
ধৰ্ষণ বা বলাত্কাৰ (Rape) এক ধৰণৰ যৌন আক্ৰমণ। সাধাৰণতে, এজন ব্যক্তিৰ অনুমতি ব্যতিত তাৰ লগত যৌনসঙ্গম বা অইন কোনো ধৰণৰ যৌন অনুপ্ৰৱেশ ঘটনাক ধৰ্ষণ বুলি কোৱা হয়। ধৰ্ষণ শাৰীৰিক বলপ্ৰয়োগ, অন্যায় ভাবে চাপ প্ৰদানৰ দ্বাৰা অপব্যৱহাৰৰ মাধ্যমত সংঘটিত হ'ব পাৰে। অনুমতি প্ৰদানত অক্ষম (যেনে- কোনো অজ্ঞান, বিকলাঙ্গ, মানসিক প্ৰতিবন্ধী তথা অপ্ৰাপ্তবয়স্ক ব্যক্তি) কোনো ব্যক্তিৰ লগত যৌনমিলনত লিপ্ত হোৱাটো ধৰ্ষণৰ অন্তৰ্ভুক্ত।১২ ধৰ্ষণ শব্দটোৰ প্ৰতিশব্দ হিচাপে কেতিয়াবা কেতিয়াবা 'যৌন আক্ৰমণ' শব্দটোও ব্যৱহৃত হয়। ধৰ্ষণৰ অভিযোগ, বিচাৰ আৰু শাস্তিপ্ৰদান বিভিন্ন শাসনব্যৱস্থাত বিভিন্ন ধৰণৰ। আন্তৰ্জাতিকভাবে, ২০০৮ চনত পুলিচৰ দ্বাৰা লিপিবদ্ধ ধৰ্ষণৰ হাৰ আছিল আজাৰবাইজানত প্ৰতি লাখত ০.২ আৰু বাতচোৱানাত প্ৰতি লাখত ৯২.৯। গোটেই বিশ্বত প্ৰধানতঃ পুৰুষৰ দ্বাৰা ধৰ্ষণ সংঘটিত হয়। অপৰিচিত ব্যক্তিৰ দ্বাৰা ধৰ্ষণৰ ঘটনাতকৈ পৰিচিত ব্যক্তিৰ দ্বাৰা ধৰ্ষণৰ ঘটনাৰ সংখ্যা বহু বেছি, আৰু কাৰাগাৰত পুৰুষৰ দ্বাৰা পুৰুষ তথা নাৰীৰ দ্বাৰা নাৰী ধৰ্ষণৰ ঘটনাও সাধাৰণ, কিন্তু এই ধৰণৰ ধৰ্ষণ সম্ভৱতঃ সকলোতকৈ কম আলোচিত ধৰ্ষণবিলাকৰ অন্তৰ্ভুক্ত।
আন্তৰ্জাতিক সংঘাত বা যুদ্ধৰ সময়তো নিয়মতান্ত্ৰিকভাবে তথা ব্যাপক হাৰত ধৰ্ষণ (যুদ্ধকালীন যৌন সহিংসতা আৰু যৌন দাসত্ত্ব) ঘটিব পাৰে। এনে ধৰণৰ ঘটনাক মানৱতা বিৰুদ্ধ অপৰাধ তথা যুদ্ধাপৰাধ হিচাপে চিহ্নিত কৰা হৈছে। ধৰ্ষণ গণহত্যাৰ এটি উপাদান হিচাপেও স্বীকৃত।
ধৰ্ষণৰ চিকাৰ হোৱা ব্যক্তিসকল মানসিকভাবে আঘাতপ্ৰাপ্ত হ'ব পাৰে আৰু আঘাত-পৰৱৰ্তী চাপ দুৰ্বলতাত আক্ৰান্ত হ'ব পাৰে। ইয়াৰ উপৰিও ধৰ্ষণৰ ফলত গৰ্ভধাৰণ আৰু যৌন সংক্ৰামক ৰোগত আক্ৰান্ত হোৱাৰ লগতে গুৰুতৰভাবে আহত হোৱাৰো সম্ভাৱনা থাকে। তদুপৰি, ধৰ্ষণৰ চিকাৰ হোৱা ব্যক্তি ধৰ্ষকৰ দ্বাৰা, আৰু কোনো কোনো সমাজত ভুক্তভোগীৰ নিজ পৰিয়াল বা আত্মীয় স্বজনৰ দ্বাৰা হিংস্ৰতাৰ চিকাৰ হ'ব পাৰে।
সংজ্ঞা
সাধাৰণ সংজ্ঞা
অধিকাংশ বিচাৰব্যৱস্থাত ধৰ্ষণ মানে কোনো ব্যক্তিৰ দ্বাৰা অইন কোনো ব্যক্তিৰ অনুমতি নোহোৱাকৈ তাৰ লগত যৌনসঙ্গমত লিপ্ত হোৱা বা বেলেগ কোনোভাবে তেওঁৰ দেহত যৌন অনুপ্ৰৱেশ ঘটোৱাক বুজায়। চৰকাৰি স্বাস্থ্য সংস্থা, আইন-শৃঙ্খলা ৰক্ষাকাৰী সংস্থা, স্বাস্থ্যকৰ্মী আৰু আইনবিদ সকলৰ মাজত ধৰ্ষণৰ সংজ্ঞা লৈ বিতৰ্ক আছে। ভিন্ন ভিন্ন ঐতিহাসিক যুগ তথা ভিন্ন ভিন্ন সংস্কৃতিতো ধৰ্ষণৰ সংজ্ঞাৰ ক্ষেত্ৰত ভিন্নতা দেখা দিয়ে। সময়ৰ লগত ধৰ্ষণৰ সংজ্ঞাৰো পৰিবৰ্তন ঘটিছে। ১৯৭৯ চনৰ আগত আমেৰিকা যুক্তৰাষ্ট্ৰত কোনো পুৰুষক তেওঁৰ স্ত্ৰীক ধৰ্ষণ কৰাৰ বাবে অভিযোগ কৰিব পৰা নাছিল। ১৯৫০-ৰ দশকত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছুমান ৰাজ্যত কোনো বগা নাৰী নিজৰ ইচ্ছাত কোনো কলা ব্যক্তিৰ লগত যৌনসঙ্গমত লিপ্ত হলেও সেয়া 'ধৰ্ষণ' বুলি বিবেচনা কৰা হৈছিল।
২০১২ চনৰ আগলৈকে যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেচন (এফবিআই) ধৰ্ষণক কেৱল নাৰীসকলোৰ বিৰুদ্ধে পুৰুষসকলোৰ দ্বাৰা সংঘটিত এটি অপৰাধ হিচাপে বিবেচনা কৰিছিল। ২০১২ চনত সিহঁতে ধৰ্ষণৰ সংজ্ঞা হিচাপে "কোনো নাৰীৰ ইচ্ছাৰ বিৰুদ্ধে বলপূৰ্বক তাইৰ লগত যৌনসঙ্গম"-ৰ পৰিৱৰ্তত "ভুক্তভোগীৰ অনুমতি নোহোৱাকৈ যোনি বা পায়ুত শৰীৰৰ কোনো অংশ বা কোনো বস্তুৰ দ্বাৰা অনুপ্ৰৱেশ বা অইন কোনো ব্যক্তিৰ যৌনাঙ্গৰ দ্বাৰা মুখত অনুপ্ৰৱেশ"-ক গ্ৰহণ কৰে। পূৰ্বৱৰ্তী সংজ্ঞাটো ১৯২৭ চনৰ পৰা অপৰিবৰ্তিত আছিল আৰু ইয়াক পুৰণি তথা সংকীৰ্ণ হিচাপে বিবেচনা কৰা হৈছিল। নতুন সংজ্ঞাটো গ্ৰহণ কৰি লয় যে, নাৰী তথা পুৰুষ উভয়ে ধৰ্ষক বা ধৰ্ষিত হব পাৰে, আৰু কোনো বস্তুৰ দ্বাৰা ধৰ্ষণও ভুক্তভোগীৰ বাবে যোনিপথ/পায়ুপথত ধৰ্ষণৰ নিচিনাই কষ্টদায়ক হব পাৰে। এফবিআই আৰু গ্ৰহণ কৰে যে, ভুক্তভোগী মানসিক বা শাৰীৰিক অক্ষমতাৰ কাৰণত অনুমতি প্ৰদানত অক্ষম হব পাৰে, বা ভুক্তভোগীক মাদকদ্ৰব্যৰ দ্বাৰা অচেতনো কৰা হৈ থাকিব পাৰে। এফবিআই দ্বাৰা এই সংজ্ঞাটো গ্ৰহণ যুক্তৰাষ্ট্ৰৰ ফেডাৰেল বা ৰাজ্য ফৌজদাৰি আইনৰ কোনো পৰিৱৰ্তন ঘটোৱা নাই বা বিচাৰব্যৱস্থাতো কোনো প্ৰভাৱ পৰা নাই, বৰং ইয়াৰ উদ্দেশ্য আছিল গোটেই দেশত যেন সঠিকভাবে ধৰ্ষণৰ অভিযোগ আহে।
কিছুমান দেশ বা বিচাৰব্যৱস্থা ধৰ্ষণ তথা যৌন আক্ৰমণকক পৃথক হিচাপে চিহ্নিত কৰিছিল। সিহঁত সাধাৰণত কেৱল যোনিত লিংগ (জৈৱিক) অনুপ্ৰৱেশ বা কেৱল লিঙ্গৰ মাধ্যমত অনুপ্ৰৱেশকক ধৰ্ষণ হিচাপে আৰু অন্যান্য ধৰণৰ অনৈচ্ছিক যৌনক্ৰিয়াক যৌন আক্ৰমণ হিচাপে চিহ্নিত কৰিছিল। উদাহৰণস্বৰূপ, স্কটল্যাণ্ড কেৱল লিঙ্গৰ দ্বাৰা সংঘটিত যৌন অনুপ্ৰৱেশকক ধৰ্ষণ হিচাপে চিহ্নিত কৰিছিল। ১৯৯৮ চনত ৰুৱাণ্ডাৰ বাবে গঠিত 'আন্তৰ্জাতিক অপৰাধ ট্ৰিবিউনেল' ধৰ্ষণক "চাপ প্ৰদানৰ মাধ্যমত কোনো ব্যক্তিৰ ওপৰ সংঘটিত যৌন প্ৰকৃতিৰ শাৰীৰিক আক্ৰমণ" হিচাপে সংজ্ঞায়িত কৰিছিল। কোনো কোনো ক্ষেত্ৰত বিচাৰব্যৱস্থাত 'ধৰ্ষণ' শব্দটো ব্যৱহাৰ নকৰি 'যৌন আক্ৰমণ' বা 'অপৰাধমূলক যৌন আচৰণ' শব্দবিলাক ব্যৱহাৰ কৰা হৈছিল।
পৰিসৰ যি কোনো লিংগ, বয়স, জাতি, সংস্কৃতি বা ধৰ্মৰ ব্যক্তি ধৰ্ষণৰ চিকাৰ হব পাৰে। ধৰ্ষণক ভালেমান কিছুমান ধৰণৰ ভাগ কৰা হয়, যেনে:- গণধৰ্ষণ, বৈবাহিক ধৰ্ষণ, অজাচাৰ ধৰ্ষণ, শিশু ধৰ্ষণ, কাৰাগাৰত ধৰ্ষণ আৰু যুদ্ধকালীন ধৰ্ষণ। দীৰ্ঘদিন ধৰি কোনো ধৰণৰ শাৰীৰিক ক্ষতিৰ চিকাৰ নহৈ কোনো ব্যক্তি ধৰ্ষণৰ চিকাৰ হব পাৰে।
ধৰ্ষণৰ প্ৰকাৰভেদ

ধৰ্ষণ বা ধৰৰ্ষকক বিভিন্নভাবে শ্ৰেণীবদ্ধ কৰা যায়। যেনে:- ঠিক কোনো পৰিস্থিতিত সেয়া হৈছে, বা যিয়ে চিকাৰ (নিৰ্যাতিত)- তাৰ বৈশিষ্ট্য কি আছিল, যিয়ে অপৰাধী তেওঁৰ পৰিচয় বা বৈশিষ্ট্য কি, এই সকলোবোৰ ওপৰত ধৰ্ষণৰ নানাবিধ শ্ৰেণীবিন্যাস কৰা হয়। এই যি ধৰ্ষণৰ নানা শ্ৰেণী, ইয়াকে কোৱা হৈছে ধৰ্ষণৰ প্ৰকাৰভেদ বা ধৰণ। তলত উল্লেখ কৰা শ্ৰেনীবিভাগ কেৱলমাত্ৰ এটা ধৰ্ষণৰ বাবে প্ৰযোজ্য হব, এনে নহয়। বৰং এটা ধৰ্ষণ একেলগে শিশু ধৰ্ষণ, দলবদ্ধ ধৰ্ষণ, কাৰাগাত ধৰ্ষণ আৰু অধীনকালীন ধৰ্ষণও অন্তৰ্ভুক্ত হব পাৰে।
ডেট ধৰ্ষণ
ডেট ধৰ্ষণ (date rape) হৈছে এনে এক ধৰণৰ ধৰ্ষণ, যত ধৰ্ষিতা অপৰাধীক আগৰ পৰাই পৰিচিত বা এই ধৰ্ষণ সাধাৰণত নিজ গৃহত নহয়। ডেটিং ধৰ্ষণ দুই প্ৰকাৰ, Acquaintance rape (ইয়াত এজনে আনজনে চিনি পোৱা বা ইয়াত কোনো ড্ৰাগৰ ব্যৱহাৰ কৰা নহয়৩) আৰু আনটো হ'ল: Drug facilitated sexual assault (DFSA) যি ডেটিং ৰেপৰ নিচিনা আন এটা ধৰ্ষণ, যত চিকাৰক ধৰ্ষক ইচ্ছা কৰি ড্ৰাগ দি অচেতন বা তাইৰ শাৰীৰিক অৱস্থাৰ পৰিৱৰ্তন ঘটাই ধৰ্ষণ কৰে। এই ক্ষেত্ৰত ধৰ্ষিতা ধৰ্ষণৰ আগত সম্মতি দিয়াৰ পৰিস্থিতিত নাথাকে। Acquaintance rape সংগঠিত যি দুজন মানুহৰ মাজত, সিহঁত মুলত এজনে আনজনক চিনি পায়। সিহঁত নিজৰ কেৱল বন্ধু হিচাপে হয়তো সমাজত পৰিচয় দিয়ে৪, বা নিজৰ স্বামী-স্ত্ৰী হিচাপে পৰিচয় দিয়ে, এই সমস্যাটো পশ্চিমা সমাজ ব্যৱস্থাত ব্যাপকহাৰত বাঢ়িছে আৰু ইয়াক লুকায়িত ধৰ্ষণ হিচাপে বৰ্তমান উল্লেখ কৰা হয়। যুক্তৰাষ্ট্ৰৰ National Victim Center এটা কলেজত তদন্ত চলাই দেখিলে প্ৰতি চাৰিজন নাৰীৰ এজন হয় ধৰ্ষণৰ চিকাৰ অথবা সিহঁতৰ ওপৰত ধৰ্ষণৰ চেষ্টা চালোৱা হৈছে৫। এই ফলাফলটো এইটো পোৱা যায় কলেজত অৱস্থানৰত নাৰী শিক্ষাৰ্থীসকল ধৰ্ষণৰ চিকাৰ হোৱাৰ ব্যাপক সম্ভাৱনাত আছে। কলেজ বিলাকত Clery Act ৰ বিধান দিয়া হৈছে৬৭।
গণধৰ্ষণ
কেইজনমান মিলি (ন্যূনতম তিনিজন) এজনৰ ওপৰত যদি ধৰ্ষণ কৰা হয়, তেন্তে তাক গণধৰ্ষণ বোলে। এইটো প্ৰায় সমগ্ৰ বিশ্বতে দেখিবলৈ পোৱা যায়৮। এটা পৰিসংখ্যান কৈছে, এই ধৰণৰ ধৰ্ষণত যিহঁত জড়িত থাকে, সিহঁত প্ৰায় সকলোৱে যুৱক বয়সৰ আৰু প্ৰায় সকলোৱে নিৱনুৱা। গণধৰ্ষণত সাধাৰণত মাদক ব্যৱহাৰ কৰা হয়, সাধাৰণত ৰাতিৰ সময়ত কৰা হয়, আৰু যৌন নিৰ্যাতন একক ধৰ্ষণৰ তুলনাত গণধৰ্ষণত তীব্ৰ হয়৯। আন এটা গৱেষণাত কোৱা হৈছে, গণধৰ্ষণ একক ধৰ্ষণৰ তুলনাযত বহু বেছি হিংস্ৰ হয়, আৰু ধৰ্ষিতা এককৰ তুলনাত প্ৰতিৰোধ বেছি কৰিব বিচাৰে। দেখিব পোৱা যায়, ধৰ্ষিতা আত্মহত্যাৰ মনস্থিৰ কৰে, পুলিচৰ সাহায্য কামনা তুলনামূলকভাবে বেছি কৰে আৰু তাইৰ চিকিৎসাৰো প্ৰয়োজন বেছি হয়। কিন্তু দুই গবেষণাত কোৱা হৈছে, যিহঁত দলীয়ভাবে ধৰ্ষণ কৰে, সিহঁতৰ মদ্যপান বা মাদকদ্ৰব্য গ্ৰহণৰ পৰিৰাণ মাত্ৰাতিৰিক্ত থাকে।
বৈবাহিক ধৰ্ষণ
ইয়াক বৈবাহিক ধৰ্ষণ হিচাপে, স্ত্ৰী ধৰ্ষণ হিচাপে, স্বামীৰ ধৰ্ষণ হিচাপে, পাৰ্টনাৰৰ ধৰ্ষণ হিচাপে অথবা অন্তৰঙ্গ সঙ্গীৰ যৌন আক্ৰমণ হিচাপে (intimate partner sexual assault (IPSA)) জনা যায়। গবেষক সকলে দেখাইছে যে, অপৰিচিত মানুহৰ দ্বাৰা বলাৎকাৰতকৈ স্বামী/পাৰ্টনাৰৰ দ্বাৰা বলাৎকাৰ হলে মানসিক ভাবে ক্ষতিৰ পৰিমাণ (মানসিক ভাবে বিপৰ্যস্ত/ স্নায়ুৰোগ) বহু বেছি সময় থাকে।১০
শিশু ধৰ্ষণ
শিশুৰ ধৰ্ষণ শিশুৰ যৌন নিৰ্যাতনৰ এটা অংশ। যদি কোনো শিশুৰ দ্বাৰা (সচৰাচৰ দেখা যায়, বয়সত ডাঙৰ অথবা নিৰ্যাতিতৰ তুলনাত শক্তিশালী) অথবা কিশোৰ দ্বাৰা কামটো কৰা হয়, তেনেহলে ইয়াক কোৱা হয় শিশুৰ প্ৰতি শিশুৰ যৌন নিৰ্যাতন। যদি পিতা-মাতা, খুৰা, খুৰী অথবা ককা দ্বাৰা এনে ঘিণ লগা কামটো কৰা হয়, তেন্তে ইয়াক কোৱা হয় অজাচাৰ আৰু দেখা গৈছে ইয়াৰ ফলত নিৰ্যাতিত শিশু মনস্ত্বাত্তিক সমস্যাৰ মাজত পৰি যায়১১। যদি কোনো শিশু তাৰ পাৰিবাৰিক সদস্য নহয়, কিন্তু এনে কোনোবাৰ দ্বাৰা ধৰ্ষিত হয়, যাৰ প্ৰতি তাই নিৰ্ভৰ কৰে, যেনে লক্ষ্য ৰাখে এনেধৰণৰ বণুৱা, স্কুল শিক্ষক, ধৰ্ম শিক্ষক, চিকিৎসক তেনেহলেও শিশুৰ মানসিক স্বাস্থ্য অযাচাৰ বৃত্তিৰ নিচিনাই সমস্যাত পৰিব।
সংবিধিবদ্ধ ধৰ্ষণ
কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ, "তৰুণ জনগোষ্ঠী" ক যৌননিগ্ৰহৰ পৰা ৰক্ষা কৰাৰ বাবে বিভিন্ন সময় প্ৰচাৰ-প্ৰচাৰণা চলায়। এটা ধাৰণা সকলোসময় প্ৰচলিত যে, যিসিকল নিৰ্দষ্ট বয়স সীমাৰ তলত, সিহঁতৰ যৌন সঙ্গমৰ সম্মতি দিয়াৰ সক্ষমতা নাই (ইনম্যাচিউৰ্ড)। যি বয়সত ব্যক্তি সম্মতি দিবলৈ সক্ষম, সেই বয়সক কোৱা হয় সম্মতি দানৰ বয়সসীমা। বিভিন্ন ৰাষ্ট্ৰ বা অঞ্চলভেদে এই বয়সৰ পাৰ্থক্য আছে। যুক্তৰাষ্ট্ৰত এই বয়সৰ সীমা ১৬ ৰ পৰা ১৮ বছৰ। যুক্তৰাষ্ট্ৰৰ আইন অনুযায়ী, কোনোৱাই যদি নিৰ্দিষ্ট বয়স হোৱাৰ আগত বলপ্ৰয়োগ কৰি যৌনকৰ্ম কৰে, তেনেহলে সেয়া বয়সসীমাৰ আইনক উলঙ্ঘন কৰা আৰু ইয়াক কোৱা হব "সংবিধিবদ্ধ ধৰ্ষণ। " কিন্তু, অনেক ৰাষ্ট্ৰ, বয়সসীমা লঙ্ঘন কৰি যৌনকৰ্ম কৰাৰ (বেছিভাগ ক্ষেত্ৰত বিবাহ) অনুমতি দিয়ে, যদি উভয়ৰ মাজত বয়সৰ পাৰ্থক্য কম হয়। এই বিষয়টোক কোৱা হয় ওচৰা-ওচৰি বয়স হলে অব্যাহতি (close-in-age exemptions) অথবা ৰোমিও জুলিয়েট অব্যাহতি।
কাৰাগাৰত ধৰ্ষণ
যুক্তৰাষ্ট্ৰৰ ৰিপোৰ্ট অনুসৰি সিহঁতৰ কাৰাগাৰত ধৰ্ষণৰ শতকৰা পৰিমাণ ৩ ৰ পৰা ১২ শতাংশ লৈ লক্ষ্য কৰা গৈছে১২। যদিও কাৰাগাৰত যি ধৰ্ষণ হয়, সেয়া সমলিঙ্গৰ মানুহৰ মাজত বেছি দেখা যায়। (কাৰণ, কাৰাগাৰত পুৰুষ আৰু নাৰীক নিশ্চয় বিভাজন কৰি ৰখা হয়) তথাপি সিহঁতক সমকামী কোৱা নাযাব। এই বিষয়টো পশ্চিমা বিশ্বৰ। এইটো আংশিকভাবে এই কাৰণত যে, যুক্তৰাষ্ট্ৰৰ কাৰাগাৰ যি গঠন, সেয়া কানাডা, অষ্ট্ৰেলিয়া আৰু ইউৰোপতকৈ বেলেগ। যিহঁত আক্ৰমণকাৰী (ধৰ্ষক) হয়, সিহঁত সাধাৰণত দেখা যায় কাৰাগাৰৰ অইন কক্ষৰ বাসিন্দা।
ধাৰাবাহিক ধৰ্ষণ
এজন ব্যক্তিৰ দ্বাৰা ক্ৰমানুযায়ী যি ধৰ্ষণ হয়, সেয়া তুলনামুলকভাৱে বহু বেচি সময় ধৰি চলি থাকে, আৰু তেওঁৰ চিকাৰৰ সংখ্যাও বাঢ়ি যাবলৈ ধৰে। এনেকুঁৱা ধৰ্ষণক ধাৰাবাহিক ধৰ্ষণ (serial rape) বুলি কোৱা হয়। বেছিভাগ সময় এই ধৰণৰ চিৰিয়াল (ধাৰাবাহিক) ধৰ্ষকসকল, যিহঁতক ধৰ্ষণ কৰি থাকে, সিহঁতক চিনি নাপায়। সিহঁত সিহঁতৰ চিকাৰক নিজৰ জালত পেলাই যৌন নিৰ্যাতন কৰাৰ বাবে সুনিৰ্দিষ্ট পন্থা অনুসৰণ কৰি।
পৰিশোধকৃত ধৰ্ষণ
“‘পৰিশোধকৃত ধৰ্ষণ”' কে "শাস্তিমুলক ধৰ্ষণ" অথবা "প্ৰতিশোধকৃত ধৰ্ষণ" হিচাপে কোৱা যাব পাৰে। এটা সুনিৰ্দিষ্ট সংস্কৃতি বিশেষ কৰি প্যাচিফিক দ্বীপেত এইটো দেখা যায়। কোনোবাই যদি কোনো পৰিয়ালৰ পুৰুষসকলোৰ প্ৰতি প্ৰতিশোধপৰায়ণ থাকে, তেনেহ'লে এইক্ষেত্ৰত কেইজনমান পুৰুষ মিলিত হৈ সেই পৰিয়ালৰ নাৰীক ধৰ্ষণ কৰা হয়। যাৰ ফলত নিৰ্যাতিতাৰ দেউতা অথবা ভায়েকৰ প্ৰতি প্ৰতিশোধ লোৱা হৈছে বুলি ধৰা হয়। দুষ্কৰ্মকাৰীসকলোৰ লগত আগত কেতিয়াবা বেয়া আচৰণ কৰিলে পৰিয়ালৰ নাৰী সদস্যসকলোক ধৰ্ষণ কৰে, ধৰ্ষিতাৰ পিতা অথবা ভায়েক সমাজৰ চকুত সৰু কৰা হয়১৩। উপজাতীসকোলৰ মাজত যুদ্ধ হ'লে প্ৰতিশোধ লবলৈও বহুসময়ত এনে ঘিণ লগা কামটো কৰা হয়।১৪
যুদ্ধকালীন ধৰ্ষণ

যুদ্ধত ধৰ্ষণ হৈছে এনে একপ্ৰকাৰ ধৰ্ষণ যত শাৰীৰিক ভাবে যুদ্ধ কালীন সময়ত বিজয়ী সৈনিক, যোদ্ধা অথবা সাধাৰণ নাগৰিক দ্বাৰা পৰাজিত শিবিৰ মহিলাসকলক ধৰ্ষণ কৰা হয়। ইয়াত নাৰী অথবা বালিকাক; জোৰপূৰ্বক বা যৌন দাসত্ত্বত বাধ্য কৰোৱা হয়। যুদ্ধৰ সময়ত ধৰ্ষণ এটা স্নায়ুবিক যুদ্ধ হিচাপে পৰিগণিত হয়। এটা শত্ৰুপক্ষক হতাশাত নিয়জিত কৰাৰ হীন কৌশল মাত্ৰ। আনকি মিলিটাৰীৰ যিয়ে প্ৰধান থাকে, সিয়ো শত্ৰুপক্ষৰ সাধাৰণ নাগৰিকসকলোক ধৰ্ষণ কৰিবলৈ তেওঁৰ সৈনিকসকলোক উৎসাহিত কৰে। চিষ্টিমিক ধৰ্ষণ ethnic cleansing ৰ এটা অংশ। যুদ্ধকালীন ধৰ্ষণ ১৯৪৯ চনৰ পৰা যুদ্ধাপৰাধ হিচাপে বিবেচিত। ফোৰ্থ জেনেভা কনভেনচনৰ ২৭ নং অনুচ্ছেদ অনুযায়ী, যুদ্ধকালীন ধৰ্ষণ আৰু বলপুৰ্বক বেশ্যাবৃত্তি, সম্পূৰ্ণভাবে নিষিদ্ধ। ১৯৭৭ চনত জেনেভা কনভেনচনৰ ১৯৪৯ চনৰ এই নিষেধাজ্ঞা Additional Protocols ত প্ৰৱেশ কৰা হয়১৫। যুদ্ধৰ পিছত Nuremberg Trials আৰু Tokyo Trials ত যি গণধৰ্ষণ ঘটিছে, তাক যুদ্ধাপৰাধ হিচাপে গণ্য কৰা হোৱা নাই। ১৯৯৮ চনত যুক্তৰাজ্যৰ International Criminal Tribunal for Rwanda এটা কালজয়ী সিদ্ধান্ত লয়। যত কোৱা হয় আন্তৰ্জাতিক আইন অনুযায়ী ধৰ্ষণ গণহত্যাৰ ন্যায় এটা অপৰাধ। Navanethem Pillay তেওঁৰ মতেঃ- "আৱহমানকাল ধৰি, ধৰ্ষণ যুদ্ধৰ যেন এক আনুসঙ্গিক অঙ্গত পৰিণত হৈছে। কিন্তু এতিয়া ইয়াক বিবেচনা কৰা হব যুদ্ধাপৰাধ হিচাপে। আমি কঠোৰভাবে সকলোকে এই বাৰ্তা দিব বিচাৰো যে, ধৰ্ষণ কোনোভাৱে যুদ্ধৰ পুৰস্কাৰ হব নোৱাৰে। "১৬ এই "ধৰ্ষণ" শব্দটো ১৫ শতকত কেৱলমাত্ৰ যৌন নিৰ্যাতন অৰ্থেত ব্যৱহৃত হৈছিল। কিন্তু আধুনিক যুগৰ আগলৈকে অপহৰণ আৰু ডকাইতি হিচাপে এই শব্দৰ ব্যৱহাৰ হৈছিল। যাৰ মাজত কোনো যৌনআক্ৰমণ বিষয় নাই, আধুনিক যুগৰ আগলৈকে। বহু উচ্চমানৰ সাহিত্যত, যুদ্ধকালীন ধৰ্ষণক ধৰ্ষণ হিচাপে পোনে পোনে উল্লেখ কৰা হোৱা নাই। বৰং সিহঁত যুদ্ধকালীন ধৰ্ষণ বুলি শত্ৰুৰ সম্পদ বা নাৰী অপহৰণক বুজাইছে।
প্ৰতাৰণাৰ দ্বাৰা ধৰ্ষণ
প্ৰতাৰণাৰ দ্বাৰা ধৰ্ষণ বুলি বুজায়, যদি প্ৰতাৰণাৰ মাধ্যমত (মিছাঁ কথা কৈ) চিকাৰৰ (ভিক্টিমৰ) সম্মতি আদায় কৰি উভয়ে যৌন মিলন হয় তাক। এটা মামলাৰ ক্ষেত্ৰত দেখা গৈছে, এজন ব্যক্তি চৰকাৰী আমলা বা উচ্চ পদক ব্যক্তি বুলি নিজকে মিছাঁ দাবী কৰি, মহিলাক যৌন মিলনত বাধ্য (প্ৰেচাৰ দিয়া) কৰি থাকে, তেওঁৰ কথা নুশুনিলে, তেওঁ তেওঁৰ নিজৰ ক্ষমতাবলে (চৰকাৰি ক্ষমতা) মহিলাৰ ক্ষতি কৰাৰ ভয় দেখুৱাই। আদালত, এই ঘটনাটোক 'লোকজনৰ মিথ্যাচাৰৰ মাধ্যমত নিজকে উপস্থাপন কৰিছে বুলি', পৰ্যবেক্ষণত কোৱা হয়। আদালত মানুহজনক- প্ৰতাৰণাৰ মাধ্যমত মহিলাক ধৰ্ষণ কৰিছে বুলি, দোষী সাব্যস্ত কৰে।
সংশোধনী ধৰ্ষণ
সংশোধনী ধৰ্ষণ মূলত লৈঙ্গিক ভূমিকাক লঙ্ঘন কৰাৰ শাস্তিস্বৰূপ সমকামীসকলোৰ লক্ষ্য কৰি কোৱা হয়১৭১৮। এইটো এলজিবিটি মানুহসকলোৰ প্ৰতি বিশেষ কৰি লেচবিৱানসকলোৰ উদ্দেশ্যে এটা ঘৃণীয় অপৰাধ (hate crime)। এইটো কৰি ধৰ্ষিতাক জোৰ কৰি বুজোৱাৰ চেষ্টা কৰোৱা হয়, জন্মগতভাবে তেওঁৰ যৌন অভিমুখিতা কি। সিহঁতৰ মনত যৌন অভিমুখিতা লৈ যি তথাকথিত বিভ্ৰান্তি ৰৈ আছে, তাক সংশোধন কৰাৰ বাবে ধৰ্ষণ কৰা হয় বুলি, ইয়াক সংশোধনী ধৰ্ষণ বোলে১৯। দক্ষিণ আফ্ৰিকা (South Africa) ৰ বিখ্যাত ক্ৰীড়াবিদ ইউডি চিমেলেন ৰ ঘটনা জনসম্মুখত অহাৰ পিছতেই এই বিষয় সম্পৰ্কত বিশ্ব প্ৰথম জানিব পায়।২০
হেফাজতগত ধৰ্ষণ
হেফজতত ধৰ্ষণ বুলি মুলত বুজায়, কোনো প্ৰতিষ্ঠানৰ কৰ্মীৰ অধীনত থকাকালীন সময়ত (যেনে: হস্পিতাল (Hospital) কৰ্মী, পুলিচ, চৰকাৰি কৰ্মী) ধৰ্ষণ। কোনো প্ৰাতিষ্ঠানিক তত্ত্বাবধান কেন্দ্ৰ যেনেঃ- এতিমখানাত ধৰ্ষণকো হেফাজতকালীন ধৰ্ষণ হিচাপে ধৰা হয়।২১ হেফাজতকালীন ধৰ্ষণৰ ৰিপোৰ্ট পোৱা যায় ভাৰত, পাকিস্থান২২, বাংলাদেশ, মালয়েছিয়া, শ্ৰীলংকা, ইৰান, কম্বোডিয়া, নাইজেৰিয়া, কেনিয়া, জাম্বিয়া আৰু যুক্তৰাষ্ট্ৰত। ভাৰতত হেফাজতকালীন ধৰ্ষণ নাৰী মানৱাধিকাৰ কৰ্মীসকলোৰ বাবে এক মূৰৰ কামুৰনিৰ বিষয়। সেয়া ১৯৮৩ চনৰ পিছত আইনত ধৰ্ষণৰ তালিকাভুক্ত হয়। ভাৰতীয় আইনত কোৱা হৈছে, এই ধৰণৰ ক্ষেত্ৰত অপৰাধীসকল নিজকে বচাবৰ আবে তেওঁৰ প্ৰতিষ্ঠানৰ পৰা সুবিধা পায়। হেফাজতকালীন ধৰ্ষণৰ এই প্ৰক্ৰিয়া সংগঠিত হব পাৰে কোনো প্ৰতিষ্ঠানৰ কৰ্মী, ঠিকাদাৰ, মহাজনৰ দ্বাৰা। কিন্তু ভাৰতীয় আইন অনুসৰি কোনো ধৰ্ষণক হেফাজতকালীন ধৰ্ষণ বুলিব বিচাৰিলে ধৰ্ষকক চৰকাৰি কৰ্মচাৰী হব লাগিব। এই ধৰণৰ হেফাজতকালীন ধৰ্ষণৰ চিকাৰ হয় সংখ্যালঘু সম্প্ৰদায়, দৰিদ্ৰ শ্ৰেণিৰ মানুহ, কৰ্ম হিচাপে নিম্ন শ্ৰেণীৰ মানুহসকল। গৱেষকসকল কৈছে, হেফাজত কালীন ধৰ্ষণ ব্যাপক অৰ্থত হেফাজতকালীন নিৰ্যাতন যেনেঃ- টৰ্চাৰ আৰু হত্যাৰ এটা অংশ।
আইন-লঙ্ঘনকাৰীৰ প্ৰকাৰভেদ
মুল নিবন্ধ ধৰ্ষকৰ ধৰণ
Nicholas Luteinizing ধৰ্ষকৰ লক্ষ্যেৰ ওপৰত নিৰ্ভৰ কৰে, তিনি প্ৰকাৰৰ ধৰ্ষণৰ বৰ্ণনা দিছে। যিটোৰ এটা হ'ল; ৰাগী ধৰ্ষক, এটা শক্তিধৰ ধৰ্ষক(অস্ত্ৰ বা বাহু দ্বাৰা বল প্ৰয়োগকাৰী) আৰু আনটো ধৰ্ষকামী ধৰ্ষক। Kingston, Ontario ৰ কুইন বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানী হাওয়াৰ্ড বাৰবাৰ কৈছে, বেছিভাগ ক্ষেত্ৰত ধৰ্ষণত, ধৰ্ষকৰ আবেগপ্ৰবণতা আৰু সুবিধাবাদিতা দেখা যায়। যিসকল আবেগপ্ৰবণতা পৰা ধৰ্ষণ কৰে, সিহঁতৰ মাজত ধৰ্ষণ কৰাৰ সময়, ধৰ্ষিতাৰ প্ৰতিৰোধেৰ সময়, ক্ৰোধ প্ৰকাশ নকৰাৰ প্ৰবণতা দেখা যায়, আৰু সিহঁত বেচ অলপ বল প্ৰয়োগ কৰি তাইক বাধ্য কৰায়।
অন্যান্য শ্ৰেণীবিভাগ
ওপৰত যি উল্লেখ কৰা হৈছে, সেয়া ধৰ্ষণৰ একমাত্ৰ শ্ৰেণীবিন্যাস নহয়। নতুন নতুন গৱেষণা, মানুহৰ কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি ধৰ্ণৰ নতুন নতুন সংজ্ঞা আহিব পাৰে। কিছু ঘটনা হয়তো কেইটামান বিভাগত পৰিব পাৰে। আকৌ কিছুমান হয়তো কোনো বিভাগত পৰিব নোৱাৰে। আমেৰিকান গৱেষক প্যাটৰিচিয়া ৰোজ এটা উপশ্ৰেণিবিভাগ কৰিছে, সেয়া হৈছেঃ-
- বিনিময় ধৰ্ষণ (Exchange rape): পুৰুষসকলোৰ মাজত দৰকষাকষি বা সংহতি প্ৰকাশৰ ফলাফল হিচাপে যি ধৰ্ষণ সংঘটিত হয়।
- দণ্ডমুলক ধৰ্ষণ (punitive rape)- মুলত কোনোবাক শাস্তি দিয়াৰ বাবে এই ধৰ্ষণ সংগঠিত হয়।
- চৌৰ্যবৃত্তিমুলক ধৰ্ষণ - নাৰী অথবা পুৰুষক অপহৰণ কৰি এই ধৰ্ষণ কৰা হয়, বেছিভাগ ক্ষেত্ৰত সিহঁতৰ যৌনদাসত্ত্বে অথবা দেহব্যৱসাযত বাধ্য কৰোৱা হয়।
- আনুষ্ঠানিক ধৰ্ষণ - defloration ধৰ্মীয় ৰীতিত ধৰ্ষণ কৰা হয়
- মৰ্যাদা ধৰ্ষণ (Status rape): সামাজিক পদমৰ্যাদা বা সামাজিক শ্ৰেণীৰ পাৰ্থক্যজনিত কাৰণত যি ধৰ্ষণ সংঘটিত হয়।
কিছুমান ধৰ্ষণ বিভিন্ন শ্ৰেণিবিভাগত পৰিব পাৰে। (যেনে: যুদ্ধকালীন বন্দী অৱস্থাযত ধৰ্ষিত হ'লে সেয়া; যুদ্ধকালীন ধৰ্ষণ, হেফাজতকালীন ধৰ্ষণ, কাৰাগাৰৰ ধৰ্ষণ ইত্যাদি শ্ৰেণিবিভাগত পৰিব পাৰে)
তথ্যসূত্ৰ
- ↑ apps.who.int/iris/bitstream/handle/10665/42495/9 (PDF)। World Health Organization। ২০০২। সংগ্ৰহৰ তাৰিখ ৫ ডিছেম্বৰ ২০১৫।
- ↑ Rape www.dictionary.com/browse/rape এপ্ৰিল ১৫, ২০১১
- ↑ scholars.wlu.ca/etd/621/
- ↑ web.archive.org/web/20090829131749/http://www.ci সংগ্ৰহ তাৰিখ ১১ ফেব্ৰুৱাৰী ২০২০
- ↑ Office of Justice Programs (১৯৯৬)। "National Victimization Survey, U.S. Department of Justice"।
- ↑ www.inquirer.com/philly/blogs/campus_inq/Feds-la
- ↑ www.dailynebraskan.com/news/article_d684d872-1e7 The Daily Nebraskan
- ↑ Neumann, Stephani. Gang Rape: Examining Peer Support and Alcohol in Fraternities. Sex Crimes andParaphilia. Hickey, Eric W., 397-407
- ↑ ingenta connecthttps://www.ingentaconnect.com/content/springer/vav/1999/00000014/00000002/art00001
- ↑ Finkelhor and Yllo (1985) and Bergen (1996)
- ↑ bn.wikipedia.org/wiki/%E0%A6%85%E0%A6%9C%E0%A6%B
- ↑ Struckman-Johnson, C. & Struckman-Johnson, D. (২০০৬)। "A Comparison of Sexual Coercion Experiences Reported by Men and Women in Prison"। Journal of Interpersonal Violence। 21 (12): 1591–1615।
- ↑ আৰ্কাইভ কপি
- ↑ web.archive.org/web/20160708080727/http://www.am
- ↑ Askin, Kelly Dawn (1997). War Crimes Against Women: Prosecution in International War Crimes Tribunals. Martinus Nijhoff Publishers
- ↑ Quoted in citation for honorary doctorate, Rhodes University, April 2005 accessed at
- ↑ Bartle, EE (২০০০)। "Lesbians And Hate Crimes"। Journal of Poverty (pdf)
- ↑ Di Silvio, Lorenzo. "Correcting Corrective Rape: Carmichele and Developing South Africa's Affirmative Obligations To Prevent Violence Against Women." Georgetown Law Journal 99 (2011): 1469–515
- ↑ www.xpats.io/sexual-minorities/
- ↑ Oxford Etymological Dictionary, "Rape"
- ↑ Thukral, Enakshi Ganguly (২০০৮)। Still Out of Focus: Status of India's Children, 2008। HAQ Centre for Child Rights।
- ↑ Hey, H. (১৯৯৪)। Human Rights in Developing Countries - Yearbook (Human Rights in Development Yearbook)। Springer। পৃষ্ঠা 331। আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধৰ্ষণ” প্ৰবন্ধৰ সংশোধন ৪১৮৫১৯ (১৯ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।