ভাৰতীয় চলচ্চিত্ৰ পৰিচালক
৪ প্ৰবন্ধ
-
নন্দিতা দাস
নন্দিতা দাস (Nandita Das, জন্ম ৭ নৱেম্বৰ ১৯৬৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ দহটা ভিন্ন ভাষাত ৪০ খনতকৈও অধিক ফিচাৰ ফিল্মত অভিনয় কৰিছে।
-
অঞ্জলি মেনন
অঞ্জলি মেনন হৈছে মালয়ালম চলচ্চিত্ৰ উদ্যোগত মুখ্যতঃ কৰ্মৰত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ। তেওঁ নিজৰ কৰ্মৰ বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা লাভ কৰিছে।
-
ইদাৰ বীৰা ভেংকটা সত্যনাৰায়ণ
ইদাৰা বীৰা ভেংকটা সত্যনাৰায়ণ (জন্ম: ১০ জুন ১৯৫৬ – ২১ জানুৱাৰী ২০১১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক। তেলেগু চলচ্চিত্ৰত মুঠ ৫১খন ছবি পৰিচালনা কৰাৰ লগতে বহু অভিনেতাক তেলেগু চিনেমাৰ সৈতে পৰিচয় কৰাই দিছিল। কমেডী আৰু মেলোড্ৰামা ছবি নিৰ্মাণৰ বাবে তেওঁ সুপৰিচিত আছিল।
-
গোবিন্দ নিহলানী
গোবিন্দ নিহলানী (Govind Nihalani; ১৯ ডিচেম্বৰ ১৯৪০) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিনেমাটোগ্ৰাফাৰ, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক; বিশেষকৈ সমান্তৰাল হিন্দী চিনেমা আন্দোলনৰ বাবে তেওঁ পৰিচিত। তেওঁ ছটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, আৰু পাঁচটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।