পশ্চিম বংগৰ ৰাজনীতিত মহিলা
১১ প্ৰবন্ধ
-
নুছৰত জাহান
নুছৰত জাহান ৰুহী (Nusrat Jahan Ruhi; জন্ম: ৮ জানুৱাৰী ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ৷ তেওঁ প্ৰধানকৈ বাংলা ভাষাৰ চিনেমাত অভিনয় কৰে। অভিনয়ৰ উপৰি ২০১৯ চনৰ পৰা ২০২৪ চনলৈকে জাহানে বসিৰহাট সমষ্টিৰ পৰা লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে৷ তেওঁ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে…
-
শতাব্দী ৰয়
শতাব্দী ৰায় (Satabdi Roy; জন্ম: ৫ অক্টোবৰ ১৯৬৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, চলচ্চিত্ৰ পৰিচালক আৰু ৰাজনীতিবিদ। অভিনেত্ৰী হিচাপে তেওঁ বাংলা চিনেমালৈ আগবঢ়োৱা কামৰ বাবে পৰিচিত। দুবাৰৰ বাবে তেওঁ বিএফজেএ বঁটা লাভ কৰিছে।
-
ইলা পাল চৌধুৰী
ইলা পাল চৌধুৰী (১৯০৮ – ৯ মাৰ্চ ১৯৭৫) এগৰাকী ভাৰতীয় সংসদ সদস্য আৰু ৰাষ্ট্ৰবাদী সমাজকৰ্মী আছিল।.
-
চুনীবালা হান্সদা
চুনীবালা হান্সদা ঝাৰখণ্ড পাৰ্টি (নৰেন)ৰ সৈতে জড়িত পশ্চিম বংগৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেখেত ঝাৰখণ্ড পাৰ্টি (নৰেন)ৰ সভানেত্ৰী।
-
ডোলা সেন
ডোলা সেন (Dola Sen; জন্ম: ২৬ মাৰ্চ ১৯৬৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ট্ৰেড ইউনিয়নৰ কৰ্মী। ২০২০ চনৰ পৰা তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় তৃণমূল ট্ৰেড ইউনিয়ন কংগ্ৰেছ (INTTUC)ৰ কেন্দ্ৰীয় সভানেত্ৰী। ১৯৯০ চনত কলকাতাৰ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি এছ চি (গণিত) সম্পূৰ্ণ কৰিছে।তেওঁৰ ঘৰ ৰাজাৰহাটৰ তেঘৰিয়াত।
-
প্ৰতিমা মণ্ডল
প্ৰতিমা মণ্ডল (১৬ ফেব্ৰুৱাৰী ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০১৪ চনৰ পৰা লোকসভাত পশ্চিম বংগৰ জয়নগৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে৷ তেওঁ তৃণমূল কংগ্ৰেছৰ সদস্যা৷ ৰাজনীতিলৈ অহাৰ আগেয়ে তেওঁৰ পশ্চিম বংগৰ এগৰাকী অসামৰিক বিষয়া আছিল৷ তেওঁৰ পিতৃ গোবিন্দ চন্দ্ৰ নাছকাৰেও তৃণমূল কংগ্ৰেছক প্ৰতিনিধিত্ব…
-
বীৰবাহা হান্সদা
বীৰবাহা হান্সদা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন অভিনেত্ৰী যি বৰ্তমান আত্মসহায়ক গোট আৰু আত্মনিয়োগৰ কেবিনেট মন্ত্ৰী আৰু পশ্চিম বংগ চৰকাৰৰ বন আৰু গ্ৰাহক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
মহুৱা মৈত্ৰ
মহুৱা মৈত্ৰ (Mahua Moi̯tra; জন্ম ১২ অক্টোবৰ ১৯৭৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ প্ৰাক্তন বিনিয়োগ বেংকাৰ।২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত কৃষ্ণনগৰৰ পৰা তেওঁ তৃণমূল কংগ্ৰেছ (টিএমচি) দলৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰি ২০১৯ চনৰ পৰা ২০২৩ চনত বহিষ্কাৰ নোহোৱালৈকে লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মালা ৰয়
মালা ৰয় (জন্ম সৰকাৰ; জন্ম ১৯ নৱেম্বৰ ১৯৫৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ২০১৯ চনৰ পৰা কলিকতা দক্ষিণৰ লোকসভাৰ সদস্য। তেওঁ ২০১৫ চনৰ পৰা কলকাতা পৌৰ নিগমৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈ আছে।
-
শ্ৰীৰূপা মিত্ৰ চৌধুৰী
শ্ৰীৰূপা মিত্ৰ চৌধুৰী (Sreerupa Mitra Chaudhury, জন্ম-১৮ এপ্ৰিল ১৯৬৪) জনপ্ৰিয়ভাৱে নিৰ্ভয়া দিদি নামেৰে পৰিচিত৷ তেওঁ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ পশ্চিম বংগৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। তেখেত এগৰাকী সমাজকৰ্মী, মহিলা অধিকাৰ কৰ্মী আৰু প্ৰাক্তন সাংবাদিক।
-
ৰত্না দেৱনাথ
ৰত্না দেৱনাথ (Ratna Debnath)পশ্চিম বংগৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী। ২০২৬ চনৰ পৰা তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে পশ্চিমবংগ পানীহাটী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে।