২০০১ বৰ্ষৰ চলচ্চিত্ৰ
৬ প্ৰবন্ধ
-
নায়ক (চলচ্চিত্ৰ)
নায়ক হৈছে ২০০১ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ ৰোমাণ্টিক ড্ৰামা। চলচ্চিত্ৰ খন পৰিচালনা কৰিছিল মুনিন বৰুৱাই আৰু প্ৰযোজনা কৰিছিল মেৰী লস্কৰে পূজা মোশ্যন পিকচাৰ্ছৰ বেনাৰত। সংগীত পৰিচালনা আছিল জুবিন গাৰ্গৰ। মুখ্য ভূমিকাত অভিনয় কৰিছিল যতীন বৰা, ৰবি শৰ্মা আৰু জেৰিফা ৱাহিদ।
-
দাগ (চলচ্চিত্ৰ)
দাগ ২০০১ চনত মুক্তি লাভ কৰা এখন ৰোমাণ্টিক ৰহস্যধৰ্মী ছবি। বিশিষ্ট পৰিচালক মুনিন বৰুৱাই চলচ্চিত্ৰখন পৰিচালনা কৰিছিল আৰু প্ৰযোজনা কৰিছিল নীলোৎপল চৌধুৰীয়ে। সংগীত পৰিচালনা আছিল জুবিন গাৰ্গৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল তপন দাস, যতীন বৰা, অনুৰূপা পাঠক আৰু বিষ্ণু খাৰঘৰীয়াই।
-
চান্দনী বাৰ
চান্দনী বাৰ (Chandni Bar) ২০০১ চন মধুৰ ভাণ্ডাৰকাৰৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ অপৰাধ নাট্যধৰ্মী ছবি। ইয়াৰ উপৰিও ইয়াত অনন্যা খাৰে, ৰাজপাল যাদৱ, মীনাক্ষী সাহানী আৰু বিশাল ঠাক্কৰে অভিনয় কৰিছে। ছবিখনে সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু চাৰিটাকৈ ৪৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হয়।
-
জুবেইদা (চলচ্চিত্ৰ)
জুবেইদা ( Zubeidaa ) ২০০১ চনত মুক্তি পোৱা এখন হিন্দী ছবি, যিখনৰ পৰিচালনা শ্যাম বেনেগালৰ আৰু ৰচনা খালিদ মহম্মদৰ। ইয়াত অভিনয় কৰিছে কৰিশ্মা কাপুৰ, ৰেখা, মনোজ বাজপেয়ী, সুৰেখা ছিক্ৰী, ৰজিত কাপুৰ, লিলেট ডুবে, অমৰীশ পুৰী, ফৰিদা জালাল আৰু শক্তি কাপুৰে। এ.আৰ. ৰহমানে ছবিখনৰ আৱহ সংগীত আৰু গীতৰ সংগীত কৰিছে।
-
চোৰী চোৰী চুপকে চুপকে
চোৰী চোৰী চুপকে চুপকে ( Chori Chori Chupke Chupke ) ২০০১ চনত আব্বাছ–মস্তান পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ এখন ৰোমান্টিক নাট্যধৰ্মী ছবি; চিত্ৰনাট্য আৰু কাহিনী ক্ৰমে জাভেদ ছিদ্দিকী আৰু নীৰজ ভোৰাৰ।
-
শান্তম
শান্তম (Shantham) জয়ৰাজৰ পৰিচালিত এখন মালয়ালম পূ্ৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ। ইয়াত অভিনয় কৰিছে আগশাৰীৰ ভাৰতীয় ফুটবল খেলুৱৈ আই এম বিজয়ন, এম জি শশী, সীমা বিশ্বাস আৰু কে পি এ চি ললিতা। প্ৰখ্যাত কথকলী শিল্পী কলামণ্ডলম গোপী আৰু মালয়ালম সাহিত্যিক মাদাম্বু কুঞ্জুকুট্টনেও এই ছবিখনত অভিনয় কৰিছে।