১৯৫৫ বৰ্ষৰ চলচ্চিত্ৰ
৬ প্ৰবন্ধ
-
পিয়লী ফুকন (চলচ্চিত্ৰ)
পিয়লী ফুকন (Piyoli Phukan) ১৯৫৫ চনত মুক্তি পোৱা এখন অসমীয়া ভাষাৰ ক'লা-বগা চলচ্চিত্ৰ। বোলছবিখনৰ পৰিচালনা কৰিছিল ফণী শৰ্মাই। ভাৰতৰ স্বাধীনতা সংগ্ৰামী পিয়লি ফুকনৰ জীৱন আৰু তেওঁৰ দেশপ্ৰেমৰ আখ্যানেৰে ছবিখনৰ কাহিনীটো সমৃদ্ধ হৈছে।
-
নিমিলা অংক (চলচ্চিত্ৰ)
নিমিলা অংক (Nimila Anko) ১৯৫৫ চনত মুক্তি পোৱা একাদশ সংখ্যক অসমীয়া চলচ্চিত্ৰ। লক্ষ্যধৰ চৌধুৰীৰ একে নামৰ নাটক এখনক ভিত্তি কৰি এই চলচ্চিত্ৰৰ কাহিনী গঢ় লৈছিল। লক্ষ্যধৰ চৌধুৰীয়ে এই বোলছবিখনৰ চিত্ৰনাট্য লিখাৰ উপৰিও পৰিচালনা কৰিছিল।
-
উৰন খতোলা
উৰন খতোলা (Uran Khatola) ১৯৫৫ চনত সংগীত পৰিচালক নৌশাদৰ দ্বাৰা নিৰ্মিত আৰু এছ ইউ ছানী পৰিচালিত এখন ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক-নাট্যধৰ্মী ছবি। ছবিখনত অভিনয় কৰিছে দিলীপ কুমাৰ, নিম্মী, জীৱন আৰু টুনটুনে। ছবিখনৰ সংগীত ৰচনা নৌছাদৰ। গীতসমূহ ৰচনা কৰিছে ছাকিল বদায়ুনীয়ে।
-
চিণ্ডেৰেলা
চিণ্ডেৰেলা (জাৰ্মান: Aschenputtel) হ’ল ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত এখন পশ্চিম জাৰ্মান পৰিয়ালকেন্দ্ৰিক চলচ্চিত্ৰ। ফ্ৰিটজ জেনচোৰ দ্বাৰা পৰিচালিত এই ছবিখনত ৰীতা-মাৰিয়া নৱোটনি, ৰেনী ষ্টোব্ৰাৱা আৰু ৱাৰ্নাৰ ষ্টকে অভিনয় কৰিছে। এইখন চাৰ্লছ পেৰল্ট আৰু ব্ৰাদাৰ্ছ গ্ৰিমৰ একে নামৰ সাধুকথাৰ ওপৰত আধাৰিত।
-
ৰাণী ৰাসমণি (চলচ্চিত্ৰ)
ৰাণী ৰাসমণি (Rani Rasmani) কালীপ্ৰসাদ ঘোষ পৰিচালিত আৰু ১৯৫৫ চনত নিৰ্মিত বঙালী ভাষাৰ এখন ভাৰতীয় জীৱনীমূলক ছবি। ৰাণী ৰাসমণিৰ জীৱনৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। ইয়াত মলিনা দেৱীয়ে নাম ভূমিকাত অভিনয় কৰিছিল। ১৯৫৫ চনৰ ১১ ফেব্ৰুৱাৰীত চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ বেনাৰত ছবিখন মুক্তি পায়।
-
ৰাইকমল
ৰাইকমল ( Raikamal ) সুবোধ মিত্ৰ পৰিচালিত এখন বঙালী নাট্যধৰ্মী চলচ্চিত্ৰ। অভিনয় কৰিছে উত্তম কুমাৰ, সাবিত্ৰী চেটাৰ্জী, কাবেৰী বসু, চন্দ্ৰাৱতী দেৱী আদিয়ে। সংগীত ৰচনা পংকজ কুমাৰ মল্লিকৰ। গীতৰ কথা অতুলপ্ৰসাদ সেন, তাৰাশংকৰ বন্দোপাধ্যায়, শৈলেন ৰায়ে লিখিছে। ছবিখন ১৯৫৫ চনৰ ৮ মাৰ্চত মুক্তি পাইছিল।