অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

আত্মহত্যা

আত্মহত্যা হৈছে ইচ্ছাকৃতভাৱে কৰা এটা কাৰ্য যাৰ পৰিণাম হৈছে নিজৰেই মৃত্যু। প্ৰায়েই নিৰাশাৰ বাবে আত্মহত্যা কৰা দেখা যায়। যেতিয়া কোনোলোকে আত্মহত্যা কৰে, তেতিয়া জনগণ প্ৰক্ৰিয়াকে আত্মহত্যা কৰিছে বুলি প্ৰচাৰ কৰে। চিকিৎসক সকলে আত্মহত্যাৰ চেষ্টাক মানসিক অৱসাদজনিত গুৰুতৰ উপসৰ্গ হিচাপে বিবেচনা কৰে।

হালনাগাদ: ১৩ জুলাই ২০২৬ ৩৯৯ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

আত্মহত্যা হৈছে ইচ্ছাকৃতভাৱে কৰা এটা কাৰ্য যাৰ পৰিণাম হৈছে নিজৰেই মৃত্যু। প্ৰায়েই নিৰাশাৰ বাবে আত্মহত্যা কৰা দেখা যায়। যেতিয়া কোনোলোকে আত্মহত্যা কৰে, তেতিয়া জনগণ প্ৰক্ৰিয়াকে আত্মহত্যা কৰিছে বুলি প্ৰচাৰ কৰে। চিকিৎসক সকলে আত্মহত্যাৰ চেষ্টাক মানসিক অৱসাদজনিত গুৰুতৰ উপসৰ্গ হিচাপে বিবেচনা কৰে। ইতিমধ্যে বিশ্বৰ বহু দেশত আত্মহত্যাৰ প্ৰচেষ্টাক এক ধৰণৰ অপৰাধৰূপে ঘোষণা কৰা হৈছে।১ অনেক ধৰ্মত আত্মহত্যাক পাপ হিচাপে বিবেচনা কৰা হয়।২৩৪৫ নিজেই নিজৰ জীৱন বিনাশ কৰাজন সমাজত আত্মঘাতক, আত্মঘাতী বা আত্মঘাতিকা, আত্মঘাতিনীৰূপে পৰিচিত হয়।

প্ৰতিবছৰে প্ৰায় দশ লাখ মানুহে আত্মহত্যা কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতি বছৰে সমগ্ৰ বিশ্বত যিকোনো কাৰণত মৃত্যু ঘটা লোকৰ মাজত আত্মহত্যা হৈছে ত্ৰয়োদশতম প্ৰধান কাৰণ।৬ কিশোৰ-কিশোৰী আৰু পঁয়ত্ৰিশ বছৰ বয়সতকৈ তলৰ লোক সকলৰ মৃত্যুৰ প্ৰধান কাৰণ হৈছে আত্মহত্যা।৭৮ নাৰীৰ তুলনাত পুৰুষৰ মাজত আত্মহত্যাৰ হাৰ বহু বেচি। পুৰুষৰ আত্মহত্যা কৰাৰ প্ৰৱণতা নাৰীৰ তুলনাত তিনিৰ পৰা চাৰি গুণ অধিক।৯

কেইজনমান পৰিচিত অথবা উল্লেখনীয় কৰ্ম কৰা ব্যক্তি যি আত্মহত্যা কৰিছিল

  • এডল্ফ হিটলাৰ Adolf Hitler (1945)
  • লাডুইগ বল্টজমান Ludwig Boltzmann (1906), পদাৰ্থ বিজ্ঞানী, (Austrian physicist, known for thermodynamics and atomic theory)
  • এডোইন আমষ্ট্ৰং Edwin Armstrong (1954), FM radio ৰ আৱিষ্কাৰক
  • এলান ট্যুৰিং Alan Turing (1954), শাস্ত্ৰীয় গন্ত্ৰ-বিজ্ঞানী
  • ৱালেছ কেৰথাৰছ Wallace Carothers (1937), নাইলন সূতাৰ আৱিষ্কাৰক
  • জৰ্জ ইষ্টমেন George Eastman (1932), ইষ্টমেন-কডাক ফটোগ্ৰাফী কোম্পানীৰ প্ৰতিষ্ঠাপক
  • ৰেনেঁই ফেভেলাৰ René Favaloro (2000), কৰণাৰী হাৰ্ট বাইপাছ চাৰ্জাৰীৰ আৱিষ্কাৰক Argentine cardiac surgeon (created technique for coronary bypass surgery), নিজৰেই বুকুত গুলি মাৰি আত্মহত্যা কৰিছিল
  • ফ্ৰেডৰিক ব্ৰাণ্ট Fredric Brandt (2015), চৰ্ম বিশেষজ্ঞ, ৰূপ-চৰ্চাত BOTOX ৰ ব্যৱহাৰৰ আৱিষ্কাৰক
  • ৰয় ৰেইমণ্ড Roy Raymond (1993), Victoria's Secret মহিলাৰ অন্তৰ্বাস চিলোৱা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক
  • আৰ্নেষ্ট হেমিংৱে Ernest Hemingway (1961), সাহিত্যিক
  • ভাৰ্জিনিয়া ওল্ফ Virginia Woolf (1941), সাহিত্যিক
  • ভিনচেণ্ট ভেন গ' Vincent van Gogh (1890)
  • মাৰ্ক এণ্টনী Mark Antony (30 BC), ৰোমান ৰাজনীতিবিদ
  • ক্লিউপেট্ৰা Cleopatra (30 BC), ইজিপ্তৰ ৰাণী
  • ৰবাৰ্ট ফিজৰয় Robert FitzRoy (1865), চাৰ্লছ ডাৰউইনৰ HMS Beagle জাহাজৰ কেপ্টেইন
  • ইভা ব্ৰাউন Eva Braun (1945), হিটলাৰৰ এগৰাকী পত্নী
  • ক্ৰিচ বিনইত Chris Benoit (2007),WWE ৰ মল্লযোদ্ধা
  • মেৰী কেই বাৰ্গমেন Mary Kay Bergman (1999), Snow white কাৰ্টুন চৰিত্ৰত মাত দিছিল
  • প'ল ভট্টাচাৰ্যী Paul Bhattacharjee (2013),জেমছ বণ্ড ছবি কেছিন ৰয়েলত অভিনয় কৰিছিল
  • মেৰিলিন মন্‌ৰ' Marilyn Monroe (1962), অভিনেত্ৰী
  • জন অ' ব্ৰেইন John O'Brien (1994), Leaving Las Vegas উপন্যাসৰ লিখক
  • এৰউইন ৰমেল Erwin Rommel (1944), Desert's Fox নামেৰে বেছি বিখ্যাত, নাজী সৈন্য বিষয়া
  • টনি স্কট Tony Scott (2012), Top Gun বোলছবিৰ নিৰ্দেশক

আত্মহত্যাৰ সংজ্ঞা

বিখ্যাত সমাজতত্ত্ববিদ ইমাইল ডুৰখেইমৰ মতে,-আত্মহত্যা এটা ব্যক্তিগত ক্ৰিয়া নহয়। ইয়াৰ কাৰক হৈছে এনে এটা শক্তি যি ব্যক্তিসত্তাতকৈ ওপৰত। তেওঁ ব্যাখ্যা কৰিছিল যে,সকলো প্ৰকাৰৰ আত্মহত্যাৰ মূল উৎস হৈছে ব্যক্তিজনে নিজে কৰা যোগাত্মক বা বিয়োগাত্মক কৰ্মৰ প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ,যি কৰ্মটোৰ সম্ভাব্য ফলাফলৰ বিষয়ে জানে।

তথ্যসূত্ৰ

  1. ↑ Laws - IPC - Section 309. vakilno1.com
  2. ↑ Suicide as seen in Islam. inter-islam.org
  3. ↑ Hinduism and suicide. hinduwebsite.com
  4. ↑ Euthanasia and Judaism: Jewish Views of Euthanasia and Suicide - ReligionFacts. religionfacts.com
  5. ↑ Vander Heeren, Achille. (1912). The Catholic Encyclopedia. Robert Appleton Company
  6. ↑ Bruce Gross, Forrensic Examiner, Summer, 2006
  7. ↑ CIS: UN Body Takes On Rising Suicide Rates – Radio Free Europe / Radio Liberty 2006
  8. ↑ O'Connor, Rory; Sheehy, Noel. (29 Jan 2000). Understanding suicidal behaviour. BPS Books. পৃ. 33–37. ISBN 978-1-85433-290-5
  9. ↑ Gelder et al, 2005 p169. Psychiatry 3rd Ed. Oxford: New York

সম্পৰ্কিত শ্ৰেণী

মানসিক ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আত্মহত্যা” প্ৰবন্ধৰ সংশোধন ৬১৬৯৩৬ (১৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।