দ্বিজেন্দ্ৰমোহন শৰ্মা ( ইংৰাজী ভাষা: Dwijendra Mohan Sharma জন্ম: ১০ অক্টোবৰ, ১৯৪৮ - মৃত্যু: ৬ মে' ২০০৬) হৈছে অসমীয়া আধুনিক গীতৰ এগৰাকী অতি জনপ্ৰিয় গীতিকাৰ। ষাঠিৰ দশকত আত্মপ্ৰকাশ কৰা তৰুণ প্ৰজন্মৰ গীতিকাৰসকলৰ ভিতৰত চিত্ৰ আৰু গীতিধৰ্মিতাৰে বহু মনোগ্ৰাহী গীত ৰচনা কৰা দ্বিজেন্দ্ৰমোহন শৰ্মাৰ গীতৰ আবেদনেই আছিল সুকীয়া। নৱম শ্ৰেণীত পঢ়ি থকা কালছোৱাতে তেখেত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিকাৰ ৰূপে স্বীকৃতি লাভ কৰে। তাৰ পাছৰ পৰা উভতি চাব লগা হোৱা নাই। আকাশবাণী গ্ৰামোফোন ৰেকৰ্ড, চলচ্চিত্ৰ, কেছেট, চিডিৰে পৰা সংগীতলৈকে অজস্ৰ যুগমীয়া গীত ৰচনা কৰে।১
শৈশৱ
দ্বিজেন্দ্ৰমোহন শৰ্মাৰ জন্ম হৈছিল ১৯৪৮ চনৰ ১০ অক্টোবৰ তাৰিখে ৰঙিয়াত। আনন্দমোহন শৰ্মা আৰু গিৰিজা বালা শৰ্মাৰ প্ৰথম সন্তান আছিল দ্বিজেন্দ্ৰ মোহন শৰ্মা। নৱম শ্ৰেণীত পঢ়ি থকা কালছোৱাতে তেখেত আকাশবাণীৰ গীতিকাৰৰ স্বীকৃতি লাভ কৰে।২
কৰ্মজীৱন
দ্বিজেন্দ্ৰমোহন শৰ্মাই গুৱাহাটী বিশ্ববিদ্যায়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি হিন্দুঃস্থান ফাৰ্টিলাইজাৰ কৰ্প'ৰেশ্যনৰ জনসম্পৰ্কৰক্ষী আৰু বিজ্ঞাপন বিষয়া হয়। তাতে তেওঁ আইন মহাবিদ্যালয়তো প্ৰবক্তা হৈছিল। লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰও আছিল।
ব্যক্তিগত জীৱন
১৯৭৬ চনত তেওঁ ভাৰতীয় সংগীতশিল্পী তথা গায়িকা বিউটি শৰ্মা বৰুৱা ৰ লগত বিবাহপাশত আবদ্ধ হয়। বিউটি শৰ্মা বৰুৱায়ে বৰ্তমানলৈ দ্বিজেন্দ্ৰ মোহন শৰ্মায়ে লিখা প্ৰায় ৩০০ গীত গাইছে।
মৃত্যু
২০০৬ চনৰ ৬ মে' তাৰিখে দ্বিজেন্দ্ৰমোহন শৰ্মাৰ মৃত্যু হয়।
সংগীত জগতলৈ অৱদান
গীতৰ সংকলন
- মোৰ গীত
- অন্তৰংগ জোনাক
দ্বিজেন্দ্ৰমোহন শৰ্মাৰ দ্বাৰা ৰচিত গীতসমূহ হৈছেঃ
- মাহ হালধিৰে নোৱালে ধুৱালে ( শিল্পী: বিউটি শৰ্মা বৰুৱা)১
- পৰিচয়বিহীন ( শিল্পী: জে.পি. দাস, জিণ্টি দাস|জে.পি. দাস, জিণ্টি দাস)
- অ' সৰু ভনিটী ( শিল্পী: ৰিদিপ দত্ত)*''
- জিলমিল জোন জ্বলে কপালত ( শিল্পী: চাৰু গোহাঁই)
- ফুল ফুলক ৰ'দৰে ফুল (শিল্পী: বৈকুণ্ঠ গগৈ, জুবিন গাৰ্গ)
- ৰহেদৈ ঐ নিৰ্মলা নদীৰে ঘাট ( শিল্পী: বীণা ভাগবতী)
- দুনীয়া আমাৰ মস্তানা ( শিল্পী: খগেন মহন্ত)
- মধু জোন জলিছে ( শিল্পী: দিলীপ চৌধুৰী)
- মোৰ স্বপ্ন মৌ প্ৰেমত নন্ক্ৰেম্ ( শিল্পী: মিনতি চৌধুৰী)
- টোপাটোপে কপালৰ ঘাম যদি নসবে-(সমবেত) ( শিল্পী: পাহৰী দাস)
- নীল নীল পাহাৰ জুৰিটি ( শিল্পী-অঞ্জু দেৱী)
কণ্ঠদান কৰা শিল্পী
তেওঁৰ গীতত বৈকুণ্ঠ গগৈ, বিউটি শৰ্মা বৰুৱা, পাহাৰী দাস, খগেন মহন্ত, সুদক্ষিণা শৰ্মা, ভূপেন হাজৰিকা, দিলীপ চৌধুৰী, চাৰু গোহাঁই, ৰিদিপ দত্ত আদিৰ উপৰি ৰুবি সিন্থা, জুবিন গাৰ্গ, চাৰু গোহাঁই, জয়ন্ত হাজৰিকা, জ্যোতি প্ৰকাশ দাস আদি ভালেসংখ্যক শিল্পীয়ে কণ্ঠদান কৰিছে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্বিজেন্দ্ৰমোহন শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫২৬৭৯৮ (২৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।