অসমীয়া কবিতাপুথি
১০ প্ৰবন্ধ
-
অলকানন্দা
অলকানন্দা (Alakananda) হৈছে অসমীয়া কবি-সাহিত্যিক নলিনীবালা দেৱীৰ এখনি কাব্যগ্ৰন্থ। ১৯৬৭ চনত প্ৰকাশিত এই কাব্যগ্ৰন্থৰ বাবে নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
-
অকলে আছোঁ কুশলে আছোঁ
অকলে আছোঁ কুশলে আছোঁ (akale aso kushale aso) অসমীয়া ভাষাৰ এখন কাব্যগ্ৰন্থ। এই সংকলনখনৰ কবি মৃদুল হালৈ। এই কবিতা পুথিখনে ২০১৩ চনত মুনীন বৰকটকী বঁটা আৰু ২০১৫ চনৰ সাহিত্য অকাডেমী বঁটা যুৱ পুৰস্কাৰ লাভ কৰে। এই কবিতা পুথিখনত কবিগৰাকীৰ মুঠ ৩০টা কবিতা অন্তৰ্ভুক্ত কৰা হৈছে।
-
বনফুল
বনফুল হৈছে কবি আৰু সু-সাহিত্যিক যতীন্দ্ৰ নাথ দুৱৰাৰ চতুৰ্থখন কবিতাপুথি। অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত এইখন প্ৰথম গ্ৰন্থ। কলিকতাত প্ৰবাসী হৈ থকা কালত যতীন্দ্ৰ নাথ দুৱৰাই বনফুল কবিতাপুথিখনৰ ৰচনা কৰে। ১৯৫২ চনত প্ৰকাশিত কবিতাপুথিখনত মুঠ ৫০টা কবিতা আছে।
-
বলধাৰোহী
বলধাৰোহী (ইংৰাজী: Baladharohi) (২০২১) প্ৰকল্প ৰঞ্জন ভাগৱতীৰ একমাত্ৰ অসমীয়া কবিতা-সংকলন। ২০২১ চনৰ জানুৱাৰী মাহত অসম পাবলিচিং কোম্পানীয়ে সংকলনটি প্ৰকাশ কৰে।
-
অৰণ্যৰ গান (কাব্য সংকলন)
অৰণ্যৰ গান নীলমনি ফুকনে অসমীয়া ভাষালৈ অনুবাদ কৰা এলানি কবিতাৰ সংকলন। এই কবিতাসমূহ মূলতঃ ছত্তিশগড়ী, ৱাঞ্চু, চাঁওতাল, মিচিং, মুণ্ডা, কাৰ্বি, গাৰো, কুকি, বড়ো, আঙ্গামী, পৰাজা, কন্যাক আদি বিভিন্ন জনজাতীয় আৰু আদিবাসী ভাষাৰ।
-
আন এজন
আন এজন (Aan ejon) হৈছে অসমৰ সাহিত্যিক, কবি, সমালোচক হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত কেইটিমান কবিতাৰ সংকলন। ১৯৮৭ চনত এই কাব্য গ্ৰন্থখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
দলিপুৰাণ
দলিপুৰাণ বা পাথৰিঘাটৰ ৰণ (Doli Puran) কবি নৰোত্তম ৰচিত এটা ঐতিহাসিক বেলাড। ইয়াত ১৮৯৪ চনত দৰং জিলাত সংঘটিত হোৱা পথৰুঘাটৰ ৰণৰ ঘটনাৱলী বিবৃত হৈছে, য’ত ব্ৰিটিছ আৰক্ষীৰ হাতত শতাধিক কৃষকৰ মৃত্যু হৈছিল। অনাখৰী কবি নৰোত্তমে সমস্ত ঘটনাৱলী পদ্যৰ ৰূপত মুখেমুখে ৰচনা কৰিছিল।
-
প্ৰতিমা (কাব্য গ্ৰন্থ)
প্ৰতিমা (Pratima) হৈছে অসমৰ কবি, সাহিত্যিক আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য চন্দ্ৰকুমাৰ আগৰৱালাৰ এখন কাব্য গ্ৰন্থ। সংকলনটি ১৯১৩ চনত প্ৰকাশিত হৈছিল। সংকলনটিত সন্নিৱিষ্ট হোৱা প্ৰায়বোৰ কবিতাই জোনাকী আলোচনীত পূৰ্বতে প্ৰকাশিত হৈছিল।
-
বেদনাৰ উল্কা
বেদনাৰ উল্কা হৈছে বিশিষ্ট অসমীয়া কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতা সংকলন। এই গ্ৰন্থখন প্ৰথমবাৰৰ বাবে ১৯৬৪ চনত প্ৰকাশ পাইছিল।
-
সুদীৰ্ঘ দিন আৰু ঋতু
সুদীৰ্ঘ দিন আৰু ঋতু হৈছে ড° নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা সংকলন, যাৰ বাবে তেওঁ ১৯৮৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।