মকৰ সংক্ৰান্তি উৎসৱক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিভিন্ন নামেৰে জনা যায়। মহাৰাষ্ট্ৰত মকৰ সংক্ৰান্ত (मकरसंक्रांत), অসমত মাঘ বিহু, অন্য ৰাজ্যসমূহত উত্তৰায়ণ, মাঘী আৰু বাংলাদেশত পৌষ সংক্ৰান্তি বোলা হয়। মকৰ সংক্ৰান্তি উৎসৱ হিন্দু দিনপঞ্জীত সূৰ্য দেৱতাক উৎসৰ্গি কৰা এটা উৎসৱ।১২ অসমীয়া মাঘ মাহ আৰু ইংৰাজীৰ জানুৱাৰী মাহত প্ৰতি বছৰে যেতিয়া সূৰ্য মকৰ ৰাশিত সোমায় তেতিয়া ইয়াক পালন কৰা হয়। এইটো দিনত সূৰ্য মকৰ ৰাশিত অন্তৰ্ভুক্ত হয় আৰু শীতৰ চুটি দিনবোৰৰপৰা দীঘলীয়া দিনবিলাকৰ আৰম্ভ হয়। ভাৰতবৰ্ষৰ পুৰণি উৎসৱবোৰৰ ভিতৰত মকৰ সংক্ৰান্তিও মাত্ৰ কেইটামান উৎসৱৰ ভিতৰত পৰে যিটো সৌৰচক্ৰ অনুসাৰে পালন কৰা হয়।৩অন্য প্ৰায়বিলাক উৎসৱ চন্দ্ৰচক্ৰৰ অনুসাৰেহে পালন কৰা হয়। মকৰ সংক্ৰান্তি সাধাৰণতে প্ৰতি বছৰে জানুৱাৰীৰ ১৪ বা ১৫ তাৰিখত পৰে।
মকৰ সংক্ৰান্তি সামাজিকভাৱে একেলগে মিলি উৎযাপন কৰা এটি উৎসৱ। বিভিন্ন ঠাইত বিভিন্ন ধৰণেৰে মকৰ সংক্ৰান্তি পলন কৰে। কোনোৱে ঘৰবিলাক সজায়, কোনোৱে জুই ধৰি নৃত্য গীত কৰি একেলগে ভোজ-ভাত খায়, বা কণ কণ ল’ৰা-ছোৱালীয়ে মানুহৰ ঘৰলৈ গৈ উপহাৰ লয়, বা ৰং-বিৰঙৰ চিলা উৰুৱায়। মকৰ সংক্ৰান্তিক ভাৰতবৰ্ষত বিভিন্ন প্ৰদেশত বিভিন্ন নামেৰে জনা যায়। অসমত মাঘ বিহু, পঞ্জাৱ,হাৰিয়ানা আৰু হিমাচল প্ৰদেশত, মধ্য ভাৰতত চুকাৰত, তামিলনাডুত পুঙ্গল; গুজৰাট, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশত উত্তৰায়ণ; উৰিষ্যা, মহাৰাষ্ট্ৰ, গোৱা আৰু পশ্চিম বঙ্গত মকৰ সংক্ৰান্তি বোলা হয়।
মহাৰাষ্ট্ৰত
মহাৰাষ্ট্ৰত মকৰ সংক্ৰান্তিৰদিনা ইজনে সিজনক তিল-গুৰৰ লাৰু, বৰ্ফি বা হালুৱা দি " তিল-গুৰ লোৱা আৰু মিঠা কথা কোৱা' বুলি কোৱাৰ প্ৰথা আছে।৪এই বিশেষ দিনটোত গুৰ আৰু বুটৰ দাইলেৰে বনুৱা ৰুটি যাক পূৰণ পুৰি বা গুৰৰ পুৰি বোলা হয় হেই পুৰি অন্য ব্যঞ্জনৰ লগত খোৱা হয়। বিবাহিতা মহিলাই পৰিয়ালৰ বিবাহিতা মহিলা বা বিবাহিতা বান্ধৱীসকলক মাতি কপালত সেন্দূৰৰ ফুট দিয়ে আৰু সৰু উপহাৰ দি তিল-গুৰেৰে বনুৱা লাৰু বা বৰ্ফি দিয়ে। ইয়াক হালধী-কুমকুম বোলা হয়। মহিলাসকলে এই দিনটোত ক'লা ৰঙৰ কাপোৰ পিন্ধে। নতুন শিশুকো ক'লা কাপোৰ পিন্ধায়। মকৰ সংক্ৰান্তি ঠাণ্ডাৰ দিনত হোৱা বাবেও শৰীৰৰ গৰম ধৰি ৰাখিবৰ বাবেও ক'লা ৰঙৰ কাপোৰ পিন্ধে। মকৰ সংক্ৰান্তত কণ কণ শিশুক চেনিৰে বনুৱা মুকুত আৰু গহনা পিন্ধাই মুৰি মূৰত ঢালি গা ধুৱায় আৰু অন্য ল’ৰা-ছোৱালীকো মাতি সৰু সৰু উপহাৰ দিয়ে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মকৰ সংক্ৰান্তি” প্ৰবন্ধৰ সংশোধন ৫৭১১২০ (২৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।