After four and a half years, prime accused Kader Khan nabbed. www.newindianexpress.com/. Indian Express
  17. ↑ Park Street gangrape convict released. timesofindia.indiatimes.com

সম্পৰ্কিত শ্ৰেণী

ধৰ্ষণনাৰীৰ বিৰুদ্ধে হিংসানাৰীৰ অধিকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুজেট জৰ্ডান” প্ৰবন্ধৰ সংশোধন ৬০২২১৬ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।