অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

পথৰুঘাটৰ ৰণ

পথৰুঘাটৰ ৰণ বা পাথৌঘাটৰ ধেৱা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ বিৰুদ্ধে ভাৰতত ঘটা এক ঐতিহাসিক কৃষক বিদ্ৰোহ। ১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে অসমৰ দৰং জিলাৰ মঙ্গলদৈ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পশ্চিমত অৱস্থিত পথৰুঘাট নামে ঠাইত স্থানীয় খেতিয়ক সকলে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰোঁতে ব্ৰিটিছ পক্ষই…

হালনাগাদ: ২৩ ফেব্ৰুৱাৰী ২০২৬ ৩২৯ শব্দ · ২ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

পথৰুঘাটৰ ৰণ বা পাথৌঘাটৰ ধেৱা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ বিৰুদ্ধে ভাৰতত ঘটা এক ঐতিহাসিক কৃষক বিদ্ৰোহ। ১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে অসমৰ দৰং জিলাৰ মঙলদৈ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পশ্চিমত অৱস্থিত পাথৰিঘাট নামে ঠাইত স্থানীয় খেতিয়ক সকলে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰোঁতে ব্ৰিটিছ পক্ষই প্ৰতিবাদকাৰী কৃষকসকলৰ ওপৰত গুলিচালনা কৰে। পথৰুঘাটত সংঘটিত হোৱা এই বিদ্ৰোহকে পথৰুঘাটৰ ৰণ বুলি কোৱা হয়।

পশ্চাদপট

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ব্ৰিটিছ আৰু মানৰজাৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধিৰ চুক্তিমতে অসম, আৰাকাণ আৰু আভা ব্ৰিটিছ শাসনৰ অধীনলৈ যায়। ১৮৩৩ চনত মঙলদৈক সদৰ হিচাবে দৰং জিলা গঠন কৰা হয়। ডফলা আক্ৰমণ প্ৰতিহত কৰাৰ সুবিধাৰ্থে, বানপানী আদি কাৰনত ১৮৩৫ চনত দৰঙৰ সদৰ তেজপুৰলৈ স্থানান্তৰিত কৰা হয়।১

ব্ৰিটিছ চৰকাৰে ১৮৩২-৩৩ চনত দৰঙত নাঙলে প্ৰতি ৩ টকাকৈ খাজনা ধৰি প্ৰজাৰপৰা মুঠ ৪১,৫০৬ টকা খাজনা উঠাইছিল। ১৮৪২-৪৩ চনত মাটি পিয়ল কৰি বস্তি (ঘৰ-বাৰী কৰাৰ উপযুক্ত), ৰুপিত (দ আৰু খেতিৰ উপযোগী) আৰু ফৰিঙতী (বাম খেতিৰ উপযুক্ত) - এই তিনি ভাগ কৰি খাজনা বঢ়ালে। এই হিচাপত ১৮৪২-৪৩ চনত ১,৩৫,৪৫৮, ১৮৫২-৫৩ চনত ১,৫৭,৭৫৯ আৰু ১৮৬২-৬৩ চনত ৭,৪৩,৪৮৯ টকা খাজনা উঠায়। ১৮৯২-৯৩ চনত পুনৰ মাটি পিয়ল কৰি ৫ টকাৰ হাৰত খাজনা বৃদ্ধি কৰা হয়।ইয়াক অসমৰ জালিৱনাৱা বাঘ বুলিও আখ্যা দিয়া হয় ২

এনে ধৰণৰ খাজনাৰ ফলত ৰাইজ জুৰুলা আৰু অতিষ্ঠ হৈ পৰি পথৰুঘাটত ৰাইজমেল পাতি ব্ৰিটিছৰ খাজনা নিদিবলৈ সিদ্ধান্ত লয়। লগতে ব্ৰিটিছকো সঁকিয়নি দিয়ে যে খাজনা কম নকৰিলে ৰাইজে বিদ্ৰোহৰ পথ ল'বলৈ বাধ্য হ'ব।

সমসাময়িক অন্যান্য কৃষক বিদ্ৰোহসমূহ

মূল প্ৰবন্ধ: ফুলগুৰি ধেৱা

ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ প্ৰথম কৃষক বিদ্ৰোহ সংঘটিত হৈছিল নগাঁও জিলাৰ ফুলগুৰি নামে স্থানত, ১৮৬১ চনত। ফুলগুৰি ধেৱা নামে জনাজাত এই বিদ্ৰোহক কেৱল অসমৰে নহয়, ভাৰতৰে প্ৰথম আছিল।২ সেই সময়ত ফুলগুৰি অঞ্চলত কানি খেতি কৰা হেছিল। ব্ৰিটিছ চৰকাৰে স্বাধীনভাৱে কানি খেতি কৰা বন্ধ কৰি তোলাত চাৰি অনাকৈ ব্ৰিটিছ কানি বিক্ৰী কৰা আৰম্ভ কৰিলে। এই আইনৰ প্ৰতিবাদতে 'ফুলগুৰি ধেৱা' সংঘটিত হৈছিল।

ইয়াৰ পাচত ১৮৬৯ চনত বজালীত, ১৮৯৪ চনৰ ১০ জানুৱাৰীত ৰঙিয়াত, পাচলৈ কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ লচিমা, হাজো আদিৰ উপৰিও নলবাৰী, পাতিদৰং, টিহু, বৰভাগ আদিলৈও বিয়পে।

ইয়াক অসমৰ জালিৱনাৱা বাঘ বুলিও আখ্যা দিয়া হয় ১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ ঘটনাৱলী

১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ দিনাখন পথৰুঘাটত ৰাইজমেল বহিল। পথৰুঘাট অঞ্চলৰ গাঁওবোৰৰ পৰা বহুত হাজাৰ ৰাইজ আহি তহচিলদাৰৰ বাংলোৰ আগত সমৱেত হৈ "হৰি বোল", "আল্লাহু আকবৰ" আদি ধ্বনি দি ব্ৰিটিছৰ আগত প্ৰতিবাদ আৰম্ভ কৰি খাজনা কমাবলৈ দাবী উত্থাপন কৰিলে। তহচিলদাৰৰ ৰিপ'ৰ্টমৰ্মে দৰং জিলাৰ জিলাধিপতি মি. এণ্ডাৰচন, আৰক্ষী অধীক্ষক (J.R. Berington) আৰু মঙলদৈৰ মহকুমাধিপতি মি. ৰেমিংটনো সশস্ত্ৰ বাহিনীসহ তাত উপস্থিত হ'ল আৰু খাজনা কমাই দিয়া নহ’ব বুলি দৃঢ় অৱস্থান গ্ৰহণ কৰে। ৰাইজ উত্তেজিত হৈ পৰে আৰু দুইপক্ষৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। ক্ৰমশঃ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে আৰু চৰকাৰী বাহিনীয়ে বেৰিংটনৰ আদেশমৰ্মে৩ মানুহৰ ওপৰত গুলীচালনা কৰে। ৰাইজে দলি-চপৰা, লাঠি-ফৰ্মুতি আদিৰে প্ৰত্যুত্তৰ দিয়ে যদিও তিষ্ঠিব নোৱাৰিলে। হিন্দু-মুছলমান নিৰ্বিশেষে থিতাতে ১৪০ জন নিহত আৰু প্ৰায় ১৫০ জন প্ৰজা আহত হল। চৰকাৰী হিচাপ মতে ১৫ জন নিহত আৰু ৩৭ জন আহত বুলি প্ৰকাশিত হয়।৪

পথৰুঘাটৰ স্মৃতি, প্ৰকাশন আদি

১৯৮৭ চনৰ ২৮ জানুৱাৰী তাৰিখটো সদৌ অসম ছাত্ৰ সন্থাই কৃষক ছহিদ দিৱস হিচাবে পালন কৰি আহিছে। ২০০০ চনৰপৰা ২৯ জানুৱাৰী তাৰিখটোত ভাৰতীয় সেনাই পথৰুঘাটৰ ৰণৰ ছহীদ সকললৈ সামৰিক সন্মান জনাই আহিছে। ভাৰতীয় সেনাই পথৰুঘাটৰ ছহীদৰ সন্মানাৰ্থে এটা 'ছহীদ স্তম্ভ'ও স্থাপন কৰিছে।৩

তথ্যসূত্ৰ

  1. ↑ কমলাকান্ত ডেকা. ইতিহাসে গৰকা পথৰুঘাট. পৃ. ২৯
  2. ↑ দীপক কাকতি. (2012). অসমৰ কৃষক বিদ্ৰোহৰ জ্বলন্ত স্বাক্ষৰ - পথৰুঘাটৰ ৰণ. প্ৰান্তিক. প্ৰদীপ বৰুৱা
  3. ↑ Patharughat to pay tribute to martyrs of freedom struggle; আহৰণ কৰা তাৰিখ: ৩০ জানুৱাৰী, ২০১২
  4. ↑ Allen, B C. (1905). Assam District Gazette. Assam District Gazette

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পথৰুঘাটৰ ৰণ” প্ৰবন্ধৰ সংশোধন ৫৮০৮৪৯ (২৩ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।