অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিত্য বৰা

নিত্য বৰা অসমৰ এগৰাকী সাংবাদিক, সাহিত্যিক আৰু সম্পাদক আছিল। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত জন্মগ্ৰহণ কৰা বৰাই অসমীয়া প্ৰতিদিন কাকতৰ লগতে বহুকেইখন গ্ৰন্থ সম্পাদনা কৰিছে। ২২ এপ্ৰিল ২০২৬ তাৰিখে তেওঁৰ যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।

হালনাগাদ: ১০ মে’ ২০২৬ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

নিত্য বৰা অসমৰ এগৰাকী সাংবাদিক, সাহিত্যিক আৰু সম্পাদক আছিল। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত জন্মগ্ৰহণ কৰা বৰাই অসমীয়া প্ৰতিদিন কাকতৰ লগতে বহুকেইখন গ্ৰন্থ সম্পাদনা কৰিছে। ২২ এপ্ৰিল ২০২৬ তাৰিখে তেওঁৰ যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।

জন্ম আৰু শিক্ষা

নিত্য বৰাৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ এখন ভিতৰুৱা গাঁও পাতলৰচুকত ১৯৪৪ চনত১ জন্ম হৈছিল। জামুগুৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৬২ চনত তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰপাছত তেজপুৰৰ দৰং কলেজত কিছুদিন অধ্যয়ন কৰে। তাৰপৰা তেওঁ গুৱাহাটী কমাৰ্চ কলেজত নাম ভৰ্তি কৰে। পৰৱৰ্তীকালত তেওঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত অনাৰ্ছ লৈ ১৯৬৬ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯৭০ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল। তেওঁ আইন আৰু সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল যদিও আনুষ্ঠানিক ডিগ্ৰী লাভ কৰা নাছিল।২

উল্লেখযোগ্য শিক্ষাগুৰুৰ সান্নিধ্য

আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত থাকোঁতে তেওঁ জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) আৰু আন এগৰাকী প্ৰখ্যাত সাহিত্যিক নলিনীধৰ ভট্টাচাৰ্যক গুৰুৰূপে লাভ কৰিছিল। নীলমণি ফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ বন্ধ খামত কবিতা কেন্দ্ৰিক বিতৰ্কত জড়িত সেই বন্ধ লেফাফা ফুকনে তেওঁৰ মৃত্যুৰ পাছত খুলিবলৈ বৰাকেই দায়িত্ব দিছিল।২

সাংবাদিক জীৱন

১৯৬৫ চনৰ পৰাই ছাত্ৰাৱস্থাতেই তেওঁ মনদ্বীপ, অসমীয়া কবিতা সমকালীন, নক্সা আদি আলোচনীৰ উপৰি অসম আৰু কলিকতাৰ পৰা প্ৰকাশিত কেইবাখনো ক্ষুদ্ৰ আলোচনীৰ সৈতে জড়িত হৈ পৰিছিল। অষ্টম শ্ৰেণীত থাকোঁতেই “ছাত্ৰবাণী’’ নামৰ হাতেলিখা সাপ্তাহিক কাকতেৰে তেওঁ সংবাদ ক্ষেত্ৰত প্ৰৱেশ কৰিছিল।৩ সাম্প্ৰতিক সাময়িকী নামৰ আলোচনীখনৰ জন্মদাতা আৰু সম্পাদক আছিল বৰা। ১৯৭৬ চনৰ পৰা ১৯৮৫ চনলৈ তেওঁ এই আলোচনীখন প্ৰকাশ আৰু সম্পাদনা কৰিছিল। ২০১১ চনৰ পৰা অসমীয়া প্ৰতিদিন কাকতৰ প্ৰায় এক দশক৩ সম্পাদক হয়।২

গ্ৰন্থ সম্পাদনা

অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা “বেজবৰুৱা ৰচনাৱলী’’ৰ সম্পাদনাৰ সৈতে তেওঁ জড়িত আছিল। বৰাৰ ৰাজনৈতিক আদৰ্শ অমলেন্দু গুহৰ জীৱন আধাৰিত গ্ৰন্থ “ইতিহাস আৰু ঐতিহ্য’’, গোলাপ বৰবৰাৰ ওপৰত লিখা গ্ৰন্থ “জাগ্ৰত বিবেক:উদয়াদিত্য ভৰালী’’ আদি গ্ৰন্থৰ সম্পাদনাৰ সৈতে জড়িত আছিল।২ অম্বিকাগিৰী ৰায়চৌধুৰীৰ চেতনাৰ সম্পাদকীয়ৰ সংকলন এখনো প্ৰকাশ কৰে।১

বঁটা-সন্মান

তেওঁ “লক্ষ্মীনাথ ফুকন সোঁৱৰণী বঁটা’’ (২০১৭) আৰু “হৰেন্দ্ৰনাথ বৰুৱা সাংবাদিকতা বঁটা’’ (২০১৭) বঁটাৰে সন্মানিত হয়।৩

মৃত্যু

২২ এপ্ৰিল ২০২৬ চনত যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত দিনৰ ২ বাজি ২০ মিনিটত দীৰ্ঘদিন ধৰি অসুস্থ বৰাৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ।৪৫

তথ্যসূত্ৰ

  1. ↑ বৰা, জগত. (২০২৬). বিশিষ্ট সাংবাদিক সাহিত্যিক নিত্য বৰা. মৌচাক. পৃ. ১১
  2. ↑ মৃদুল কুমাৰ সন্দিকৈৰ লেখা - নিত্য বৰা
  3. ↑ (২০২৬). প্ৰগতিশীল লেখক, বিশিষ্ট সাংবাদিক নিত্য বৰাৰ দেহাৱসান. দৈনিক অসম. পৃ. ১-৬
  4. ↑ অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক নিত্য বৰাৰ দেহাৱসান
  5. ↑ নিত্য বৰাৰ দেহাৱসান

সম্পৰ্কিত শ্ৰেণী

সাংবাদিকঅসমীয়া প্ৰবন্ধকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিত্য বৰা” প্ৰবন্ধৰ সংশোধন ৬০৫৭৪০ (১০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।